Class 10 || General Science || Lesson 16. প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা Management Of Natural Resources Questions Answer Assamese Medium




Page No. 269

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

1. পৰিবেশ হিতৈষী হ’বলৈ তোমাৰ কি কি অভ্যাসৰ পৰিবৰ্তন কৰিব পাৰা?

Ans. পৰিবেশ হিতৈষী হ'বলৈ মই মোৰ তলত উল্লেখিত অভ্যাস সমূহ পৰিৱৰ্তন কৰিব পাৰোঁ –

(i) আৱর্জনাবোৰ য’তে ত’তে পেলাব নেলাগে। নির্দিষ্ট ঠাইত গাঁত কৰি  জমা কৰিব লাগে আৰু নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে সেইবোৰ আঁতৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে।

class 10 science lesson 13 assamese medium 

(ii) পলিথিন মোনাৰ পৰিবর্তে পাটৰ দ্বাৰা তৈৰি মোনা ব্যৱহাৰ কৰিব লাগে।

(iii) মুকলি বা অস্বাস্থ্যকৰ পৰিৱেশত মল-মূত্র ত্যাগ নকৰি উন্নত মানৰ শৌচালয় সাজি লবলৈ ব্যৱস্থা কৰিব লাগে। 

(iv) যথেষ্ট পৰিমাণে বৃক্ষৰোপণ কৰি নিৰ্মল বায়ুৰ ব্যৱস্থা কৰিব লাগে।

(v) ঘৰ আৰু চৌহদ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিব লাগে। 


2. ক্ষন্তেকীয়া উদ্দেশ্যেৰে সম্পদ আহৰণ কৰাৰ সুবিধা কি হ’ব পাৰে?
 
Ans. সম্পদ হৈছে ব্যবহার্য সামগ্রীৰ প্রয়োজন পূৰণৰ উৎস। ইয়াৰ নষ্ট কৰাৰ অর্থই হ’ল সম্পদৰ অপব্যৱহাৰ আৰু পৃথিৱীৰ ক্ষতি সাধন কৰা। 

অর্থাৎ ক্ষন্তেকীয়া উদ্দেশ্যেৰে সম্পদ আহৰণ আমাৰ তথা পৃথিৱীৰ উভয়ৰে ক্ষতি সাধন কৰিব। 

প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা class 10

3. সম্পদৰ এনেধৰণৰ সুবিধাৰ পৰা দীৰ্ঘম্যাদী ব্যৱহাৰৰ সুবিধাবোৰ কেনেকৈ পার্থক্য কৰিবা?
 
Ans. সম্পদৰ দীর্ঘম্যাদী প্ৰকল্পৰ ব্যৱস্থাপনাৰ দ্বাৰাই প্ৰাকৃতিক সম্পদৰ অপব্যৱহাৰৰ এটা হিচাপ পোৱা যায়।

কিন্তু স্বল্পম্যাদী প্রকল্পৰ মাধ্যমে প্রাকৃতিক সম্পদৰ অপব্যৱহাৰৰ হিচাপ ভালদৰে পোৱা নেযায়।

দীর্ঘম্যাদী প্রকল্পৰ দ্বাৰা ভবিষ্যত প্ৰজন্ম ইয়াৰ পৰা লাভবান হ’ব আৰু পৰিবেশ প্ৰদূষণ হ্রাস পাব গতিকে স্বল্পম্যাদী প্রকল্পে পৰোক্ষভাৱে আমাৰ ক্ষতি সাধন কৰে।

4. সম্পদসমূহৰ সমভাৱে বিতৰণ হ’ব লাগে বুলি কিয় ভাবা? আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কি শক্তিয়ে কাম কৰি আছে?

Ans. যদি সম্পদ সমূহৰ সমভাৱে বিতৰণ হয়, তেতিয়া প্ৰতিজন ব্যক্তিৰ নিকট সম্পদ সহজ উপায়ে পোৱা যাব আৰু সম্পদ মূল্য সূলভ হ’ব।

যিসকল মানুহৰ অকল টকাৰ দৰকাৰ, সিহঁতে প্রাকৃতিক সম্পদৰ বিৰুদ্ধে কাম কৰে। সিহঁতে প্রকৃতিক ধ্বংসৰ পথে ঠেলি দিয়ে।

বিজ্ঞান Class 10 Chapter 16 question answer

Page No. 273

1. বন আৰু বন্যপ্রাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে?
 
Ans. বন সংৰক্ষণ কৰা উচিত, কাৰণ—

(i) উদ্ভিদ আৰু জীৱ-জন্তুৰ শ্বাসকাৰ্য্যৰ সময়ত CO₂ গেছ বায়ুমণ্ডলত এৰি দিয়ে।

বনাঞ্চলে এই CO₂ গেছ গ্ৰহণ কৰি সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰাই খাদ্য তৈয়াৰ কৰে আৰু বায়ুমণ্ডলত O₂ এৰি দিয়ে।

এই প্ৰকাৰে গছ-গছনিয়ে বায়ুমণ্ডল সতেজ ৰাখে।

বিজ্ঞান class 10 Question Answer

(ii) বনাঞ্চলৰ উদ্ভিদবোৰৰ শিপাবোৰে, মাটিৰ কণিকাসমূহক টানকৈ ধৰি ৰাখে।

এই প্ৰকাৰে উদ্ভিদ সমূহ মাটিক ক্ষণীভবনৰ পৰা ৰক্ষা কৰে। 

(iii) বনাঞ্চলৰ উদ্ভিদবোৰে পোষক দ্ৰৱ্যবোৰ চক্রাকাৰে আৱৰ্তিত কৰি আকৌ মাটিলৈ প্ৰেৰণ কৰি মাটিৰ উৰ্বৰতা ৰক্ষা কৰে।

(iv) বনাঞ্চলে ভূ-পৃষ্ঠত পানীৰ পৰিমাণ বৃদ্ধি কৰে। 

(v) বনাঞ্চলে জীৱ-জন্তুক বাসস্থান প্রদান কৰে।

প্ৰাকৃতিক সম্পদ সংৰক্ষণ ত ব্যক্তিৰ ভূমিকা

(vi) বনাঞ্চলৰ পৰা ঔষধ, ঔষধী, গাম আদি পোৱা যায়।

   বন্য-প্ৰাণীসমূহক সংৰক্ষণ কৰা অতি প্রয়োজন কাৰণবোৰ হ’ল—

(i) ই পৰিস্থিতি তন্ত্ৰক ৰক্ষা কৰে।

(ii) গৰু আদি চৰোৱাৰ ফলত মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি পায়। 

(iii) বনাঞ্চলক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখে।

(iv) বনাঞ্চলত থকা জীৱ-জন্তু সুৰক্ষিত হয়।

(v) বন্যপ্ৰাণীসমূহ পৰিস্থিতিতন্ত্ৰ ৰক্ষা কৰে। 

2. বনাঞ্চল সংৰক্ষণ সম্পর্কে মতামত আগবঢ়োৱা।

Ans. বনাঞ্চল ৰক্ষাৰ বাবে কিছুমান পৰামৰ্শ তলত দিয়া হ’ল–

(i) বনাঞ্চলত জুই লগা নিয়ন্ত্ৰণ কৰিব লাগিব। 

(ii) গছ-গছনি কটা, হাবি জ্বলোৱা আৰু অৰণ্য, ধ্বংসকৰণ বন্ধ কৰিব লাগিব।

class 10 science chapter 16  assamese medium

(iii) বনাঞ্চলৰ অধিবাসীক প্রশিক্ষণ দিব লাগে যাৰ দ্বাৰা তেওঁলোকে বনাঞ্চল ৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল’ব পাবে।

(iv) বৃক্ষৰোপণৰ দ্বাৰা বনাঞ্চলৰ সৃষ্টি কৰি মূল্যবান উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ কৰি বনাঞ্চল ধ্বংস ৰোধ কৰিব পাৰি।

class 10 science chapter 13 assamese medium question answer

Page No. 276

1. তোমালোকৰ অঞ্চলত থকা পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতি বা ব্যৱস্থাপনাবোৰ বিচাৰি উলিওৱা।
 
Ans. নদীত বান্ধ দি পানী সংৰক্ষণ কৰা হয়। বিভিন্ন দল, সংগঠনসমূহে বৃহৎ নদীবান্ধৰ বিকল্প হিচাপে পুৰণিকলীয়া পানী সঞ্চয়নৰ পদ্ধতিৰে কাম কৰি আহিছে।

কিছুমান সম্প্রদায়ে বিভিন্ন পৰম্পৰাগত পদ্ধতিৰে পানী সংৰক্ষণ কৰি আহিছে।

মাটিত গাঁত খান্দি বা হ্রদ বান্ধি মাটিৰ জলভাগ আৱদ্ধ কৰি, ঠায়ে ঠায়ে জলবিভাজিকা নিৰ্মাণ কৰি, বিভিন্ন প্রকাৰেৰে মাটিৰে নাইবা শিলেৰে পাৰ বান্ধি পানী সংৰক্ষণ কৰে, বালি আৰু চুণেৰে অলাধাৰ নিৰ্মাণ কৰা খবৰ চালত পানী জমা কৰিবলৈ ব্যৱস্থাপনা কৰা হয়।

এনে কৰাৰ ফলত ভূগৰ্ভৰ জলভাগৰ স্তৰ বৃদ্ধি হৈছে আৰু আনকি নদীয়েও পুনর্জীবন লাভ কৰিছে। আমাৰ অঞ্চলত হ্ৰদ বান্ধি জলভাগ সঞ্চয়ন কৰা হয়। 

2. পাহাৰীয়া অঞ্চল বা সমতল অঞ্চল বা মালভূমি অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিবোৰৰ মাজত তুলনা কৰা।

Ans. পাহাৰ-পর্বতত থকা জল-সঞ্চয়ন পদ্ধতিতকৈ সমতল আৰু মালভূমি অঞ্চলত থকা জল-সঞ্চয়ন পদ্ধতি পৃথক।

যেনে, হিমাচল প্রদেশৰ পাহাৰী অঞ্চলত থকা স্থানীয় জলসিঞ্চন ব্যৱস্থাত, লোকৰ দ্বাৰা তৈৰি কেনেলৰ মাধ্যমে পানী গ্রামৰ শস্য ক্ষেত্ৰত দিয়া হয়, কিন্তু সমতল অঞ্চলত পানী নানা প্ৰকাৰ জলাধাৰত জমা ৰখা হয়।

আৰু এই পানী সময়মতে শস্য ক্ষেত্ৰত দিয়া হয়। 

3. তোমালোকৰ স্থানীয় অঞ্চলৰ পানীৰ উৎসবোৰ বিচাৰি উলিওৱা সকলো মানুহ বাস কৰা সেই অঞ্চলত পানী প্ৰচুৰ পৰিমাণে পাইনে?

Ans. আমাৰ অঞ্চলৰ বিশুদ্ধ পানীৰ উৎস হ’ল পৌৰনিগমৰ দ্বাৰা যোগান ধৰা পানী।

আৰু নদীনাদ, কুঁৱা আদিৰ পৰা পানী সংগ্ৰহ কৰি, বিশুদ্ধ কৰি ব্যৱহাৰ কৰা হয়।

কিন্তু গ্রীষ্মকালত জলপৃষ্ঠ নামি যোৱাৰ বাবে পানীৰ অভাৱ ঘটে।

Page No. 278

1. পৰিবেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে ঘৰখনত কেনেধৰণৰ পৰিবৰ্তনৰ পৰামর্শ আগবঢ়াবা?

Ans. পৰিবেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে ঘৰৰ পৰিবেশ সুস্থ ৰখাৰ বাবে তলত দিয়া পৰামৰ্শবোৰ হ’ল–

(i) পানীৰ অপচয় কম কৰাৰ বাবে টেপ (taps) ভালদৰে বন্ধ কৰিব লাগে, কাপৰ-ধোৱা মেচিনত ব্যবহৃত পানী আকৌ ব্যৱহাৰ কৰা। 

(ii) প্রয়োজনত CFL বাল্ব ব্যৱহাৰ কৰিব লাগে।

(iii) সৌৰ কুকাৰ, সৌৰজল উত্তাপক ব্যৱহাৰ কৰিব লাগে। 

(iv) বিদ্যুৎ শক্তিৰ বাবে সৌৰকোষ ব্যৱহাৰ কৰিব লাগে।

(v) যিবোৰ বস্তু পুনৰায় ব্যৱহাৰ কৰা যায়, সেইবোৰ বস্তু পেলাব নেলাগে। 

2. পৰিবেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে তোমালোকৰ বিদ্যালয়ত কেনেধৰণৰ পৰিবৰ্ত্তনৰ পৰামৰ্শ দিবা? 
Ans. পৰিবেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে আমাৰ বিদ্যালয়ৰ পৰিবেশ সংৰক্ষণৰ উপায়বোৰ হ’ল

(i) বৰ্জিত কাগজবোৰ আকৌ ব্যৱহাৰ কৰিব লাগে। প্লাষ্টিক কম ব্যৱহাৰ কৰিবলৈ ছাত্র-ছাত্রীক উপদেশ দিব লাগে।

(ii) বিদ্যালয়ৰ চৌদিশে বৃক্ষ ৰোপণ কৰিব লাগে। 

(iii) গছৰ পাত, ফলমূল আৰু শাক্‌পাচলিৰ বাকলি বোৰৰ পচন ঘটাই জৈৱসাৰ তৈৰি কৰিব লাগে।

(iv) স্কুল ঘৰত অধিক সংখ্যক খিড়িকী ৰাখিব লাগে, যাতে অধিক সূৰ্যৰ পোহৰ আহিব পাৰে।

(v) মাজে মাজে বিদ্যালয়ত পৰিবেশ সম্পর্কে সজাগতাৰ বাবে আলোচনা কৰিব লাগে।

3. এই অধ্যায়ত আমি দেখিলো বন আৰু বন্যপ্ৰাণীৰ প্ৰধানকৈ চাৰিটা অংশীদাৰ আছে। এইবোৰৰ ভিতৰত কোনটো অংশীদাৰৰ বনসম্পদৰ ব্যৱস্থাপনাৰ, বিষয়ে সিদ্ধান্ত ল’ব পৰা কৰ্তৃত্ব থাকিব লাগে? তুমি কিয় তেনেকৈ ভাবা?

Ans. বন্যপ্রাণী আৰু বনাঞ্চল ৰক্ষণাবেক্ষণৰ বাবে প্রধানতঃ চাৰিধৰণৰ অংশীদাৰ বা ৰক্ষাকাৰী হ’ল–

(i) বনাঞ্চলৰ চাৰিওকাষৰ মানুহসকল আৰু সিহঁতে বনাঞ্চলত উৎপন্ন হোৱা বস্তুৰ ওপৰত নিৰ্ভৰ কৰে।

(ii) বনজ সম্পদ সংৰক্ষণকাৰী চৰকাৰী ব্যক্তিসকল

(iii) সৰু-ডাঙৰ ঔদ্যোগিক সংস্থা, যিবোৰ বনজ সম্পদৰ ওপৰত নিৰ্ভৰ কৰে। 

(iv) প্রকৃতিবিদ সকলে প্রকৃতিক সংৰক্ষণ কৰিব বিচাৰে, সিহঁতৰ মূল্যবান উপদেশৰ মাধ্যমে।

মই ভাবোঁ বনাঞ্চলৰ চাৰিওকাষৰ অধিবাসী সকলোক বনজ সম্পদৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব দিব লাগে। কাৰণ, সিহঁতে বংশপৰম্পৰাই এই অঞ্চলত বসবাস কৰিব আৰু সিহঁতে বনাঞ্চলৰ ভালবেয়া ভালদৰে বুজি পাব। 


4. তলৰ সম্পদসমূহৰ ওপৰত এজন সাধাৰণ ব্যক্তি হিচাপে কেনেধৰণৰ ব্যৱস্থাপনাৰ দায়িত্ব ল’বা–
(a) বন আৰু বন্যপ্রাণী। 
(b) জলসম্পদ।
(c) কয়লা আৰু পেট্রলিয়াম।

Ans. (a) বন আৰু বন্যপ্রাণী: কম কাগজ ব্যৱহাৰ কৰিব লাগে। কাৰণ গছৰ পৰা কাগজ তৈয়াৰ হয়।

জীব-জন্ত হত্যা কৰি নোমযুক্ত ছাল (fur), ছামৰা, দীঘলীয়া দাঁত, শিং আদিৰ পৰা নানা ধৰণৰ বস্তু তৈয়াৰ কৰা হয়।

এই বস্তুবোৰ ক্ৰয় কৰিব নেলাগে। চোৰাং চিকাৰী আদিৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিব লাগে।

(b) জলসম্পদ: পানীৰ অপচয় বন্ধ কৰিব লাগে। খেতিবাতিৰ কাৰণে বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগে। মানুহক পানী সংৰক্ষণৰ বাবে সচেতন কৰিব লাগে। 

(c) কয়লা আৰু পেট্ৰলিয়াম: চৰকাৰী যান-বাহন ব্যৱহাৰ কৰা উচিত। যানবাহনত CNG ব্যৱহাৰ কৰিব লাগে।

বৈদ্যুতিক বাল্ব, বাতি, ফেন আদি যেতিয়া প্রয়োজন নহয়, তেতিয়া চুইচ্ বন্ধ কৰি ৰখা উচিত।

কম হিটাৰ, বাতানুকুল যন্ত্র কম ব্যৱহাৰ কৰা উচিত। ফলস্বৰূপে কয়লা আৰু পেট্ৰ’লিয়াম কম খৰচ হ’ব। বিদ্যুতৰ অপচয় বন্ধ কৰিব লাগে।

5. তুমি এজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদবোৰৰ ব্যৱহাৰ কম কৰিবলৈ কি কৰিবা?
Ans. মই এজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদবোৰৰ ব্যৱহাৰ কম কৰিবলৈ তলৰ উপায় সমূহ অৱলম্বন কৰিম --

a. আমাৰ প্ৰাকৃতিক সম্পদ যেনে বন আৰু বন্যপ্রাণী পানী, কয়লা, আৰু পেট্রলিয়াম ইন্ধনসমূহ সুপৰিকল্পিতভাবে ব্যৱহাৰ কৰিব লাগে।

b. তিনিটা নীতি ‘Reduce’, ‘Reuse,’ আৰু ‘Recycle’ ৰ দ্বাৰা পৰিবেশৰ ওপৰত হেঁচা কম কৰিব পাৰোঁ।

(i) মকৰা (Reduce): প্রয়োজন অনুযায়ী লাইট, ফেন আদি ব্যৱহাৰ কৰিব লাগে। যানবাহন কম ব্যৱহাৰ কৰা উচিত। 

(ii) পুনৰাৱৰ্তন (Recycle): প্লাষ্টিক, কাগজ, মাছ আৰু ধাতু আদি সংগ্রহ কৰি এই বস্তুৰে বেলেগ বস্তু তৈৰি কৰি আকৌ ব্যৱহাৰ্য কৰিব পাৰি। 

(iii) পুনর্ব্যৱহাৰ (Reuse): ই পুনৰাৱৰ্তনতকৈ উত্তম। যেনে; এটা ব্যবহৃত থাম ওলোটাই আকৌ ব্যৱহাৰ কৰিব পাৰি। প্লাস্টিক আৰু কাঁচৰ পাত্র, বটল আদি পুনৰায় ব্যৱহাৰ কৰা যায়।

c. জলসম্পদসমূহক নিয়ন্ত্রণ কৰি ৰাখিলে জনসাধাৰণৰ সামাজিক, অর্থনৈতিক আৰু পৰিবেশৰ উন্নতি হয়।

বৃহৎ নদীবান্ধৰ সলনি স্থানীয় পৰম্পৰাগত পদ্ধতিৰে পানীৰ সঞ্চয়ন কৰিব লাগে।

স্থানীয় সম্পদৰ নিয়ন্ত্রণৰ দায়িত্ব স্থানীয় জনসাধাৰণৰ ওপৰত ন্যস্ত কৰিব লাগে।

d. জীৱাশ্ম-ইন্ধন, কয়লা, আৰু পেট্রলিয়াম এসময়ত শূন্য হৈ যাব। কাৰণ এইবোৰ আমি দহন কৰি আছোঁ। 
এইবোৰ দহনৰ ফলত পৰিবেশ প্ৰদূষণ হৈ আছে। সেইকাৰণে এই সম্পদবোৰ সুবিবেচনাৰে ব্যৱহাৰ কৰিব লাগে।

6. যোৱা এটা সপ্তাহ ধৰি তুমি কেনেধৰণৰ কাৰ্যপন্থা হাতত লৈছা তাৰ এটা তালিকা প্রস্তুত কৰা (পাঁচটাকৈ)।
(a) আমাৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণ।
(b) আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা বৃদ্ধি।

Ans. যোৱা এটা সপ্তাহ ধৰি মই কেনেধৰণৰ কাৰ্যপন্থা হাতত লৈছিলোঁ তাৰ এটা তালিকা প্রস্তুত কৰিলোঁ --

(a) আমাৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বাবে: 

(i) অপ্রয়োজনত লাইট আৰু ফেন আদিৰ চুইচ্ বন্ধ কৰি ৰাখিছিলো। 

(ii) CFL বাতি ব্যৱহাৰ কৰিছিলোঁ। 

(iii) চৰকাৰী যানবাহন বেছীকৈ ব্যৱহাৰ কৰিছিলোঁ। 

(iv) গা-ধোৱাৰ বাবে প্ৰয়োজনানুযায়ী পানী ব্যৱহাৰ কৰিছিলোঁ। 

(v) পৰিবেশ সংৰক্ষণৰ বাবে মাজে সময়ে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে আলোচনা চক্ৰৰ ব্যৱস্থা কৰিছিলোঁ। 


(b) আমাৰ প্ৰাকৃতিক সম্পদৰ ওপৰত হেঁচা বৃদ্ধিৰ কাৰণে— 

(i) কাগজ অপচয় কৰা নাই। 

(ii) য’তে য’তে জাৱৰ জোথৰ পেলোৱা নাই। 

(iii) প্লাষ্টিকৰ মোনা ব্যৱহাৰ কৰা নাই। 

(iv) খাদ্যৰ শাক-পাচলিৰ অপচয় কৰা নাই। 

(v) ৰন্ধনৰ বাবে ঘৰত সৌৰ চুলা ব্যৱহাৰ কৰিছিলোঁ।

7. এই পাঠত উত্থাপন হোৱা সমস্যাৰ ভিত্তিত আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ বহনক্ষম ব্যৱহাৰৰ কাৰণে তোমালোকৰ জীৱন শৈলীৰ কি পৰিবৰ্তন কৰিবা?

Ans. প্রাকৃতিক সম্পদ সংৰক্ষণৰ বাবে তলত দিয়া ব্যৱস্থাবোৰ গ্ৰহণ কৰিব লাগে। যেনে–

(i) কয়লা আৰু পেট্ৰ’লিয়ামৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগিব। 

(ii) যানবাহনত CNG ব্যৱহাৰ কৰিব লাগিব।

(iii) বৈদ্যুতিক যন্ত্রপাতি কমকৈ ব্যৱহাৰ কৰিব লাগিব।

(iv) পানী, কাগজ আদিৰ অপচয় কৰিব নেলাগে। 

(v) জীবজন্তৰ নোমযুক্ত ছামৰা (fur) দীঘলীয়া দাঁত, শিং ইত্যাদি দ্বাৰা তৈৰি বস্তুবোৰ ব্যৱহাৰ কৰিব নেলাগে।



Post a Comment

0 Comments