Class 10 Assamese Textbook || SEBA || অসমীয়া সাহিত্য চয়নিকা (নতুন) || শব্দার্থ আৰু টোকা:

শব্দার্থ আৰু টোকা:

বৰগীত 
ছোড়: ছিঙি দিয়া
ধিয়ায়: ধ্যান কৰে
নিগম: নিগম শাস্ত্র
বিষয় বিকলে: সাংসাৰিক দুখ, বিষয়-বাসনাত
মোহ পাশ: মায়াৰ বন্ধন
যাহাকু: যিজনক

জিকিৰ 
আচমান : আকাশ।
আদম : আদি মানব, আল্লাৰ সৃষ্ট প্রথম মানুহ।
কুটুব : ধ্ৰুৱ নক্ষত্র।
তিৰবেণী : ত্রিবেণী। গংগা, যমুনা আৰু সৰস্বতীৰ সংগম স্থল, পৱিত্ৰ ঠাই ।
দৰিয়া : সাগৰ; নদী।
বেহাব : বেপাৰ কৰিব।
মোমিন: বিশ্বাসী, মুছলমান।
ৰচুল: দেৱদূত, ঈশ্বৰ প্ৰেৰিত পুৰুষ, আল্লাৰ দূত।
বান্দা: ভৃত্য।
সঞ্চাৰ: তলা; সঁচাৰ।
জিকিৰ: জিকিৰসমূহ সাৱলীল অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্মৰ তত্ত্ব, আদর্শ আৰু আচাৰ- নীতিৰ মৌলিক ভাব-চিন্তা প্রকাশক কিছু সংখ্যক ভক্তিমূলক গীত। অসমীয়া থলুৱা ভাষাৰ লগতে আৰবী-পাৰ্চী মূলৰ শব্দও জিকিৰত অন্তৰ্ভুক্ত হৈছে। আজান পীৰে এই জিকিৰসমূহ ৰচনা কৰিছিল বুলি জনা যায়। জিকিৰ শব্দটো আৰবী 'জিক্ৰ' শব্দৰ অসমীয়া ৰূপ। ইয়াৰ অৰ্থ হ'ল ঘনে ঘনে উচ্চাৰণ কৰা। আল্লাৰ নাম বাৰম্বাৰ উচ্চাৰণ কৰি উপাসনাত আত্মনিয়োগ কৰাটো ইছলাম ধৰ্মৰ এক প্রচলিত নীতি। যিবোৰ গীতত সঘনে পৰম কৰুণাময় আল্লাৰ প্রতি আনুগত্য প্রকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহো প্রকাশ কৰা হৈছে-তাকে জিকিৰ বোলে। জিকিৰসমূহত ইছলাম ধৰ্মৰ মূল ভাৱাদর্শ, কলিমাৰ মহত্ত্ব, ইহকাল আৰু পৰকালৰ কৰণীয় কৰ্তব্য, মানৱ জীৱনৰ ক্ষণস্থায়িত্ব, ব্যৱহাৰিক জীৱনৰ নানান উপাদেয় কথা ইত্যাদি প্রকাশ কৰা হৈছে। জিকিৰৰ দৰে জাৰী গীতসমূহো অসমীয়া ইছলাম সমাজত বহলভাবে প্রচলিত। আজান ফকিৰ ৰচিত 'জিকিৰ আৰু জাৰী' গীতসমূহত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ পৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰে। উজনি অসমত প্রচলিত বিভিন্ন লোকগীত যেনে-'টোকাৰী গীত', 'দেহবিচাৰৰ গীত' ইত্যাদিৰ সুৰৰ সৈতে 'জিকিৰ আৰু জাৰী' গীতৰ সুৰৰ সাদৃশ্য মন কৰিবলগীয়া। অসমীয়া গীতি-সাহিত্যৰ ইতিহাসত 'জিকিৰ আৰু জাৰী' গীতসমূহ হ'ল নজহা-নপমা এক অমূল্য সম্পদ।

প্ৰশস্তি
অন্তৰীক্ষ: আকাশ; যাক পৃথিৱী আৰু সূৰ্যৰ মাজত দেখা যায়।
ঊষা: সূর্য।
ঋত্বিক: ঋতুযাজক, পুৰোহিত।
কালৰাত্ৰি: আন্ধাৰ ৰাতি।
কিশলয়: কুঁহিপাত, গজালি, কোঁহ।
কীচক বেণু: কীচক বাঁহ, সেই বাঁহেৰে নিৰ্মিত বাঁহী।
কুঙ্কুম: প্রসাধন সামগ্রী বিশেষ।
কুসুম: ফুল।'
ক্লেদ: গেলা মলযুক্ত পানী।
চিত্তহাৰী: মন-প্রাণ হৰি নিয়া।
চামৰ: চোঁৱৰ, চুঁৱৰী পহুৰ নেজৰ মুঠা।
তন্ত্রালস: শ্রান্ত ক্লান্ত, টোপনি যোৱা অৱস্থা।
তেজি: ত্যাগ কৰি।
তান: সুৰ, ৰাগ।
দীর্ণ: ভাগি-ছিগি যোৱা, বিদাৰিত।
পৰিমল: সুগন্ধ।
পুঞ্জীভূত: সঞ্চিত।
ফুল্ল: ফুলি উঠা, পাহি মেলা ফুল।
বসুধা: পৃথিৱী; বসুমতী।
বিহঙ্গ: চৰাই; পক্ষী।
মহামহিম: অতিশয় গৌৰৱান্বিত, বৰ মান্য, খ্যাতিমন্ত।
ৰঞ্জিলে: ৰঙীণ কৰিলে, পোহৰ কৰিলে।

মই অসমীয়া 
অনিৰুদ্ধ: যাক ৰোধ কৰিব নোৱাৰি; বাৰণ কৰিব নোৱাৰি।
আপোনাৰ: নিজৰ।
আলোক: পোহৰ।
এনুৱা: এনেকুৱা।
উচ্ছ্বাস: উলাহ; আনন্দ; আবেগ।
কায়মনে: মনে-প্রাণে; অন্তৰেৰে।
কাৰেংঘৰ: আহোম ৰজাই বাস কৰা ঘৰ।
কিন্নৰ: কুবেৰৰ পাৰিষদ; দেৱলোকৰ গায়ন, এওঁলোকৰ মুখ ঘোঁৰাৰ দৰে দৰে।
খৰম: ভৰিত পিন্ধা কাঠৰ পাদুকা।
খৰমৰ চুলা: কাঠৰ পাদুকাযোৰত পিন্ধাৰ বাবে খুঁটি এটা থাকে। তাকে খৰমৰ চুলা বোলা হয়।
জাতিষ্কাৰ: জকমকীয়া; উত্তমৰূপে সজোৱা।
তৃষা: তৃষ্ণাতুৰ; বৰকৈ হেঁপাহ জগা।
দৃপ্ত: গৰ্বযুক্ত মনোভাৱ।
দীপ্ত: আলোকিত; উজ্জ্বল; জিলিকি থকা।
ধোদ: এলেহুৱা।
ধূসৰ: অস্পষ্ট; ধোঁৱাময়।
নদীৰ বালিত ভৰা সোণ ঢেঁকুৰীয়া: সকলো বস্তুৰে উভৈনদী অসমত নদীৰ বালিতো সোণ পোৱা গৈছিল
নিষ্কর্মা ধোদৰ দলে বান্ধে ৰাজ আলি: ধোদ মানে অতি এলেহুৱা লোক। এনে লোকে কোনো কাৰণতে কাম কৰি নাখায়। এনেহেন ধোদেও স্বৰ্গদেউৰ সুশাসনৰ ফলত ৰাজআলি নিৰ্মাণ কৰিছিল।
পুঠিয়ে কাণত পিন্ধে... সজায় সুৱাগী: অসমৰ সকলো বস্তুবে ইমান মূল্যবান আৰু ধুনীয়া যে পুঠি মাছৰ দৰে সৰু জীৱটোৱেও কাণত সোণৰ থুৰীয়া পিন্ধে আৰু ভেকুলীৰ নিচিনা ক্ষুদ্র প্রাণীটোরেও ফোঁট লৈ ধুনীয়া হৈ থাকে। অর্থাৎ অসম প্রকৃতিৰ দানত অপৰূপা হৈ পৰে।
পুনু: পুনব।
পোৱাল ভৰাদলঙত: প্রবাল এবিধ মূল্যবান সামগ্রী। ইয়াৰ দ্বাৰা নির্মিত দলঙত অসমীয়াই ভৰি ধোৱা কার্য সম্পাদন কবে।
জাংফাই: অসমৰ উত্তৰ-পূৱ ফালৰ মিচিমি পৰ্বতত পোৱা এবিধ গছৰ ৰঙীন গোটমৰা আঠা। ইয়াৰে কেৰু, মণি তৈয়াৰ কৰা হয়।
বিনন্দীয়া: ধুনীয়া; মনোমোহা।
বিহগ: চৰাই, পক্ষী।
বিৰাম বিহীন: কোনো যতি বা বাধা নপৰাকৈ; নিৰবিচিন্নভাবে।
ভকতি: ভক্তি; শ্রদ্ধা।
ভটীয়নি: নৈৰ ভাটি বা নামনিফাল।
ভুৰ: কেইডালমান কলগছ নাইবা বাঁহ নাইবা কেইখনমান কাঠৰ পাত একলগে বান্ধি নাৱৰ দৰে ব্যৱহাৰ কৰা সঁজুলি।
মৰকত: এবিধ সেউজীয়া বঙৰ বাখৰ।
মৰত: মর্ত্য
মিনাকৰা: মিনা লগোৱা; মিনাৰ ৰহণসনা।
মুক্তৰাজ: মুকলিমূৰীয়া একছত্রী শাসন।
মোশ্লেম: মুছলমান; মোগল জাতি।
ৰংঘৰ: আহোম স্বৰ্গদেউসকলে বা ডাঙৰীয়াসকলে ৰং-ধেমালি কৰা আৰু তাত বহি বাহিৰৰ চোতালত মানুহ, জন্তু আদিৰ যুঁজ, খেল-ধেমালি আদি চোৱা ঘৰ। স্বৰ্গদেউ প্রমত্ত সিংহৰ ৰাজত্বকালত এই ৰংঘৰ নিৰ্মাণ কৰা হৈছিল।
ৰণচণ্ডী: যুদ্ধলৈ সাজু হৈ উঠা মানুহ।
ৰাজ অন্তঃপুৰ: ৰজাৰ অন্তেষপুৰ।
শকতি: শক্তি; বল।
শুকান সান্দহ: তিওৱা চাউল ভাজি খুন্দি প্রস্তুত কৰা এবিধ জলপান।
সমৰ: যুদ্ধ।
সৰগ: স্বর্গ।
সাগৰ খানি: আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালত ঠায়ে ঠায়ে ডাঙৰ ডাঙৰ পুখুৰী খন্দা হৈছিল। পুখুৰীবোৰ ইমান ডাঙৰ যে ইয়াক সাগৰৰ লগতহে তুলনা কৰিব পাৰি। উদাহৰণস্বৰূপে শিৱসাগৰ, জয়সাগৰ, গৌৰীসাগৰ, ইত্যাদি।
সুৱাগী: অধিক ধুনীয়াকৈ নিজকে সজোৱা।
স্বর্ণপুৰী: সোণেৰে নিৰ্মাণ কৰা নগৰ।
স্মিৰিতি: স্মৃতি।
হাঁহকণী, চাউলেৰে অসমৰ স্বৰ্গদেৱে দেউল সজায়: অসমৰ পুৰণি মঠ-মন্দিৰবোৰ নিৰ্মাণ কৰোঁতে স্বৰ্গদেউসকলে হাঁহ কণী, বৰা চাউল আদিৰে কৰাল তৈয়াৰ কৰি ব্যৱহাৰ কৰিছিল।
হেংদাং: আহোম যুগত ব্যৱহাৰ কৰা এবিধ তৰোৱাল।

Post a Comment

0 Comments