১৮৭০ চন। অসমৰ এজন মেধাসম্পন্ন যুৱকে ভাৰতীয় প্রশাসনিক সেৱাৰ (আই.চি.এছ) প্রতিযোগিতামূলক পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হৈছিল। কিন্তু উত্তীর্ণ হৈও তেখেতে স্বীকৃতিৰ বাবে থমকি ৰ'ব লগা হৈছিল। কাৰণ, এই পৰীক্ষাত উত্তীর্ণ বুলি ঘোষিত হ'বলৈ যি ন্যূনতম বয়সৰ প্ৰয়োজন, যুৱকজনৰ সেই বয়স হোৱা নাছিল। এই লৈ বিলাতৰ পার্লামেন্টত তুমুল বিতৰ্কৰ সৃষ্টি হৈছিল।
তেতিয়া ব্রিটিছ পার্লামেন্টৰ সন্মানীয় এগৰাকী সদস্য মিঃ গ্রেন্ট ডাফে পার্লামেন্টক পতিয়ন নিয়াবলৈ চেষ্টা কৰি যুক্তি দর্শাইছিল- 'আমি এই সিদ্ধান্তত উপনীত হওঁতে আই. চি. এছ. পৰীক্ষাৰ নিয়মাৱলীৰ ভিতকরা উদ্দেশ্যলৈহে কাণ দিছোঁ।
যিজন ছাত্রই সুদূৰ ব্ৰহ্মপুত্ৰ - উপত্যকাৰ পৰা আহি ইমান প্রতিযোগীৰ মাজতো সুখ্যাতিৰে এই পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিছে, - তেখেতৰ আকাংক্ষাৰ বাটত আমি একো প্রতিবন্ধকতা জন্মাবৰ ইচ্ছা নকৰোঁ।' এইদৰে মহামতি মিঃ গ্রেন্ট ডাফেৰ মহানুভৱতাৰ ফলতেই এই বিতৰ্কৰ পৰা ৰক্ষা পোৱা মেধাৱী যুৱকজনেই হ'ল আনন্দৰাম বৰুৱা।
'চেষ্টাৰ অসাধ্য একো নাই' বুলি এষাৰ কথা আছে। আনন্দৰাম বৰুৱাৰ ক্ষেত্ৰত এই কথাষাৰ আখৰে আখৰে ফলিয়াইছিল। তেখেতে আই, চি. এছ, পৰীক্ষাত সপ্তম স্থান লাভ কৰিবলৈ সক্ষম-হৈছিল। কঠোৰ অধ্যৱসায় আৰু দৃঢ় মনোবলৰ বাবেই তেখেতে এই কঠিন লক্ষ্যত উপনীত হধ পাৰিছিল।
তেখেতৰ পিতৃ গৰ্গৰাম বৰুৱা আৰু মাতৃ দুর্লভেশ্বৰী বৰুৱা মাক-দেউতাকৰ তৃতীয় সন্তন আনন্দৰাম বৰুৱাৰ ইংৰাজী ১৮৫০ চনৰ মে' মাহৰ ২১ তাৰিখে উত্তৰ গুৱাহাটীৰ ৰজা দুৱাৰত জন্ম হৈছিল। পণ্ডিতপ্ৰবৰ চিভিলিয়ান আনন্দৰাম বৰুৱাই কামৰূপৰ উত্তৰ গুৱাহাটীৰ মজিন্দাৰ বৰুৱা বংশৰ লগতে অসমৰ নাম উজ্জ্বল কৰি থৈ গৈছে।
অসমত সেই সময়ত কলেজ নথকাত (আনন্দৰাম বৰুৱাই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কলকাতাৰ প্ৰেছিডেন্সী কলেজত নাম ভর্তি কৰোঁ) সেই কলেজৰ পৰাই তেখেতে এফ. এ. পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গণিতত সর্বোচ্চ নম্বৰ সহ 'ডাফ স্কলাৰছিপ' পায়।
সেই সময়ৰ ভাৰতত থকা ইংৰাজ চৰকাৰে ছাত্ৰক উচ্চ শিক্ষাৰ বাবে বৃত্তি দি বিলাতলৈ পঠিয়াইছিল। তেখেতে এই বৃত্তি লাভ কৰি লণ্ডনত বেৰিষ্টাৰী পঢ়ি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল।
স্বদেশলৈ উভতি আহি তেখেতে পোনপ্রথমে শিৱসাগৰ জিলাত সহকাৰী মেজিস্ট্রেট হিচাপে যোগদান কৰে। তাৰ পাছত তেখেতে মৈমনসিংহ জিলাৰ সহকাৰী মেজিস্ট্রেট আৰু কালেক্টর হিচাপে নিযুক্তি লাভ কৰে।
এনেদৰে বিভিন্ন জিলাত উচ্চ পদস্থ বিষয়া হিচাপে কার্যনির্বাহ কৰি ১৮৮৪ চনত নোৱাখালি জিলাৰ মেজিস্ট্রেট হিচাপে নিযুক্ত হয়। নোৱাখালিত থাকোঁতে তেখেতে বংগদেশৰ উন্নয়নমূলক কাম কৰাৰ উপৰি আৰু তাত এটি গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰে।
অসমৰ দৰে বংগদেশতো অঞ্চলভেদে ভাষাৰ ভিন্নতা আছিল। এই ভিন্নতা দূৰ কৰাৰ কাৰণে বংগদেশৰ ভাষাবিদসকলে মান্যভাষাত এখন অভিধানৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। তেখেতে এই গুৰুত্বপূর্ণ কামটো হাতত লৈছিল যদিও সম্পূর্ণ কৰিব নোৱাৰিলে।
তেখেতৰ অগাধ পাণ্ডিত্য, আকর্ষণীয় ব্যক্তিত্ব আৰু বিভিন্ন উন্নয়নমূলক কার্যই বংগৰ নোৱাখালিৰ ৰাইজক মুগ্ধ কৰিছিল। নোৱাখালিত তেখেতৰ নামেৰে স্কুল, বজাৰ স্থাপন আৰু পুখুৰী খন্দা কাৰ্যই তাৰ প্ৰমাণ। সেইকালত স্ত্রী-শিক্ষা প্ৰচাৰৰ বাবে তেখেতে নোৱাখালিত এখন বালিকা বিদ্যালয়ো স্থাপন কৰিছিল।
সংস্কৃত ভাষাৰ অমৃত মন্থনেই আছিল তেখেতৰ জীৱনৰ একক ব্রত। তেখেতৰ দৃঢ় অভিপ্রায় আছিল বিশ্বৰ বুকুত ভাৰতীয় ভাষা শিক্ষাৰ গৌৰৱ বিলোৱা। এই উদ্দেশ্যৰেই তেখেতে প্রাচীন ভাষা সাহিত্যৰ পুনৰুদ্ধাৰৰ বাবে চেষ্টা কৰিছিল।
তেখেতৰ আশাশুধীয়া অধ্যয়নৰ ফলস্বৰূপে সৃষ্টি হৈছিল 'ব্যৱহাৰোপযোগী ইংৰাজী-সংস্কৃতি অভিধান', 'উচ্চ সংস্কৃত ব্যাকৰণ', 'সংস্কৃত শিক্ষার্থী সহচৰ' আৰু 'সৰস্বতী কণ্ঠাভৰণ'ৰ দৰে কালজয়ী অমৰ ৰচনাৱলী।
তেখেতৰ পাণ্ডিত্যত বিমুগ্ধ হৈ সেই সময়ৰ প্রখ্যাত কবি মেকমিলানে এই স্তৱকটি লিখিছিল- 'এটা নাম আছে, যাব পৰশত পুৱাৰ পৰা সন্ধিয়ালৈকে, সন্ধিয়াৰ পৰা পুৱতিলৈকে মই থিৰেৰে থাকিব নোৱাৰা হৈছোঁ। ই নিজৰাৰ কুলু কুলু শব্দ নহয়, নাইবা হেমন্ত কালৰ গছৰ পাতৰ ৰিব ৰিক্ বতাহৰ হেন্দোলনি নহয়, ই লাৱণ্যময়ী যুৱতীৰ নাম নহয়, নাইবা দুপৰ নিশাৰ অমৃত বৰষা বুল বুলৰ ধ্বনিও এই নামত নাই। এই নামটো আন কাৰো নহয়- অলপতে আই. চি. এছ. পাছ কৰা আনন্দৰাম
অসমৰ গৌৰৱ এই জনা মনীষীয়ে ১৮৮৯ চনৰ ১৯ জানুৱাৰীত বংগদেশত আকস্মিকভাৱে মৃত্যুবৰণ কৰে। জীৱনৰ মূল্যায়ন যে দীর্ঘজীৱনৰ সলনি কৰ্মকৃতিৰ জৰিয়তেহে হয়, এই কথা সুন্দৰভাৱে তেখেতে প্রমাণ কৰি থৈ গৈছে। উনচল্লিছ বছৰীয়া চুটি জীৱনত চিৰকুমাৰ আনন্দৰাম বৰুৱাই সংস্কৃত ভাষা-সাহিত্যলৈ অমূল্য অৱদান আগবঢ়াই থৈ গৈছে। তেখেতে ভাষা সাহিত্যৰ যি অমৃত ভাণ্ডাৰ দি থৈ গ'ল, সি সঁচাকৈয়ে অতুলনীয়।
১০. পাঠৰ পৰা বিশেষ্য, বিশেষণ, সৰ্বনাম আৰু ক্ৰিয়াপদ বিচাৰি উলিয়াই বহীত লিখা।
উত্তৰ:
✅ বিশেষ্য (Nouns) : নাম বুজোৱা শব্দবোৰ।
* আনন্দৰাম বৰুৱা
* ভাৰতীয় প্রশাসনিক সেৱা (আই.চি.এছ)
* বয়স
* বিতৰ্ক
* সদস্য
* ছাত্র
* আকাংক্ষা
* পৰীক্ষা
* অধ্যৱসায়
* মনোবল
* পিতৃ, মাতৃ
* সন্তান
* জন্ম
* বংশ
* কলেজ
* গণিত
* স্কলাৰছিপ
* বৃত্তি
* লণ্ডন
* বেৰিষ্টাৰী
* সহকাৰী মেজিস্ট্রেট
* কালেক্টৰ
* বংগদেশ
* ভাষা
* অভিধান
* বিদ্যালয়
* সংস্কৃত ভাষা
* ব্যাকৰণ
* সাহিত্য
* পাণ্ডিত্য
* কবি
* নাম
* ধ্বনি
* গছ, পাত, বতাহ
* মৃত্যু
* জীৱন
* কৰ্মকৃতি
* ভাণ্ডাৰ
✅ বিশেষণ (Adjectives) – বিশেষ্যৰ গুণ, সংখ্যা, পৰিমাণ ইত্যাদি বুজোৱা শব্দবোৰ।
* মেধাসম্পন্ন
* সুখ্যাতিৰে উত্তীৰ্ণ
* ন্যূনতম
* সুদূৰ
* কঠিন
* দৃঢ়
* পণ্ডিতপ্ৰবৰ
* ইংৰাজী
* গণিতত সর্বোচ্চ
* উন্নয়নমূলক
* গুৰুত্বপূৰ্ণ
* অগাধ
* আকর্ষণীয়
* অমৰ
* লাৱণ্যময়ী
* আকস্মিক
* চুটি
* চিৰকুমাৰ
* অতুলনীয়
✅ সৰ্বনাম (Pronouns) – বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা শব্দ:
* তেখেতে
* আমি
* যিজন
* যি
* তেওঁ
* ই
* আন
* মই
* নিজৰাৰ
* সেই
* সি
✅ ক্ৰিয়াপদ (Verbs) – কাম কৰা বা হোৱা বুজোৱা কৰা শব্দ:
* উত্তীৰ্ণ হৈছিল
* থমকি ৰ'ব লগা হৈছিল
* সৃষ্টি হৈছিল
* চেষ্টা কৰি যুক্তি দর্শাইছিল
* জন্ম হৈছিল
* থৈ গৈছে
* পায়
* পঠিয়াইছিল
* পঢ়ি উত্তীৰ্ণ হৈছিল
* যোগদান কৰে
* নিযুক্তি লাভ কৰে
* কার্যনির্বাহ কৰে
* অনুভৱ কৰিছিল
* স্থাপন কৰিছিল
* চেষ্টা কৰিছিল
* সৃষ্টি হৈছিল
* লিখিছিল
* থৈ গ'ল
* মৃত্যুবৰণ কৰে
* প্রমাণ কৰি গৈছে

0 Comments
Send Your Questions And Queries Here