১/ শুদ্ধ উত্তৰ নিৰ্ণয় কৰি কাষৰ বন্ধনীৰ ভিতৰত লিখা।
(ক) ভাষাৰ মূল উপাদান হ'ল
(i) ধ্বনি (ii) বাক্য
উত্তৰ: (i) ধ্বনি
(খ) ধ্বনিক লিখিত ৰূপ দিয়া হয়
(i) সাংকেতিক চিনৰ দ্বাৰা (ii) শব্দৰ দ্বাৰা
উত্তৰ: (i) সাংকেতিক চিনৰ দ্বাৰা
(গ) বর্ণ বা আখৰ হ'ল
(i) শব্দৰ লিখিত ৰূপ
(ii) ধ্বনিৰ লিখিত ৰূপ
উত্তৰ: (ii) ধ্বনিৰ লিখিত ৰূপ
(ঘ) স্বৰবৰ্ণ মুঠতে
(i) ৯ টা (ii) ১১টা (iii) ১৩ টা
উত্তৰ: (ii) ১১টা
(ঙ) হ্রস্ব স্বৰবৰ্ণ মুঠতে
(i) ২টা (ii) ৩টা (iii) ৪ টা
উত্তৰ: (iii) ৪ টা
২/ সুত্র লিখাঃ-
(ক) স্বৰবৰ্ণ : যি বৰ্ণই আন কোনো বৰ্ণৰ সহায় নোলোৱাকৈ নিজে নিজে উচ্চাৰিত হয় তাক স্বৰবৰ্ণ বোলে। অসমীয়া ভাষাত স্বৰবৰ্ণ মুঠতে ১১ টা।
(খ) ব্যঞ্জনবর্ণ : যিবোৰ ধ্বনি বা বৰ্ণ স্বৰবৰ্ণৰ সহায় নালোৱাকৈ নিজে নিজে উচ্চাৰিত হ'ব নোৱাৰে, সেই বৰ্ণসমূহক ব্যঞ্জনবর্ণ বোলে।
যেনেঃ- ক, খ, গ, ঘ ইত্যাদি।
(গ) দীর্ঘ স্বৰবৰ্ণ : যি স্বৰবৰ্ণ উচ্চাৰণ কৰোঁতে বেছি সময় লাগে তাক দীর্ঘ স্বৰবৰ্ণ বোলে।
যেনেঃ-আ, ঈ, উ, এ, ঐ, ও, আৰু ঔ।
(ঘ) হ্রস্ব স্বৰবৰ্ণ : যি স্বৰবৰ্ণ উচ্চাৰণ কৰোঁতে কম সময় লাগে তাক হ্রস্ব স্বৰবৰ্ণ বোলে। হ্রস্ব স্বৰবৰ্ণ মুঠতে চাৰিটা।
যেনেঃ-অ, ই, উ, আৰু ঋ।
৩/ ব্যঞ্জনবর্ণ কাক বোলে? অসমীয়া ভাষাত ব্যঞ্জনবর্ণ কেইটা?
উত্তৰ: যিবোৰ ধ্বনি বা বৰ্ণ স্বৰবৰ্ণৰ সহায় নালোৱাকৈ নিজে নিজে উচ্চাৰিত হ'ব নোৱাৰে, সেই বৰ্ণসমূহক ব্যঞ্জনবর্ণ বোলে।
যেনেঃ- ক, খ, গ, ঘ ইত্যাদি।
৪/ উপযুক্ত শব্দৰে তলৰ বাক্যবোৰৰ খালী ঠাই পূৰোৱা-
(ক) দীর্ঘ স্বৰবৰ্ণ মুঠতে _____।
উত্তৰ: সাতটা
(খ) 'ঐ' আৰু 'ঔ' ক ______ বোলে।
উত্তৰ: দ্বিস্বৰবৰ্ণ
(গ) 'অ' আৰু 'উ'ৰ সংযোগত ______ৰ সৃষ্টি হৈছে।
উত্তৰ: ঔ
(ঘ) 'শ', 'ষ', 'স', 'হ'ক _______ বোলে।
উত্তৰ: উষ্ম বৰ্ণ
(ঙ) স্পর্শ বৰ্ণ আৰু উষ্ম বৰ্ণৰ মাজত ______ বৰ্ণৰ স্থান।
উত্তৰ: অন্তঃস্থ
৫/ স্পর্শ বর্ণ কাক বোলে? স্পর্শ বর্ণ কেইটা? স্পর্শবর্ণক কেই ভাগত ভাগ কৰা।
উত্তৰ: যি কেইটা বৰ্ণ উচ্চাৰণ কৰোঁতে ওঠ দুটা, জিভা বা আলজিভা আদিয়ে মুখৰ ভিতৰৰ কোনো নহয় কোনো অংশ স্পৰ্শ কৰে। সেই বৰ্ণসমূহক স্পর্শ বর্ণ বোলে।
স্পর্শ বর্ণ ২৫ টাক পাঁচ ভাগত ভাগ কৰা হৈছে আৰু প্ৰতিটো ভাগত পাঁচটাকৈ বর্ণ আছে।
৬/ অন্তঃস্থ বর্ণ কেইটা আৰু কি কি?
উত্তৰ: অন্তঃস্থ বর্ণ চাৰিটা : য, ৰ , ল, ৱ
৭/ উষ্ম বর্ণ কেইটা আৰু কি কি?
উত্তৰ: উষ্ম বর্ণ চাৰিটা: শ, ষ, স , হ
৮/ আনুনাসিক বর্ণ কাক বোলে? আনুনাসিক বর্ণ কেইটা আৰু কি কি?
উত্তৰ: স্পর্শ বৰ্ণৰ প্ৰতিটো বৰ্গৰ পঞ্চম বর্ণ অর্থাৎ ঙ, ঞ, ণ, ন, ম -বর্ণকেইটা নাকৰ সহায়ত উচ্চাৰিত হোৱা হেতুকে ইহঁতক অনুনাসিক বর্ণ বোলে।
৯/ ঁ (চন্দ্র বিন্দু) আৰু ং (অনুস্বাৰ) কি বৰ্ণৰ অন্তৰ্গত?
উত্তৰ: অনুনাসিক বৰ্ণ বা ধ্বনিৰ অন্তৰ্গত।
১০/ হচন্ত কাক বোলে? হচন্ত কিয় ব্যৱহাৰ কৰা হয়? হচন্ত ব্যৱহাৰ কৰি পাঁচটা শব্দ লিখা
উত্তৰ: ` (হচন্ত) হ'ল এটা চিন।
স্বৰহীন ব্যঞ্জনবৰ্ণ বুজাবৰ বাবে ্ (হচন্ত) নামৰ চিনটো ব্যৱহাৰ কৰা হয়।
উদাহৰণ: ফট্ ফট্ , বক্ বক্, থত্ মত্, উচ্ পিচ্, তত্ মত্,

0 Comments
Send Your Questions And Queries Here