ভাব বিষয়ক:
পৃষ্ঠা সংখ্যা ৬
শব্দাৰ্থ আৰু টোকা:
আচমান : আকাশ।
আদম : আদি মানৱ, আল্লাৰ সৃষ্ট প্ৰথম
মানুহ।
কুটুব : ধ্ৰুৱ নক্ষত্ৰ।
তিৰবেণী : ত্ৰিবেণী। গংগা, যমুনা আৰু
সৰস্বতীৰ স্থল, পৱিত্ৰ ঠাই।
দৰিয়া : সাগৰ, নদী।
বেহাব : বেপাৰ কৰিব।
মোমিন : বিশ্বাসী, মুছলমান।
ৰচুল : দেৱদূত, ঈশ্বৰ প্ৰেৰিত পুৰুষ,
আল্লাৰ দূত।
ৰহম : দয়া।
বান্দা : ভৃত্য।
সঞ্চাৰ : তলা; সঁচাৰ।
১। চমু উত্তৰ দিয়া:
(ক) জিকিৰৰ ৰচক কোন?
উত্তৰ : জিকিৰৰ ৰচক আজান ফকিৰ।
(খ) জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব
পাৰি?
উত্তৰ : জিকিৰবোৰক হিন্দুৰ ভক্তিমূলক প্ৰাৰ্থনা
বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি।
(গ) 'জিকিৰ' শব্দটো কি শব্দৰ পৰা
ওলাইছে?
উত্তৰ : 'জিকিৰ' শব্দটো "জিকৰ" শব্দৰ পৰা
ওলাইছে।
২। তলৰ শব্দবোৰৰ অৰ্থ লিখা :
ৰছুল : দেৱদূত, ঈশ্বৰ প্ৰেৰিত পুৰুষ, আল্লাৰ
দূত।
মোমিন : বিশ্বাসী মুছলমান।
ৰহম : দয়া।
কুটুব : ধ্ৰুৱ নক্ষত্ৰ।
বান্দা : ভৃত্য।
৩। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।
যেনে শালে শ'লৰ লগত দৰিকাৰ টপালি।।
---- ওপৰত উল্লেখ কৰা কথাখিনিৰ
অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা।
উত্তৰ : মক্কা ইছলামধৰ্মী লোক সকলৰ বাবে এক অতি পবিত্ৰ স্থলী। মক্কাৰ সৈতে হজৰত মহম্মদৰ স্মৃতি জড়িত হৈ আছে। পবিত্ৰ হৃদয়ৰ গৰাকীসকল তালৈ যায় আৰু জীৱনটো সফল কৰি তুলে। আনহাতে, অপবিত্ৰ আৰু অসৎ লোকসকলৰ মনোবাঞ্ছা কিন্তু পূৰ নহয়। সেই লোকসকল দুৱাৰত থিয় হৈ কেৱল "তালি" মাৰি থাকিবহে পাৰে। তাৰ মৰ্মাথ বুজাবৰ বাবে আজান ফকিৰে শাল-শল মাছ আৰু দৰিকণাৰ কথা উল্লেখ কৰিছে। ভটিয়নিৰ সময়ত শাল-শলৰ মাছৰ লগত দৰিকণা মাছেও ভটিয়াই যায়। কিন্তু সোঁতৰ গতিত দৰিকণা বহুদূৰ আগুৱাই যাব নোৱাৰে। অপবিত্ৰ হৃদয়ৰ গৰাকীৰ অৱস্থা সেই দৰিকণাৰ দৰে দুৱাৰলৈকে ভটিয়াই যায়। কিন্তু দুৱাৰত প্ৰৱেশ কৰিব নোৱাৰে।
৪। ব্যাখ্যা কৰা:
(ক) পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত।
খোদা ৰছুল লুকাই আছে, মোমিনৰ
আঁৰত।।
উত্তৰ : উৰ্দ্ধত কবিতাফাকি আমাৰ পাঠ্যপুথি
"অসমীয়া সাহিত্য চয়নিকা"ৰ অন্তৰ্গত আজান
ফকীৰৰ দ্বাৰাই ৰচিত পদ্য "জিকিৰ"ৰ পৰা
লোৱা হৈছে।
কবিয়ে উক্ত অংশটিৰ দ্বাৰাই সংসাৰত
প্ৰকৃততে কোনটো শুদ্ধ বা কোনটো অশুদ্ধ
জানিব নিবিচৰাতো বা নজনাৰ বাবে মানুহে
কেনেদৰে সমস্যাত ভুগে তাৰ বিষয়ে ক'ব
বিচাৰিছে।
পানীয়ে তাৰ পিয়াহ পলোৱা গুণৰ
কথাটো নাজানে। সেইদৰে জুইয়ে জাৰ
আতঁৰাই উত্তাপ কঢ়িয়াই অনা শক্তিৰ কথা
নাজানে। এই দুটা কথা মানুহৰ ক্ষেত্ৰতো
প্ৰযোজ্য। ভগৱান বা আল্লা বিশ্বাসী
লোকসকলৰ অন্তৰত সততে বিৰাজমান হৈ
থাকে। নিজৰ অন্তৰত আল্লা বা ঈশ্বৰ থকা
স্বত্বেও মানুহে এই কথা বুজি পাব নোৱাৰে।
তেওঁ ঈশ্বৰক মছজিদ মন্দিৰ আদি বাহিৰা
স্থানত বিচাৰি ফুৰে। আল্লাৰ কৰুণা লাভ
কৰাটো একেবাৰে সহজ। কিন্তু সংসাৰৰ ভোগ
বিলাসত নিমজ্জিত মানুহে এই সহজ পথটো
জটিল কৰি তোলে। সৎ চিন্তা, সৎ পথ আৰু
শুদ্ধ কায়-মনোবাক্যে অতিবাহিত নকৰাত
মানুহৰ মানত ঈশ্বৰক পোৱাটো দুৰূঢ় হৈ পৰে।
ফলত তাৰ অৱস্থা পানীৰ মাজত থাকিও
পিয়াহত কটোৱাৰ নিচিনা, জুইৰ কাষত
থাকিও ঠেটুৱৈ জাৰত কঁপি কঁপি মৰাৰ দৰে।
(খ) মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট।
বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।
উত্তৰ : উৰ্দ্ধত কবিতাফাকি আমাৰ পাঠ্যপুথি
"অসমীয়া সাহিত্য চয়নিকা"ৰ অন্তৰ্গত আজান
ফকীৰৰ দ্বাৰাই ৰচিত পদ্য "জিকিৰ"ৰ পৰা
লোৱা হৈছে।
কবিয়ে উক্ত অংশটিৰ দ্বাৰাই সংসাৰৰ
মায়াই আল্লা আৰু মানুহৰ মাজত কিদৰে এটা
গভীৰ গাঁতৰ সৃষ্টি কৰিছে এই কথাটোকে
অৱতাৰণা কৰিব বিচাৰিছে।
গংগা যমুনা আৰু সৰস্বতী - এই
তিনিখন নদী হিন্দুসকলৰ বাবে পবিত্ৰ স্থলী।
জীৱনত এবাৰ হ'লেও হিন্দু ধৰ্মাৱলম্বী লোক
সকলে এই পবিত্ৰ স্থলী ভ্ৰমণ কৰিব বিচাৰে
সেইদৰে, মক্কাও ইছলাম ধৰ্মী লোকসকলৰ
বাবে এটা পবিত্ৰ স্থলী। তেওঁলোক মক্কালৈ গৈ
নিজৰ পাপৰ প্ৰায়শ্চিতৰ বাবে একান্ত মিনতি
যাচিব বিচাৰে। কিন্তু ক্ষণস্থায়ী মায়াময়
সংসাৰত মায়া মোহত আৱদ্ধ হৈ লোকসকল
এই সৌভাগ্যৰ পৰা বঞ্চিত হয়। ভক্তিৰ তুলনাত
পাপৰ অত্যধিক প্ৰভাৱে ভক্তিৰ পথৰ পৰা
তেওঁক আঁতৰাই আনে। ইচ্ছা স্বত্বেও আল্লাৰ
সান্নিধ্যৰ পৰা বঞ্চিত হয়। দূৰ্ভাগ্যবশত মুক্তিৰ
দুৱাৰডলি গচকিও মুক্তিৰ পৰা বঞ্চিত হয়
এইচাম।
(গ) সজাৰ মইনাটিৰ অনেক যুগুতি।
দেও মাৰি পাৰ হ'লে এৰিলে পীৰিতি।।
উত্তৰ : উৰ্দ্ধত কবিতাফাকি আমাৰ পাঠ্যপুথি
"অসমীয়া সাহিত্য চয়নিকা"ৰ অন্তৰ্গত আজান
ফকীৰৰ দ্বাৰাই ৰচিত পদ্য "জিকিৰ"ৰ পৰা
লোৱা হৈছে।
উক্ত অংশটিৰ দ্বাৰাই কবিয়ে সজাত
মইনাৰ বিচৰণৰ দৰে দেহৰূপী সজাত
আত্মাৰো যে বিচৰণ আৰু তাৰ নিগূঢ় তত্ত্ব
খিনি বুজাব বিচাৰিছে।
মানুহৰ দেহত অন্তৰ্নিহিত হৈ থাকে
অবিনশ্বৰ আত্মা। সনাতন আত্মাই সজাত
আৱদ্ধ মইনা চৰাইৰ দৰে দেহৰূপী সজাত
বিচৰণ কৰে। সজাত মইনা চৰাইয়ে নানান
ধৰণৰ সুললিত সুৰ অনুকৰণ কৰি গৃহস্থক
সন্তুষ্ট কৰিব বিচাৰে। সেইদৰে আত্মাও
দেহৰূপী সজাত বিভিন্ন ধৰণে বিচৰণ কৰি
মানুহক সুখ দিয়াৰ প্ৰয়াস কৰে। মইনা বিহীন
সজা যিদৰে নিৰৰ্থক। আত্মা বিহীন শৰীৰৰো
কোনো অস্তিত্ব নাথাকে। চিৰন্তন সত্যটো হৈছে
-- দেহৰ সৈতে আত্মাৰ সম্পৰ্ক ক্ষণস্থায়ী
সময়ত আত্মাই দেহ বিসৰ্জন কৰে। কৰ্ম বন্ধনৰ
পৰা মুক্ত হৈ জীৰ্ণ বস্ত্ৰৰ দৰে মানুহৰ দেহক
চিৰদিনৰ বাবে আত্মাই এৰি থৈ যায়।
ভাষা বিষয়ক :
১। সমাৰ্থক শব্দ এটাকৈ লিখা।
চিন্তো : চিন্তা কৰোঁ।
ঘাট : নৈ বা সাগৰৰ পাৰ।
পীৰিতি : প্ৰেম।
আচমান: আকাশ।

3 Comments
Nice post sir
ReplyDeleteGlad to know you have been benefited by this post.Share the website with your classmates. Thanks.
ReplyDeleteবহুত সহায়ক post sir, thank you so much.
ReplyDeleteSend Your Questions And Queries Here