১. কৰিবলগীয়া কাম -- কৰ্তব্য।
২. যাক সহজে লাভ কৰা যায় -- সুলভ।
৩. যাক পাবলৈ টান -- দুৰ্লভ।
৪. যাৰ পুত্ৰ নাই -- অপুত্ৰক।
৫. যি সংকল্প কৰিছে -- কৃতসংকল্প।
৬. যি অনাই বনাই ঘূৰি ফুৰে -- যাযাবৰ, অঘৰী।
৭. যাৰ মূৰত চুলি নাই -- তপামূৰ।
৮. যি মৰোঁ মৰোঁ অৱস্থাত আছে -- মুমুৰ্ষু।
৯. যি কোনো পক্ষ নলয় -- নিৰপেক্ষ।
১০. যাৰ পূৰ্ব জন্মৰ কথা মনত আছে -- জাতিস্মৰ।
১১. যি সমাপ্ত হোৱা নাই -- অসমাপ্ত।
১২. যি কণীৰ পৰা জন্মে -- অণ্ডজ।
১৩. য'লৈ যোৱা টান -- দুৰ্গম।
১৪. যি ৰণত মতলীয়া -- ৰণমত্ত।
১৫. যি বিষ্ণুক পূজা কৰে -- বৈষ্ণৱ।
১৬. যি শিৱক পূজা কৰে -- শৈৱ।
১৭. যি শক্তিক পূজা কৰে -- শাক্ত।
১৮. যাৰ দয়া-মমতা নাই -- নিৰ্দয়।
১৯. কথা কোৱাৰ যি ইচ্ছা -- বিবক্ষা।
২০. মাৰিবলৈ (বা হনন কৰিবলৈ) কৰা ইচ্ছা -- জিঘাংসা।
২১. যাৰ কোনো শত্ৰু নাই (বা শত্ৰু জন্মা নাই) -- অজাতশত্ৰু।
২২. যি সকলো জানে -- সৰ্বজ্ঞ।
২৩. যি গোচৰ তৰে -- গুচৰীয়া।
২৪. যি ৰাতি চৰে -- নিশাচৰ।
২৫. যিজনে ভাল-বেয়া বিচাৰ কৰিব নোৱাৰে-- অবিবেচক।
২৬. যাক পৰিহাৰ কৰিব নোৱাৰি -- অপৰিহাৰ্য।
২৭. যি কথা কোৱা উচিত নহয় -- অকথ্য।
২৮. যিজনে ইন্দিয় জয় কৰিব পাৰে -- জিতেন্দ্ৰিয়।
২৯. যি কথাৰ অৰ্থ নাই -- অৰ্থহীন, নিৰৰ্থক।
৩০. যিজনে ভৱিষ্যৎ চিন্তা কৰিব পাৰে -- দূৰদৰ্শী।
৩১. যিজনে দূৰলৈ দেখে -- দূৰদৰ্শী।
৩২. যি আগেয়ে হোৱা নাই -- অভূতপূৰ্ব।
৩৩. যাৰ দুই হাত সমানে চলে -- সব্যসাচী।
৩৪. নিজে নিজে হোৱা -- স্বয়ম্ভু।
৩৫. পি খোৱা বস্তু -- পেয়।
৩৬. চেলেকি খোৱা বস্তু -- লেহ্য।
৩৭. চোবাই খোৱা বস্তু -- চব্য।
৩৮. দৰমহা নোলোৱাকৈ কাম কৰা মানুহ --অবৈতনিক।
৩৯. ভৰিৰপৰা মূৰলৈকে -- আপাদমস্তক।
৪০. আনৰ দোষ দেখা স্বভাৱ -- অসূয়া।
৪১. সখিয়েকৰ মাক -- আমৈ।
৪২. বন্ধু-বান্ধৱীৰ সৈতে -- সবান্ধৱে।
৪৩. কাৰো নাম নধৰাকৈ পৰা গালি -- গুৱাল গালি।
৪৪. ফুল নুফুলাকৈ গুটি হোৱা গছ - বনস্পতি।
৪৫. সীমা নথকা -- অসীম।
৪৬. মাটিৰে নিৰ্মিত -- মৃণ্ময়।
৪৭. মেলত পাৰ্গত -- মেলেকী।
৪৮. লোকক দেখি পাছত যি কৰে - অনুকৰণ।
৪৯. এটা সন্তান হোৱাৰ পিছত আৰু সন্তান নোহোৱা তিৰোতা -- কাকবন্ধ্যা, বিয়ৈবাঁজী, কাউৰ বাঁজী।
৫০. হতভাগ্য যাৰ -- হতভগা।
৫১. ধান ৰোৱা তিৰোতা -- ৰোৱনী।
৫২. ধান দোৱা তিৰোতা -- দাৱনী।
৫৩. বীণা আছে পাণিত যাৰ -- বীণাপাণি।
৫৪. দেশৰ ভালৰ কাৰণে কাম কৰা মানুহ --দেশকৰ্মী।
৫৫. দেশৰ কামত মৃত্যু বৰণ কৰা মানুহ -- শ্বহীদ।
৫৬. পথৰপৰা যি বিচলিত হৈছে -- পথভ্ৰষ্ট।
৫৭. নোহোৱা বস্তু যি উলিয়ায় -- আৱিষ্কাৰক, উদ্ভাৱক।
৫৮. ৰূপেৰে নিৰ্মিত বা চৰোৱা -- ৰূপোৱালী।
৫৯. সোণেৰে নিৰ্মিত বা সোণ চৰোৱা -- সোণোৱালী।
৬০. দেশক ভাল পোৱা মানুহ -- দেশভক্ত, দেশপ্ৰেমিক।
৬১. নিজৰ ওপৰত যি নিৰ্ভৰ কৰে --স্বাৱলম্বী, আত্মনিৰ্ভৰশীল।
৬২.বহুত কলগছ থকা ঠাই -- কলনি।
৬৩. আনৰ ভাল দেখিব নোৱাৰা - পৰশ্ৰীকাতৰ।
৬৪. গোটেই জীৱনজুৰি -- আজীৱন।
৬৫. দীৰ্ঘকাল জীয়াই থকা -- দীৰ্ঘজীৱী।
৬৬. হঠাতে হোৱা ঘটনা -- আকস্মিক।
৬৭. বিহুৰ আগদিনা -- উৰুকা।
৬৮. লোকৰপৰা নিন্দা -- লোকনিন্দা।
৬৯. যি হিচাপমতে নচলে -- বেহিচাপী।
৭০. ভিক্ষাৰ অভাৱ -- দুৰ্ভিক্ষ।
৭১. ঘৰ নাই যাৰ -- অঘৰী।
৭২. প্ৰৱাসত থকা মানুহ -- প্ৰৱাসী, প্ৰৱসুৱা।
৭৩. একে গুৰুৰ শিষ্য -- সতীৰ্থ, হৰি ভকত।
৭৪. সত্য কথা কোৱা মানুহ -- সত্যবাদী।
৭৫. ঈশ্বৰত যাৰ বিশ্বাস নাই -- নাস্তিক।
৭৬. যাৰা অন্ত নাই -- অনন্ত।
৭৭. বোকাত যাৰ জন্ম -- পংকজ।
৭৮. নিজৰ ৰূপ-যৌৱন লৈ গৌৰৱ কৰা তিৰোতা -- মানিনী।
৭৯. যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে -- কৃতজ্ঞ।
৮০. যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে --অকৃতজ্ঞ।
৮১. যি পুৰুষৰ ঘৈণীয়েক মৰিছে -- বৰলা।
৮২. যাক দেখা নাযায় -- অদৃশ্য।
৮৩. যি নাৰীৰ স্বামী মৰিছে -- বিধৱা।
৮৪. এবাৰ ফল দিয়াৰ পাছতে যি গছ মৰি যায় -- ঔষধি।
৮৫. বিয়া নকৰোৱা মানুহ -- অবিবাহিত, বৰলা বা ডাং বৰলা।
৮৬. একে উদৰৰ পৰা বা একে মাকৰ পৰা জন্ম যাৰ -- সহোদৰ, সহোদৰা।
৮৭. পৰৰ অধীন -- পৰাধীন।
৮৮. পৰৰ মুখলৈ অপেক্ষা কৰা মানুহ -পৰমুখাপেক্ষী।
৮৯. পৰৰ সৌভাগ্য দেখি যি কাতৰ হয় --পৰশ্ৰীকাতৰ।
৯০. যি গৰু ম'হৰ গাড়ী চলায় -- গাড়োৱান।
৯১. কানি খোৱা মানুহ -- কানীয়া।
৯২. বাটেদি যোৱা মানুহ -- বাটৰুৱা।
৯৩. মিছা কথা কোৱা মানুহ -- মিছলীয়া।
৯৪. কাঁহৰ বাচন গঢ়োঁতা -- কঁহাৰ।
৯৫. মাটিৰ বাচন সাজোঁতা -- কুমাৰ।
৯৬. যি সকলে নাও বায় -- নাৱৰীয়া।
৯৭. যি জলত চৰে -- জলচৰ।
৯৮. যি শত্ৰুক বধ কৰে -- শত্ৰুঘ্ন।
৯৯. ব্যাকৰণত যি পাৰদৰ্শী -- বৈয়াকৰণিক, বৈয়াকৰণ।
১০০. যাক সহজে লঙ্ঘন কৰিব নোৱাৰি --
অলঙ্ঘ্য।

0 Comments
Send Your Questions And Queries Here