Class 10 || General Science || Lesson 16. প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা Management Of Natural Resources (46 MCQ)



1. গংগা নদীৰ কাৰ্যকৰী আঁচনি ৰূপায়িত হৈছিল
(a) 1983 চনত
(b) 1984 চনত
(c) 1986 চনত
(d) 1985 চনত
উত্তৰ: (d) 1985 চনত


2. তলৰ কোনটোৰ সংৰক্ষণৰ লগত চিপকো আন্দোলন জড়িত?
(a) গছ
(b) পানী
(c) নদী .
(d) বন্যপ্রাণী
উত্তৰ: (a) গছ

3. বৃহৎ নদীবান্ধ নিৰ্মাণৰ লগত জড়িতহৈ থকা সমস্যাসমূহ হ'ল- (HSLC '15)
(a) বৃহৎ পৰিমাণৰ শস্য পথাৰ হেৰুৱালগীয়া হয়
(b) বৃহৎ পৰিস্থিতিতন্ত্র বিনষ্ট হয়
(c) (i) আৰু (ii) এটাও নহয়
(d) (i) আৰু (ii) দুয়োটা
উত্তৰ: (iv) (i) আৰু (ii) দুয়োটা।

4. তলৰ কোনটো নবীকৰণ শক্তিৰ উৎস নহয়?
(HSLC-2017)
(a) সূর্য
(b) বায়ু
(c) জীৱাশ্মজাত ইন্ধন
(d) পানী
উত্তৰ : (c) জীৱাশ্মজাত ইন্ধন

5. জল প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্রণ আইনৰ অধীনত ___ টা অধ্যায় আছে।
(a) পাচটা
(b) দুটা
(c) আঠটা
(d) চাৰিটা
উত্তৰ: (c) আঠটা

6. কেন্দ্ৰীয় পৰিষদে ___ ৰ পৰামৰ্শমতে কাম কৰিব লাগে।
(a) কেন্দ্ৰীয় চৰকাৰ
(b) ৰাজ্য চৰকাৰ
(c) উচ্চতম ন্যায়ালয়
(d) ওপৰৰ এটাও নহয
উত্তৰ: (a) কেন্দ্ৰীয় চৰকাৰ

7. বায়ু প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্রণ আইনৰ অধীনত ___ টা অধ্যায় আছে।
(a) সাতটা
(c) নটা
(b) পাচটা
(d) দহটা
উত্তৰ: (a) সাতটা

8. প্রতি বছৰৰ ___ তাৰিখটো বিশ্ব পৰিবেশ দিৱস হিচাপে পালন কৰা হয়।
(a) ১ জুন
(b) ৫ জুন
(c) ৮ জুন 
(d) ৭ জুন 
উত্তৰ: (b) ৫ জুন

9. তলৰ কোনটো ৰাজস্থানত ব্যৱহাৰ হোৱা এটা পুৰণি পানী সঞ্চয়ন পদ্ধতি?
(a) কুলহ্
(b) খাদিন
(c) এৰি
(d) কাট্টা
উত্তৰ: (b) খাদিন

10. তলত দিয়া ভাৰতৰ কোনখন ৰাজ্যৰ পানী সঞ্চয়নৰ দুটা পুৰণি প্ৰথাৰ নাম বন্ধাৰা আৰু তাল-
(a) ৰাজস্থান
(b) বিহাৰ
(c) গুজৰাট
(d) মহাৰাষ্ট্ৰ
উত্তৰ: (d) মহাৰাষ্ট্ৰ

11. মধ্য প্রদেশ আৰু উত্তৰ প্ৰদেশত প্রচলিত পানী সঞ্চয়নৰ এটা পৰম্পৰাগ পদ্ধতি হ'ল-
(a) বুন্ধি
(b) নদী
(c) তাল
(d) বান্ধাৰা
উত্তৰ: (a) বুন্ধি

12. আহাৰ আৰু পাইন তলৰ কোনখন ৰাজ্যত ব্যৱহৃত পানী সঞ্চয়নৰ দুটা পৰম্পৰাগত পদ্ধতি?
(a) উত্তৰ প্ৰদেশ
(b) ৰাজস্থান
(c) বিহাৰ
(d) মহাৰাষ্ট্ৰ
উত্তৰ: (c) বিহাৰ

13. হিমাচল প্রদেশত প্রচলিত পানী সঞ্চয়ন পদ্ধতিটো হ'ল-
(a) নদী
(b) কুলহ
(c) এৰি
(d) তাল
উত্তৰ: (b) কুলহ

14. অপর্যাপ্ত বায়ুৰ উপস্থিতিত কয়লা আৰু পেট্ৰ'লিয়াম দহন কৰিলে উৎপন্ন হয়-
(a) কার্বন ডাই অক্সাইড
(b) কার্বন ম'ন'ক্সাইড
(c) ছালফাৰ আৰু নাইট্ৰ'জেনৰ অক্সাইড
(d) ওপৰৰ আটাইকেইটা
উত্তৰ: (b) কার্বন ম'ন'ক্সাইড

15. জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত উৎপন্ন হোৱা তলৰ কোনটো গেছ বিষাক্ত নহয়?
(a) কার্বন ম'ন'ক্সাইড
(ঘ) কার্বন ডাই অক্সাইড
(b) ছালফাৰ ডাই অক্সাইড
(d) নাইট্র'জেন ডাই অক্সাইড
উত্তৰ: (ঘ) কার্বন ডাই অক্সাইড

16. তলৰ কোনটো গেছ এটা সেউজ গৃহ গেছ?
(a) কার্বন ডাই অক্সাইড
(b) কার্বন ম'ন'ক্সাইড
(c) ছালফাৰ ডাই অক্সাইড
(d) নাইট্র'জেন ডাই অক্সাইড
উত্তৰ: a) কার্বন ডাই অক্সাইড

17. তলৰ কোনবিধ বেক্টেৰিয়াৰ উপস্থিতিয়ে ৰোগ-সৃষ্টিকাৰী অণুজীৱৰ দ্বাৰা পানী প্ৰদূষিত হোৱাৰ ইংগিত দিয়ে?
(a) চায়েন' বেক্টেৰিয়া
(b) চালম'নৈলা
(c) ক'লিফর্ম
(d) বেছিলাছ
উত্তৰ: (c) ক'লিফর্ম

18. তলৰ কোনটোক 'জৈৱ বৈচিত্র্যৰ ভঁড়াল' বোলা হয়?
(a) নদী
(b) পুখুৰী
(c) শস্য পথাৰ
(d) বনাঞ্চল
উত্তৰ: (d) বনাঞ্চল

19. তলৰ কোনটো বনাঞ্চলৰ লগত জড়িত এটা অংশীদাৰ নহয়?
(a) উদ্যোগপতিসকল
(b) চৰকাৰৰ বন বিভাগ
(c) কৃষকসকল
(d) বন্যপ্রাণী আৰু প্রকৃতিপ্রেমীসকল
উত্তৰ: (c) কৃষকসকল

20. অমৃতদেৱী বিষ্ণুই তলৰ কোনবিধ গছৰ সুৰক্ষাৰ বাবে প্ৰাণ আহুতি দিছিল?
(a) পাইন গছ
(b) শাল
(c) খেজুৰ
(d) খেজৰি
উত্তৰ: (d) খেজৰি

21. ৰাজস্থানৰ বিষ্ণুই সম্প্রদায় তলৰ কোনটোৰ সংৰক্ষণৰ লগত জড়িত?
(a) কয়লা আৰু পেট্রলিয়াম
(b) পানী
(c) বন আৰু বন্যপ্রাণী
(d) মাটি
উত্তৰ: (c) বন আৰু বন্যপ্রাণী

22. পানী প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্ৰণৰ বাবে ১৯৭৫ চনত বলবৎ কৰা আইনখন কেতিয়া সংশোধন কৰা হয়?
(a) ১৯৭৮ চনত
(b) ১৯৮৮ চনত
(c) ১৯৮৭ চনত
(d) ১৯৯৭ চনত
উত্তৰ: (a) ১৯৭৮ চনত

23. 'জল প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্রণ শুল্ক আইন ১৯৭৭' কেতিয়া বলবৎ কৰা হয়?
(a) ১৯৭৮ চনৰ ১লা এপ্ৰিলৰপৰা
(b) ১৯৭৮ চনৰ ১লা মে'ৰপৰা
(c) ১৯৭৮ চনৰ ১লা জুনৰপৰা
(d) ১৯৭৮ চনৰ ১লা জুলাইৰপৰা
উত্তৰ: (a) ১৯৭৮ চনৰ ১লা এপ্ৰিলৰপৰা

24. ১৯৭২ চনৰ সংযুক্ত ৰাষ্ট্ৰ সম্মিলনৰ মানৱ পৰিবেশ সন্মিলনখন ক'ত অনুষ্ঠিত হৈছিল?
(a) ভাৰতৰ নতুন দিল্লীত
(b) অষ্ট্ৰেলিয়াৰ চিডনীত
(c) চীনৰ বেইজিঙত
(d) ছুইডেনৰ ষ্টকহ'মত
উত্তৰ: (d) ছুইডেনৰ ষ্টকহ'মত

25. ভাৰতবৰ্ষৰ পৰিবেশ (সংৰক্ষণ) আইন কেতিয়া বলবৎ হয়?
(a) ১৯৮৫ চনত
(b) ১৯৮৭ চনত
(c) ১৯৮৬ চনত
(d) ১৯৮৯ চনত
উত্তৰ: (c) ১৯৮৬ চনত

26. চিপকো আন্দোলন কোন চনত আৰম্ভ হৈছিল-
(a) ১৯৫০ চনত
(b) ১৯৬০ চনত
(c) ১৯৭০ চনত
(d) ১৯৮০ চনত
উত্তৰঃ (c) ১৯৭০ চনত

27. আৰাৱলীৰ শাল কেতিয়া পুণৰদ্ধাৰ হৈছিল-
(a) ১৯৮৩ চনত
(b) ১৯৮৪ চনত
(c) ১৯৮৫ চনত
(d) ১৯৮৬ চনত
উত্তৰ: (a) ১৯৮৩ চনত

28. গংগা নদীৰ কাৰ্যকৰী আচনি কোন চনত স্থাপন হৈছিল-
(a) ১৯৮৩ চনত
(b) ১৯৮৪ চনত
(c) ১৯৮৫ চনত
(d) ১৯৮৬ চনত
উত্তৰ: (c) ১৯৮৫ চনত

29. অমৃতা দেৱীয়ে কোন চনত প্রাণ আহুতি দিছিল-
(a) ১৭৩০ চনত
(b) ১৭৩১ চনত
(c) ১৭৩২ চনত
(d) ১৭৩৩ চনত
উত্তৰঃ (b) ১৭৩১ চনত

30. বিষ্ণুই সম্প্ৰদায়ৰ লোক কোন ৰাজ্যত পোৱা যায়-
(a) ৰাজস্থান
(b) কেৰেলা
(c) ছিক্কিম
(d) নাগালেণ্ড
উত্তৰ: (a) ৰাজস্থান

31. অমৃতা দেৱীয়ে কি গছৰ ৰক্ষাৰ বাবে প্রাণ আহুতি দিছিল-
(a) কঁঠাল
(b) বট গছ
(c) আম
(d) খেজৰি
উত্তৰঃ (d) খেজৰি

32. বিড়ি প্রস্তুত কৰিবলৈ কি গছৰ পাত ব্যৱহাৰ কৰা হয়-
(a) টেন্ডু
(b) কঁঠাল
(c) আহত
(d) 'শাল
উত্তৰ: (a) টেন্ডু

33. চিপকো আন্দোলন কোন গাওঁত আৰম্ভ হৈছিল-
(a) পেনি
(b) মেনি
(c) হেনি
(d) ৰেনি
উত্তৰঃ(d) বেনি

34. আৰাবাৰি ফৰেষ্ট কোন জিলাত অৱস্থিত-
(a) মিডনাপুৰ
(b) ভৱানীপুৰ
(c) কালিপুৰ
(d) লক্ষ্মীপুৰ
উত্তৰ: (a) মিডনাপুৰ

35. টেইৰাই নদীবান্ধ কোন নদীত অৱস্থিত-
(a) যমুনা 
(b) সৰস্বতী 
(c) গংগা 
(d) ব্ৰহ্মপুত্ৰ
উত্তৰ: (c) গংগা 

36. পৃথিৱীত অতি দ্রুতগতিত হ্রাস পোৱা প্রাকৃতিক সম্পদ হ'ল-
(a) বনাঞ্চল
(c) বতাহ
(b) সৌৰ শক্তি
(d) পানী।
উত্তৰ: (a) বনাঞ্চল

37. গংগা নদীত ক'লিফর্ম বেক্টেৰিয়াৰ প্ৰাচুৰ্যতাৰ প্ৰধান কাৰণ হ'ল-
(a) কাপোৰ ধোৱাৰ বাবে
(b) ছাই পানীত পেলোৱাৰ বাবে।
(c) দহন নোহোৱা কর্প (Corpses) সমূহ পানীত পেলোৱাৰ বাবে।
(d) ইলেক্ট্র'প্লেটিং উদ্যোগৰ পৰা নিষ্কাসিত দ্রব্য পানীত পেলোৱাৰ বাবে।
উত্তৰ: (c) দহন নোহোৱা কর্প (Corpses) সমূহ পানীত পেলোৱাৰ বাবে।

38. কোনো এটা নদীৰ পৰা সংগ্ৰহ কৰা পানীৰ নমুনাৰ PH ৰ মান 3.5-4.5 ৰ ভিতৰত পোৱা গ'ল। নদীৰ পাৰত থকা উদ্যোগবোৰৰ পৰা নিষ্কাসিত পদার্থসমূহ নদীৰ পানীৰ সৈতে মিহলি হয়। তলৰ কোনটো উদ্যোগৰ পৰা নিষ্কাশিত পদাৰ্থৰ বাবে পানীখিনি আম্লিক হয় আৰু PH মান হ্রাস হয়-
(a) সুৰাৰ পাতল উদ্যোগ
(b) চাবোন আৰু অপমার্জক উদ্যোগ
(c) লেড বেটাৰী প্ৰস্তুতকৰণ উদ্যোগ
(d) প্লাষ্টিক কাপ প্রস্তুত কৰা উদ্যোগ
উত্তৰ: (c) লেড বেটাৰী প্ৰস্তুতকৰণ উদ্যোগ

39. তিনিটা R য়ে দীর্ঘ সময়ৰ বাবে প্রাকৃতিক সম্পদ সংৰক্ষণত সহায় কৰে, সেইকেইটা ক্রমে-
(a) ৰিডুচ, ৰিচাইকেল, ৰিইউচ
(b) ৰিডুচ, ৰিইউচ, ৰিডিচট্ৰবেট।
(c) ৰিডুচ, ৰিজেনেৰেট, ৰিইউচ
(d) ৰিচাইকেল, বিজেনেৰেট, বিইউচ।
উত্তৰ: (a) ৰিডুচ, ৰিচাইকেল, ৰিইউচ

40. তলৰ কোনটোৰ সংৰক্ষণৰ বাবে প্রকৃতাৰ্থত বনাঞ্চলৰ সংৰক্ষণ কৰা হয়-
(a) মাত্র তৃণভোজী প্রাণীৰ ৰক্ষণাবেক্ষণ
(b) উচ্চ ট্রফিক তৰৰ প্রাণীৰ ৰক্ষণাবেক্ষণ
(c) বিযোজকৰ ৰক্ষণাবেক্ষণ 
(d) সকলোবোৰ ভৌতিক আৰু জৈৱিক উপাদানৰ বক্ষণাবেক্ষণৰ বাবে কম্প্রিহেনচিভ আঁচনি।
উত্তৰ: (d) সকলোবোৰ ভৌতিক আৰু জৈৱিক উপাদানৰ বক্ষণাবেক্ষণৰ বাবে কম্প্রিহেনচিভ আঁচনি।

41. চিপকো আন্দোলনৰ গুৰুত্বপূর্ণ বার্তাটো হ'ল-
(a) বনাঞ্চল সংৰক্ষণ কার্যত স্থানীয় সম্প্রদায়ক জড়িত নকৰা
(b) বনাঞ্চল সংৰক্ষণ কার্যত স্থানীয় সম্প্রদায়ক জড়িত কৰা।
(c) চৰকাৰী সংস্থা সমূহে কোনো কথা নথকাকৈ কনাঞ্চলৰ গছ ধংস কৰিব পাৰে।
উত্তৰ: (b) বনাঞ্চল সংৰক্ষণ কার্যত স্থানীয় সম্প্রদায়ক জড়িত কৰা।

42. GAP এ সম্পূর্ণ নাম লিখা-
(a) গ্রচ এচিমেনেচন বাই ফট'চিছেচিছ।
(b) গংগা একচন প্লেন
(c) গভর্ণমেন্ট এজেন্সি ফৰ পলুচন কন্দ্রোল (প্রদূষণ
নিয়ন্ত্রণৰ চৰকাৰী সংস্থা)
(d) গভর্ণমেন্ট এজেন্সি ফৰ এনিমেল প্র'টেকচন।
(প্রাণীৰ ৰক্ষণাবেক্ষণৰ বাবে থকা চৰকাৰী সংস্থা)।
উত্তৰ: (b) গংগা একচন প্লেন

43. ভুল উক্তিটো লিখা-
(a) বনাঞ্চলত উদ্ভিদ বিভিন্নতা বহুত বেছি।
(b) বনাঞ্চলৰ পৰা বিভিন্ন ধৰণৰ উৎপাদিত দ্রব্য
আহৰণ কৰিব পাৰি।
(c) বনাঞ্চলে মাটিৰ সংৰক্ষণ নকৰে।
(d) বনাঞ্চলে মাটিৰ সংৰক্ষণ কৰে।
উত্তৰ: (c) বনাঞ্চলে মাটিৰ সংৰক্ষণ নকৰে।

44. তলৰ শুদ্ধ থূপটো বাচি উলিওৱা আৰু য'ত জীৱাশ্ম ইন্ধন নাথাকে-
(a) পেট্রোলিয়াম, কাঠ, সূর্যা
(b) বতাহ, কাঠ, সূর্য্য
(c) কেৰ চিন, বতাহ আৰু জোৱাৰ
(d) বতাহ, সাগৰ আৰু কয়লা।
উত্তৰ: (b) বতাহ, কাঠ, সূর্য্য

45. IUCN ৰ সম্পূৰ্ণ নাম হ'ল-
(a) প্রকৃতি আৰু প্রাকৃতিক সম্পদ সংৰক্ষণৰ  আন্তজাতিক সংস্থা। 
(b) প্রাকৃতিক সম্পদৰ ক্রায়'সংৰক্ষণৰ আন্তর্জাতিক সংস্থা।।
(c) প্রকৃতি সংৰক্ষণৰ ভাৰতীয় সংস্থা।
(d) নাইট্র'জেন সংবক্ষণৰ আন্তর্জাতিক সংস্থা।
উত্তৰ: (a) প্রকৃতি আৰু প্রাকৃতিক সম্পদ সংৰক্ষণৰ আন্তজাতিক সংস্থা। 

46. তলৰ কোনটো অফুৰন্ত সম্পদ (Exhaustible re- sources)?
(a) খনিজ পদার্থ আৰু জীৱাশ্ম ইন্ধন
(b) বৰষুণ আৰু জীৱাশ্ম ইন্ধন।
(c) বায়ু আৰু বোকা
(d) বায়ু আৰু খনিজ পদার্থ।
উত্তৰ: (a) খনিজ পদার্থ আৰু জীৱাশ্ম ইন্ধন

Post a Comment

0 Comments