1. চৌম্বক ক্ষেত্ৰত ৰখা প্রবাহযুক্ত পৰিবাহীত প্রয়োগ হোৱা বলৰ দিশ নিৰ্ণয় কৰা নীতিটো হ’ল—
(a) সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি।
(b) ফ্লেমিঙৰ বাঁওহতীয়া নীতি।
(c) ফ্লেমিঙৰ সোঁহতীয়া নীতি।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (b) ফ্লেমিঙৰ বাঁওহতীয়া নীতি।
class 10 science lesson 13 assamese medium mcq
2. প্রবাহযুক্ত বৃত্তাকাৰ কুণ্ডলীয়ে উৎপন্ন কৰা চৌম্বক ক্ষেত্ৰৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অসত্য—
(a) কুণ্ডলীৰ কেন্দ্ৰত চৌম্বক ক্ষেত্র সুষম।
(b) কুণ্ডলীৰ কেন্দ্ৰত চৌম্বক বলৰেখাবোৰ সৰলৰেখা।
(c) পাকৰ সংখ্যা বঢ়ালেও কুণ্ডলীৰ অন্তৰ্ভাগত চৌম্বক ক্ষেত্ৰৰ মান একে থাকে।
(d) কুণ্ডলীত প্রবাহৰ মান বঢ়ালে কুণ্ডলীৰ অন্তর্ভাগত উৎপন্ন চৌম্বক ক্ষেত্ৰৰ মানো বাঢ়ে।
উত্তৰঃ (c)পাকৰ সংখ্যা বঢ়ালেও কুণ্ডলীৰ অন্তৰ্ভাগত চৌম্বক ক্ষেত্ৰৰ মান একে থাকে।
3. ভাৰতত সজীৱ আৰু উদাসীন তাঁৰৰ মাজত ৰখা বিভৱভেদৰ মান—
(a) 100V
(b) 200V
(c) 250V
(d) 220V
উত্তৰঃ (d) 220V
class 10 science lesson 13 assamese medium mcq with answers
4. ভাৰতত পৰিবর্তী প্রবাহৰ কম্পনাংক হ’ল-
(a) 25Hz
(b) 50Hz
(c) 100Hz
(d) 5Hz
উত্তৰঃ (b) 50Hz
5. চৌম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা কুণ্ডলী এটাত আৱিষ্ট হোৱা প্ৰবাহৰ দিশ নিৰ্ভৰ কৰা কাৰকটো হ’ল—
(a) কুণ্ডলীৰ গতিৰ দিশ।
(b) চৌম্বক ক্ষেত্ৰৰ দিশ।
(c) (a) আৰু (b) দুয়োটা।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (c) (a) আৰু (b) দুয়োটা।
class 10 science lesson 13 assamese medium mcq questions and
6. প্ৰবাহযুক্ত পোন পৰিবাহীৰ চাৰিওফালে উৎপন্ন চৌম্বক ক্ষেত্ৰৰ দিশ পৰিবাহীৰ মাজেৰে চালিত দিশৰ ওপৰত নিৰ্ভৰ কৰে। এনে ক্ষেত্ৰত চৌম্বক ক্ষেত্ৰৰ দিশ নিৰ্ধাৰণ কৰিবলৈ ব্যৱহৃত নীতিটো হ’ল–
(a) সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি।
(b) ফ্লেমিঙৰ বাঁওহতীয়া নীতি।
(c) ফ্লেমিঙৰ সোঁহতীয়া নীতি।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (a) সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি।
7. প্রবাহযুক্ত চ’লেনইড এটাৰ অন্তৰ্ভাগৰ চৌম্বক ক্ষেত্ৰৰ মান নিৰ্ভৰ কৰা কাৰকটো হ’ল—
(a) কুণ্ডলীৰ মাজেৰে চালিত প্রবাহ।
(b) কুণ্ডলীৰ ব্যাসাৰ্দ্ধ।
(c) কুণ্ডলীৰ পাকৰ সংখ্যা।
(d) ওপৰৰ আটাইকেইটা।
উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।
class 10 mcq
8. চৌম্বক বলৰেখাৰ বাবে তলৰ কোনটো উক্তি অসত্য–
(a) দুডাল চৌম্বক বলৰেখাই কেতিয়াও কটাকটি কৰিব নোৱাৰে।
(b) চৌম্বক বলৰেখাবোৰ চুম্বকৰ উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত প্ৰৱেশ কৰে।
(c) চুম্বকৰ অন্তৰ্ভাগত চৌম্বক বলৰেখাৰ দিশ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ।
(d) চৌম্বক বলৰেখাবোৰ কিছুমান বন্ধ বক্র।
উত্তৰঃ (c) চুম্বকৰ অন্তৰ্ভাগত চৌম্বক বলৰেখাৰ দিশ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ।
class 10 science chapter 13 mcq questions assamese medium
9. চৌম্বক ক্ষেত্ৰত ৰখা প্রবাহযুক্ত পৰিবাহীত প্রয়োগ হোৱা বলৰ মান তলৰ কোনটো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে—
(a) পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহৰ মান।
(b) চৌম্বক ক্ষেত্ৰখনৰ মান।
(c) পৰিবাহীৰ দৈৰ্ঘ্য।
(d) ওপৰৰ আটাইকেইটা।
উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।
10. চৌম্বক ক্ষেত্ৰত ৰখা প্রবাহযুক্ত পৰিবাহীত প্ৰয়োগ হোৱা বলৰ দিশ নিৰ্ভৰ কৰা কাৰকটো হ’ল–
(a) চৌম্বক ক্ষেত্ৰৰ দিশ।
(b) পৰিবাহীৰ মাজেৰে চালিত প্রবাহৰ দিশ।
(c) (a) আৰু (b) দুয়োটা।
(d) (d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (c) (a) আৰু (b) দুয়োটা।
class 10 science chapter 13 mcq assamese medium
11. কাষৰ চিত্ৰত এটা আলফা কণা (ধনাত্মক আধানযুক্ত) চৌম্বক ক্ষেত্ৰ এখনত লম্বভাবে সোমাইছে। আলফা কণাৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ হ’ব—
(a) সোঁফাললৈ।
(b) বাঁওফাললৈ।
(c) পৃষ্ঠাৰ বাহিৰলৈ।
(d) পৃষ্ঠাৰ ভিতৰলৈ।
উত্তৰঃ (c) পৃষ্ঠাৰ বাহিৰলৈ।
12. বৰ্তনীত প্ৰবাহৰ উপস্থিতি নিৰ্ণয় কৰা সঁজুলিবিধ হ’ল–
(a) গেলভেন’মিটাৰ।
(b) এমিটাৰ।
(c) ভল্টমিটাৰ।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (a) গেলভেন’মিটাৰ।
13. চৌম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্থাত প্ৰ'টন এটাৰ নিম্নোক্ত কোনটো ধৰ্ম সলনি হ'ব পাৰে ? (ইয়াত এটাতকৈ বেছি শুদ্ধ উত্তৰ থাকিব পাৰে)
(a) ভৰ
(b) দ্ৰুতি
(c) বেগ
(d) ভৰবেগ
উত্তৰঃ (c) বেগ আৰু (d) ভৰবেগ
class 10 science chapter 13 question answer assamese medium mcq
14. চৌম্বক ক্ষেত্ৰত ঘূৰোৱা কুণ্ডলী এটাত আবিষ্ট প্রবাহৰ দিশ নিৰ্ণয় কৰা নীতিটো হ’ল–
(a) ফ্লেমিঙৰ সোঁহতীয়া নীতি।
(b) ফ্লেমিঙৰ বাঁওহতীয়া নীতি।
(c) সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (a) ফ্লেমিঙৰ সোঁহতীয়া নীতি।
15. বিদ্যুৎ আৱেশৰ পৰিঘটনা হৈছে—
(a) বস্তু আহিতকৰণৰ প্ৰক্ৰিয়া
(b) কুণ্ডলীত চালিত প্রবাহে চৌম্বক ক্ষেত্র সৃষ্টি কৰা প্ৰক্ৰিয়া।
(c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্রবাহ সৃষ্টি হোৱাৰ প্রক্রিয়া
(d) বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূৰ্ণনৰ প্ৰক্ৰিয়া।
উত্তৰ : (c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্ৰৱাহ সৃষ্টি হোৱাৰ প্রক্রিয়া।
16. হ্রস্ববর্তনী (Short Circuit) হোৱাৰ সময়ত বৰ্তনীটোত প্ৰবাহ—
(a) বুজন পৰিমাণে কমি যায়
(b) সলনি নহয়।
(c) বুজন পৰিমাণে বৃদ্ধি পায়।
(d) অবিৰতভাৱে সলনি হয়।
উত্তৰ : (c) বুজন পৰিমাণে বৃদ্ধি পায়।
class 10 science lesson 13 assamese medium
17. ভাৰতত AC ৰ দিশ সলনি হয় প্রতি –
(a) 0.01 ছেকেণ্ডত।
(b) 0.02 ছেকেণ্ডত।
(c) 1 ছেকেণ্ডত।
(d) 5 ছেকেণ্ডত।
উত্তৰঃ (a) 0.01 ছেকেণ্ডত।
18. হ্রস্ববর্তনী (Short Circuit) হোৱাৰ সময়ত বৰ্তনীটোত প্ৰবাহ—
(a) বুজন পৰিমাণে কমি যায়
(b) সলনি নহয়।
(c) বুজন পৰিমাণে বৃদ্ধি পায়।
(d) অবিৰতভাৱে সলনি হয়।
উত্তৰ : (c) বুজন পৰিমাণে বৃদ্ধি পায় ।
19. তামৰ তাঁৰৰ আয়তাকাৰ খুণ্ডলী এটা চৌম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা হৈছে । আৱিষ্ট প্ৰবাহৰ দিশ প্ৰতি----
(a) দুপাকত সলনি হ'ব।
(b) এপাকত সলনি হ'ব।
(c) আধা পাকত সলনি হ'ব।
(d) এশকৰ চাৰি ভাগৰ এভাগত সলনি হ'ব।
উত্তৰঃ (c) আধা পাকত সলনি হ'ব।
20. তলৰ কোনটোৱে এডাল পোন, দীঘল পৰিবাহীৰ ওচৰৰ চৌম্বক ক্ষেত্ৰ শুদ্ধভাৱে বৰ্ণনা কৰে?
(a) ক্ষেত্ৰখন তাঁৰডালৰ লম্ব সৰল ৰেখাৰে গঠিত।
(b) ক্ষেত্ৰখন তাঁৰডালৰ সমান্তৰাল সৰল ৰেখাৰে গঠিত।
(c) ক্ষেত্ৰখন তাঁৰডালৰ পৰা ওলোৱা কিছুমান পৰিধিমুখী (radial) ৰেখাৰে গঠিত।
(d) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্রিক বৃত্তৰে গঠিত।
উত্তৰ : (d) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্ৰিক বৃত্তৰে গঠিত।
class 10 science chapter 13 assamese medium question answer
21. বৈদ্যুতিক প্রবাহ উৎপন্ন সঁজুলিক ---
(a) জেনেৰেটৰ বোলা হয়।
(b) গেলভেন'মিটাৰ বোলা হয়।
(c) এমিটাৰ বোলা হয়
(d) মটৰ বোলা হয়।
উত্তৰ : (a) জেনেৰেটৰ বোলা হয়।
22. পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰ আৰু প্ৰত্যক্ষ প্ৰবাহ জেনেৰ্টেৰ মাজৰ আৱশ্যকীয় পাৰ্থক্যটো হৈছে ---
(a) পৰিবর্তী প্রবাহ জেনেৰেটৰত বিদ্যুৎ চুম্বক থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত স্থায়ী চুম্বক থাকে।
(b) প্রত্যক্ষ প্রবাহ জেনেৰেটৰে উচ্চ বিভৱ ভেদ উৎপন্ন কৰে।
(c) পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰে উচ্চ বিভৱভেদ উৎপন্ন কৰে।
(d) পৰিৱৰ্তী প্ৰবাহ জেনেৰেটৰত ফলা আঙুঠি থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক্ পৰিবর্তক থাকে।
উত্তৰ : (d) পৰিবৰ্তী প্রবাহ জেনেৰেটৰত ফলা আঙুঠি থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক্ পৰিবর্তক থাকে।
23. তলৰ উক্তিসমূহ শুদ্ধ নে ভুল কোৱা ---
(a) এটা বৈদ্যুতিক মটৰে যান্ত্ৰিক শক্তিক বৈদ্য়ুতিক শক্তিলৈ ৰূপান্তৰ কৰে।
(b) এটা বৈদ্যুতিক জেনেৰেটৰে বিদ্যুৎ চুম্বকীয় আৱেশৰ মূলনীতি অনুসৰি কাৰ্য সম্পাদন কৰে।
(c) এডাল দীঘল বৃত্তাকাৰ প্ৰবাহযুক্ত পৰিবাহীৰ কেন্দ্ৰত ক্ষেত্ৰখন সমান্তৰাল সৰল ৰেখা হ'ব।
(d) সেউজীয়া অন্তৰকৰ তাঁৰ সাধাৰণতে বৈদ্যুতিক যোগানৰ সজীৱ তাঁৰ বোলে।
উত্তৰঃ (a) ভূল (b) শুদ্ধ
(c) শুদ্ধ (d) ভূল

0 Comments
Send Your Questions And Queries Here