ব্লক ডেল্সমেন্ট বিষয়ালৈ সাহায্য বিতৰণৰ বাবে লিখা পত্র। A Letter to The BDO For Distributing Of Relief Materials



প্ৰতি,
মাননীয় উন্নয়ন খণ্ড বিষয়া (বি.ডি.অ). সমীপেষু,
পানীতোলা উন্নয়ন খণ্ড
ডাক : চাবুৱা 

বিষয়: সাহায্য বিতৰণৰ বাবে আবেদন।

মহাশয়,
      সন্মান পূর্ব্বক বিনীত নিবেদন এইযে আপোনাক জনাও যে আমি পানীতোলা ব্লকৰ অন্তৰ্গত উত্তৰ বালিজান চাহ বাগিচাৰ, স্থানীয় বাসিন্দা। মহোদয়, যোৱা সপ্তাহত পাৰ হৈ যোৱা প্ৰবল ধুমুহা আৰু ঘূর্ণী বতাহত আমাৰ এই অঞ্চল বৰ বেয়া ধৰণে ক্ষতিগ্রস্ত হৈছে। এই অঞ্চলৰ বেছিভাগ বাসিন্দাৰে বৰ্তমান থাকিবলৈ ঘৰ-বাৰী নোহোৱা হৈছে, যাৰবাবে অস্থায়ীভাবে স্থানীয় প্ৰাথমিক বিদ্যালয় আৰু ৰাজহুৱা অনুষ্ঠানবোৰত আশ্রয় ল'বলগীয়া হৈছে। 

       গতিকে আপোনাৰ ওচৰত আমাৰ এয়েই প্রার্থনা যে ক্ষতিগ্রস্ত পৰিয়াল কেইটাক উপযুক্ত পৰিমাণে সাহায্য সামগ্ৰী আৱণ্টন দি বাধিত কৰে যেন।


ইতি
আপোনাৰ বিশ্বাসী,
শ্রীহৰেৰাম তাঁতী,
শ্ৰী বিনীত তাঁতী
শ্ৰী অৰ্ণৱ তাঁতী 
শ্ৰী হেমৰাম তাঁতী 

Post a Comment

0 Comments