✍️ ভূমিকা কন্দেৰ, (দ্বাদশ শ্ৰেণী)
অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়
চাবুৱা।
গছৰ সকলো অংগ যে একে নহয়,
সেইয়া সৰি পৰা ফুলে দেখুৱাই দিয়ে;
লগত থকা সকলো মানুহ যে আপোন নহয়,
সেইয়া সময়ে শিকাই দিয়ে।
জিলিকি থকা সকলো বস্তু হীৰা নহয়,
সেইয়া এন্ধাৰতে ওলাই পৰে;
লগত থকা সকলো ব্যক্তি যে নিস্বাৰ্থ নহয়,
সেইয়া বিপদতে মনত পৰে।
মাতৃ অবিহনে জননী নহয়,
সেইয়া কৃষ্ণ লীলাই দেখুৱাই দিয়ে;
পিতৃ অবিহনে শূণ্যতাও অসম্ভৱ,
সেইয়া পঞ্চপাণ্ডৱৰ জীৱনীয়ে প্ৰমাণিত কৰে।
তেজৰ সম্পৰ্ক নথকাকৈও যে অন্তৰ মিলে,
সেইয়া যশোদা মাতৃয়ে দেখুৱাই দিয়ে,
একোজন ব্যক্তিয়েও যে ঈশ্বৰৰ ৰূপ লব পাৰে,
সেইয়া সত্যতা , নম্ৰতা গুণে প্ৰমাণিত কৰে।
(আপোনাৰ কবিতাবোৰো ইয়াত প্ৰকাশ কৰিবলৈ পালে আমি অত্যন্ত সুখী হ'ম। আমাৰ whatsapp নম্বৰ 7637961778 ত পঠিয়াই দিয়ে যেন।)

4 Comments
সুন্দৰ উপস্থাপন। কবিতাটোৰ প্ৰতিটো শাৰী অৰ্থপূৰ্ণ।👍
ReplyDeleteবৰ সুন্দৰ হৈছে
ReplyDeleteধন্যবাদ 🙏আপোনালোকৰ উৎসাই মোৰ লেখনী আগবঢ়াই লৈ যাম বুলি আশা ৰাখিলোঁ।
Deleteধন্যবাদ 🙏আপোনালোকৰ উৎসাই মোৰ লেখনী আগবঢ়াই লৈ যাম বুলি আশা ৰাখিলোঁ।
DeleteSend Your Questions And Queries Here