Class 10 || ৪২ টা ভুল বাক্যৰ শুধৰণি || Correction of 42 Incorrect Sentences In Assamese || Assamese Sentence Correction

১। মোৰ মনত তেৱেঁই ডাঙৰ মানুহ।
👉 মোৰ মানত তেৱেঁই ডাঙৰ মানুহ।



২। যা হওক সি ঠিক সময়ত আহি ওলালহি।
👉 যি কি নহওঁক সি ঠিক সময়ত আহি ওলালহি।

৩। এই কিতাপখন মোৰ কোনো কামত
নালাগে।
👉 এই কিতাপখন মোৰ কোনো কামত নাহে

৪। মোটৰ ওপৰত কথাটো সত্য।
👉 মুঠৰ ওপৰত কথাটো সত্য।

৫। এই ষ্টেচনত গাড়ী আধা ঘণ্টা থামে।
👉 এই ষ্টেচনত গাড়ী আধা ঘণ্টা ৰয়।

৬। কেঁচুৱাটোৰ টোপনি আহিছে।
👉 কেঁচুৱাটো টোপনি গৈছে।

৭। এতিয়া তিনিটা বাজিছে।
👉 এতিয়া তিনি বাজিছে।

৮। ল'ৰাজন এইমাত্ৰ ঘৰত গ'ল।
👉 ল'ৰাজন এইমাত্ৰ ঘৰলৈ গ'ল।

৯। প্ৰধান শিক্ষকক লগ কৰিলা নে?
👉 প্ৰধান শিক্ষকক লগ ধৰিলা নে?

১০। সি মোক গালি দিছে।
👉 সি মোক গালি পাৰিছে।

১১। প্ৰধান শিক্ষকক লগ কৰি কথাটো জানি
অহিবা।
👉 প্ৰধান শিক্ষকক লগ ধৰি কথাটো জানি
অহিবা।

১২। সি অহাকালি গুৱাহাটীলৈ যাব।
👉 সি কাইলৈ গুৱাহাটীলৈ যাব।

১৩। সি যোৱাকালি গুৱাহাটীলৈ গৈছিল।
👉 সি কালি গুৱাহাটীলৈ গৈছিল।

১৪। সি ঠেহ পাতি বিছনাত শুই আছে।
👉 সি ঠেহ পাতি পাটীত শুই আছে।

১৫। একাদশীত ভাত খাবলৈ নাপায়।
👉 একাদশীত ভাত খাব নাপায়।

১৬। সি কামৰ পৰা আহি ভাত খাব ধৰিছে
👉 সি কামৰ পৰা আহি ভাত খাবলৈ ধৰিছে।

১৭। মই কাইলৈ যোৰহাট যাম।
👉 মই কাইলৈ যোৰহাটলৈ যাম।

১৮। তোমালোক আটাইবিলাক আহিবা।
👉 তোমালোক আটায়ে আহিবা।

১৯। তেওঁ ভাল গায়।
👉 তেওঁ ভালকৈ গায়।

২০। ৰাইজসকলক উদ্দেশ্য কৰি সি কথাটো
ক'লে।
👉 ৰাইজক উদ্দেশ্য কৰি সি কথাটো ক'লে।

২১। তুমি অথনি যাবা।
👉 তুমি অথনিকৈ যাবা।

২২। এনেয়ে এইদৰে গালি দিব নাপায়।
👉 এনেয়ে এইদৰে গালি পাৰিব নাপায়।

২৩। মই ভাত খায় স্কুল গ'লোঁ।
👉 মই ভাত খায় স্কুললৈ গ'লোঁ।

২৪। মোৰ মূৰ বিষাইছে।
👉 মোৰ মূৰটো বিষাইছে।

২৫। কাইলৈ এটা বজাত আহিবা।
👉 কাইলৈ এক বজাত আহিবা।

২৬। তোমাৰ দেউতাই কিয় চাহ নাখাই?
👉 তোমাৰ দেউতাৰাই কিয় চাহ নাখায়?

২৭। এতিয়া বজাৰ যাম।
👉 এতিয়া বজাৰলৈ যাম।

২৮। তেওঁ সিংহাসনত আহৰণ কৰিলে।
👉 তেওঁ সিংহাসনত আৰোহণ কৰিলে।

২৯। বৰুৱাৰ ৰচনাৰ ভাষাবোৰ শুৱলা।
👉 বৰুৱাৰ ৰচনাৰ ভাষা শুৱলা।

৩০। এইখন দশম মান শ্ৰেণীৰ পাঠ্য।
👉 এইখন দশম শ্ৰেণীৰ পাঠ্য।
👉 এইখন দশম মানৰ পাঠ্য।

৩১। ৰংবং অহাকালি ডিফুলৈ যাব।
👉 ৰংবং কাইলৈ ডিফুলৈ যাব।

৩২। তোমাৰ মা ঘৰত আছেনে?
👉 তোমাৰ মাৰা ঘৰত আছেনে?

৩৩।তোমাৰ দেউতা ঘৰত আছেনে?
👉 তোমাৰ দেউতাৰা ঘৰত আছেনে?

৩৪। চাৰিটা বজাৰ লগে লগে আমি যাম।
👉 চাৰি বজাৰ লগে লগে আমি যাম।

৩৫। চাৰ্থেসিং কালি হামৰেঙলৈ যাব।
👉 চাৰ্থেসিং কাইলৈ হামৰেঙলৈ যাব।

৩৬। সভাখন গাম্ভীৰ্যতাপূৰ্ণ হৈছিল।
👉 সভাখন গাম্ভীৰ্যপূৰ্ণ হৈছিল।

৩৭। মই স্কুললৈ যাবৰ বাবে বাছ ৰখি আছো।
👉 মই স্কুললৈ যাবৰ বাবে বাছ অহালৈ অপেক্ষা কৰি আছোঁ।

৩৮। সি কালিলৈকে ঘৰ পালেহি।
👉 সি কালি ঘৰ পালেহি।

৩৯। আমি কেইটা বজাত যাত্ৰা আৰম্ভ কৰিম?
👉 আমি কেই বজাত যাত্ৰা আৰম্ভ কৰিম?

৪০। তোমাৰ মাৰ ঘৰ ক'ত?
👉 তোমাৰ মাৰাৰ ঘৰ ক'ত?

৪১। আমি বজাৰ যাম।
👉 আমি বজাৰলৈ যাম।

৪২। ভেঁটফুল ৰাতি ফুটে।
👉 ভেঁটফুল ৰাতি ফুলে।
      
      

Post a Comment

0 Comments