আকাশলৈ চাবাচোন




গধূলি,
কেতিয়াবা আকাশলৈ চাবাচোন।

এবাৰ হ'লেও,
কেঁচুৱা এটাই, কিবা বস্তু চোৱাৰ দৰে;
গধূলি আকাশলৈ চাবাচোন।

মনটো কিবা ফৰকাল যেন লাগে,
অগা-ডেৱা কৰা চিন্তাবোৰৰ, ভেহুজাল ফালি;
মনত শান্ত কৰা সোঁত বোৱা যেন লাগে।

তৰাৰ তিৰবিৰণি,
আকাশৰ সেই ঘোপ মৰা এন্ধাৰত;
এন্ধাৰ মনক উজলাই তুলে।

ৰ দি চাবাচোন তৰাবোৰ,
হেৰুৱা মুদ্ৰা বিচৰাৰ দৰে,
আকৃতিবোৰ ভাঁহি উঠিব;
লাগিব উদ্ঘাটন কৰিছা নৱ কিবা এটা।

জ্যেষ্ঠ আঙুলিটো বতাহত তুলি,
গণিবাচোন তিৰবিৰ তৰাবোৰ,
"সেইটো দিয়া বুলি"
মূৰ তুলা মইনা যেন লাগিব;
আ! জীৱনটো সুন্দৰ হৈ পৰিব।


(আপোনাৰ কবিতাবোৰো ইয়াত প্ৰকাশ কৰিবলৈ পালে আমি অত্যন্ত সুখী হ'ম। আমাৰ whatsapp নম্বৰ 7637961778 ত পঠিয়াই দিয়ে যেন।

Post a Comment

0 Comments