✍️ ভূমিকা কন্দেৰ, (দ্বাদশ শ্ৰেণী)
অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়
চাবুৱা।
নহ'লহেঁতেন কোনো বেদনা,
তেওঁ আমাৰ মাজত থাকিলে হৈ,
আজি এই মূল্যবান সম্পদ
হেৰাই নগলহেঁতেন
তেওঁ যদি থাকিল হেঁতেন,
পক্ষীটিও উৰি যাব বুলি
ভবা নাছিলোঁ, শুনিছে নে এই গান,
সঁচাকৈ সোণৰ চেকুৰাতি
সঁচাকৈ হেৰাই গল।।
যাৰ সুৰে কঁপাই তোলে
আকাশ, বায়ু, পানী,
কাৰ নো সাহস তেওঁক
আঘাত কৰিব বুলি,
বিদেশৰ সমুদ্ৰৰ গভীৰতা
যেন তেওঁৰ সৰলতাক বুজি নাপালে।।
তেওঁৰ আশা আছিল,
তেওঁৰ মৃতদেহ যেন
ব্ৰহ্মপুত্ৰত উটি যায়,
যদি তেওঁ নিজ মাতৃভূমিত শুলে হৈ
তেওঁক আমাৰ মাজত ওভোতাই আনিলে হৈ।।
সঘনাই হৈ থকা বান পানী
দেশখন যেন আজি
কেৱল ভূমিকম্পৰ দৰে কঁপি উঠিছে,
অসমৰ সমগ্ৰ ৰাইজে যেন
বেদনাৰ হিয়া লৈ থমকি ৰৈছে।।
ৰূপহী অসমখন আজি
উদাসীন হৈ পৰিছে,
অসমৰ বাপোতি সাহোন
চিৰ দিনৰ বিদায় লৈ গুচি গ'ল।।
তেওঁ নিজ গানৰ মাজতেই যেন
নিজ ভৱিষ্যতক উদঙাই ধৰিছে।।
ভাবিলেও ভাগৰো পাহৰিব নোৱাৰোঁ,
সঁচাকৈ এইয়া যেন সপোন যেন লাগিছে।।
বাস্তৱক আদৰি লৈ
সমগ্ৰ ৰাইজে তেওঁক
শ্ৰদ্ধাঞ্জলি জনাইছে,
আঁতৰি যোৱা নাই,
আপুনি মাজৰ পৰা
কেৱল হেৰাই হে গৈছে।।
আপোনাৰ গানৰ সুৰে যেন
অসমীয়াৰ প্ৰাণ প্ৰতিটো মূহুৰ্তত জীয়াই তুলিছে,
সদায় থাকিব আমাৰ মাজত
অমৰ হৈ চিৰদিন চিৰস্মৰণীয় হৈ।।

0 Comments
Send Your Questions And Queries Here