Class 10 || General Science || Lesson 15. আমাৰ পৰিৱেশ (27 MCQ)



1. দুবিধ বিয়োজক জীৱৰ নাম উল্লেখ কৰা।
(a) এমিবা, পেৰামেচিয়াম
(b) শেলাই, ভেঁকুৰ
(c) লেক্টবেছিলাছ, শেলাই
(d) বেক্টেৰিয়া, ভেঁকুৰ
উত্তৰ: (d) বেক্টেৰিয়া, ভেঁকুৰ

2. কোনবোৰ জীৱই মৃতদেহৰ পৰা লাগতিয়াল দ্রব্য উৎপাদন কৰি মাটিত মিহলাই দিয়ে?
(a) উৎপাদকে
(b) বিয়োজকে
(c) অনুজীৱই
(d) শেলাইয়ে
উত্তৰ: (b) বিয়োজকে

3. পৰিস্থিতিতন্ত্ৰ কেই প্ৰকাৰৰ?
(a) দুই 
(b) তিনি
(c) চাৰি
(d) পাঁচ
উত্তৰ: (b) তিনি

4. তলৰ কোনটো পৰিস্থিতিতন্ত্ৰৰ প্ৰকাৰ নহয়?
(a) স্থলজ পৰিস্থিতিতন্ত্র
(b) পৰিষ্কাৰ পানীৰ পৰিস্থিতিতন্ত্ৰ
(c) নগৰীয় পৰিস্থিতিতন্ত্র
(d) সাগৰীয় পৰিস্থিতিতন্ত্র
উত্তৰঃ (c) নগৰীয় পৰিস্থিতিতন্ত্র

5. তলৰ কোনটো জীৱ নিম্নিকৰণ আৱৰ্জনা নহয়?
(HSLC '15)
(a) পাকঘৰৰ শাক-পাচলিৰ আৱৰ্জনা
(b) পুৰণি ফটা কাপোৰ
(c) প্লাষ্টিকৰ মোনা
(d) পুৰণি বাতৰি কাকত
উত্তৰ: (c) প্লাষ্টিকৰ মোনা

6. তলত দিয়া কোনটো জীৱ নিম্নিকৰণ পেলনীয়া দ্রব্য?
(a) পলিথিনৰ মোনা
(b) আমৰ বাকলি
(c) ফালি যোৱা চামৰাৰ মোনা
(d) প্লাষ্টিকৰ বটল
উত্তৰ: (b) আমৰ বাকলি

7. বায়ুমণ্ডলৰ উচ্চ স্তৰত অ'জনে ___ বাধা দিয়ে 
(HSLC-2017)
(a) অৱলোহিত ৰশ্মি
(b) দৃশ্যমান পোহৰ
(c) অতিবেঙুনীয়া ৰশ্মি
(d) (a) আৰু (c) দুয়োটাই
উত্তৰ: (c) অতিবেঙুনীয়া ৰশ্মি

8. তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নিকৰণ পদাৰ্থ আছে?
(a) পিঠা, কাঠ আৰু বাঁহ
(b) ফলমূলৰ বাকলি, পিঠা আৰু টেঙা।
(c) ঘাঁহ, কাঠ আৰু প্লাষ্টিক
(d) ঘাঁহ, ফুল আৰু চামৰা
উত্তৰ : (b) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙা

9. তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখলা গঠন কৰে?(HSLC-2020,2023)
(a) ঘাঁহ, মাছ আৰু ছাগলী
(b) ছাগলী, গৰু আৰু হাতী
(c) ঘাঁহ, ছাগলী আৰু মানুহ
(d) ঘাঁহ, ঘেঁহু আৰু আম
উত্তৰ: (c) ঘাঁহ, ছাগলী আৰু মানুহ

10. তলত উল্লেখিত কোনটো অ'জন স্তৰ অৱক্ষয় কৰিব পাৰে -- (HSLC-2023)
(a) ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন
(b) নাইট্র'জেন
(c) হাইড্র'জেন
(d) অক্সিজেন
উত্তৰ: (a) ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন

11. তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নিকৰণ পদার্থ আছে?
(a) ঘাঁহ, ফুল আৰু চামৰা
(b) ঘাঁহ, কাঠ আৰু প্লাষ্টিক
(c) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস
(d) পিঠা, কাঠ আৰু ঘাঁহ
উত্তৰ: (a), (c) আৰু (d)

12. তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে?
(a) ঘাঁহ, ঘেঁহু আৰু আম
(b) ঘাঁহ, ছাগলী আৰু বাঘ
(c) ছাগলী, গৰু আৰু হাতী
(d) ঘাঁহ, মাছ আৰু ছাগলী
উত্তৰঃ (b) ঘাঁহ, ছাগলী, আৰু বাঘ

13. তলত উল্লেখ কৰাবিলাকৰ কোনকেইটা পৰিবেশ অনুকুল অভ্যাসৰ অন্তর্ভুক্ত?
(a) দোকান বা বজাৰ কৰিবলৈ যাওঁতে হাতত কাপোৰৰ মোনা লৈ যোৱা অভ্যাস
(b) অপ্রয়োজনীয়ভাবে জ্বলি থকা লাইট বা চলি থকা ফেনৰ ছুইচ বন্ধ কৰি ৰখা অভ্যাস
(c) তোমাক মায়ে স্কুটাৰেৰে বিদ্যালয়লৈ অনা নিয়া কৰাৰ পৰিৱৰ্ত্তে তুমি নিজে খোজ কাঢ়ি যোৱা অভ্যাস
(d) ওপৰৰ আটাইকেইটা অভ্যাস
উত্তৰঃ (d) ওপৰৰ আটাইকেইটা

14. পৰিস্থিতি বিজ্ঞানক ইংৰাজী ভাষাত বুলি কয়।
(a) বায়'ল'জী
(b) জুল'জী
(c) চেৰোল'জী
(d) ইক'ল'জী
উত্তৰঃ (d) ইক'ল'জী

15. গ্রীক ভাষাত ঔকছ (Oikos) শব্দৰ অৰ্থ হ'ল ___
আৰু লোগোজ (Logos) মানে হ'ল ___
(a) অধ্যয়ন (Study), ঘৰ (Home)
(b) অভিজ্ঞতা (Experience), কর্ম (Job)
(c) ঘৰ (Home), অধ্যয়ন (Study)
(d) ভ্রমণ (Tour), আশ্রয় (Shelter)
উত্তৰ: (c) ঘৰ (Home), অধ্যয়ন (Study)

16. পৰিস্থিতিতন্ত্রত ___ প্রাথমিক উৎপাদক বোলে।
(a) তৃণভোজী জন্তুক
(b) মাংসহাৰী জন্তুক
(c) সেউজীয়া উদ্ভিদক
(d) বিয়োজকক
উত্তৰঃ (c) সেউজীয়া উদ্ভিদক।

17. খাদ্য শৃংখলত শক্তিৰ ভঁৰাল হ'ল ---
(a) সূর্য
(b) সেউজীয়া উদ্ভিদ
(c) ক্লৰফিল
(d) পানী
উত্তৰঃ (a) সূর্য

18. খাদ্য শৃংখল যিমানে চুটি হয় সিমানে শক্তি ___ হয়।
(a) কম
(b) বেছি
(c) ক্ষয়
(d) নাটনি
উত্তৰঃ (a) কম

19. পৰিবেশ সম্বন্ধে বিশদভাবে অধ্যয়ন কৰা বিষয়টোক কি বোলে?
(a) পৰিবেশ বিজ্ঞান
(b) জীৱ বিজ্ঞান
(c) প্রাণী বিজ্ঞান
(d) পৰিস্থিতি বিজ্ঞান
উত্তৰঃ (d) পৰিস্থিতি বিজ্ঞান।

20. ইক'ল'জী শব্দৰ অৰ্থ কি?
(a) জীৱৰ ঘৰ বা বাসস্থান
(b) জীৱৰ কৰ্ম
c) জীৱৰ অভিজ্ঞতা
(d) জীৱৰ ভ্ৰমণ
উত্তৰ: (a) জীৱৰ ঘৰ বা বাসস্থান।

21. পৃথিৱীৰ জীৱমণ্ডল কি কি ভাগত বিভক্ত?
(a) মাটি আৰু পানী
(b) উদ্ভিদ আৰু প্রাণী
(c) ৰ'দ আৰু বৰষুণ
(d) গছ আৰু পানী
উত্তৰঃ (b) উদ্ভিদ আৰু প্ৰাণী

22. জীৱৰ বাসস্থানৰ ভিন্নতাৰ কাৰণ কি?
(a) পৰিবেশৰ ভিন্নতা
(b) কৰ্মৰ ভিন্নতা
(c) আকাৰৰ ভিন্নতা
(d) খাদ্যৰ ভিন্নতা
উত্তৰ: (a) পৰিবেশৰ ভিন্নতা

23. একে পৰিবেশত একেলগে জীৱনধাৰণ কৰা জীর সমষ্টিক কি বোলে?
(a) সম্প্রদায়
(b) জাতি
(c) বৰ্ণ 
(d) পৰিয়াল
উত্তৰ: (a) সম্প্রদায়

24. পৰিস্থিতিতন্ত্র নামটো কোনে দিয়ে?
(a) ডাৰউইন
(b) মেণ্ডেল
(c) লেমার্ক
(d) চাৰ এ.জি. টেন্‌শ্লি
উত্তৰঃ (d) চাৰ এ.জি. টেনশ্লি

25. সেউজীয়া উদ্ভিদক প্রাথমিক বোলাৰ কাৰণ কি?
(a) খাদ্য উৎপাদন কৰে
(b) খাদ্য বিতৰণ কৰে
(c) খাদ্য ভক্ষণ কৰে
(d) খাদ্য সঞ্চয় কৰে
উত্তৰ: (a) খাদ্য উৎপাদন কৰে

26. উদ্ভিদে খাদ্য প্রস্তুত কৰা প্ৰণালীটোক কি বোলে?
(a) সালোক বিশ্লেষণ
(b) আলোক বিশ্লেষণ
(c) সালোক সংশ্লেষণ
(d) ওপৰৰ এটাও নহয়
উত্তৰঃ (c) সালোক সংশ্লেষণ

27. জীৱৰ পৰিপুষ্টিৰ সময়ত কিমান শক্তি শ্বাস- প্রশ্বাস আৰু দেহৰ উত্তাপত খৰচ হয়?
(a) ৯০ শতাংশ
(b) ৮০ শতাংশ
(c) ৭০ শতাংশ
(d) ৬০ শতাংশ
উত্তৰ: (a) ৯০ শতাংশ



Post a Comment

0 Comments