Class 10 || General Science || SEBA || Lesson 6 : জীৱন প্ৰক্ৰিয়া

A. বহুবিকল্পধৰ্মী প্ৰশ্নোত্তৰ || Multiple Choice Questions (MCQ) & Answers.
1. স্বপোষী ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ নহয় ---
(a) খাদ্য শৃংখলত প্ৰথম ট্ৰ'ফিক স্তৰত থাকে।
(b) সূৰ্যৰ পোহৰৰ অনুপস্থিতিত কাৰ্বন ডাই অক্সাইড আৰু পানীক কাৰ্ব'হাইড্ৰে লৈ ৰূপান্তৰ কৰে।
(c) সিহঁতে কাৰ্বহাইড্ৰেটক শ্বেতসাৰ হিচাপে সঞ্চয় কৰে।
(d) সূৰ্যৰ পোহৰ আৰু ক্ল'ৰফিলৰ উপস্থিতিত কাৰ্বন-ডাই-অক্সাইড আৰু পানীৰ পৰা কাৰ্বহাইড্ৰেট সংশ্লেষণ কৰে।
উত্তৰ: (b) সূৰ্যৰ পোহৰৰ অনুপস্থিতিত কাৰ্বন ডাই অক্সাইড আৰু পানীক কাৰ্ব'হাইড্ৰে লৈ ৰূপান্তৰ কৰে।

2. চাউল তিয়াই ৰখা পানীত কেইটা টোপালমান আয়'ডিন দ্ৰৱ যোগ কৰা হ'ল, তেতিয়া দ্ৰৱৰ ধৰণ নীলা ক'লা হ'ল। এই পৰিৱৰ্তেন পানীৰ দ্ৰৱটোত কি থকা বুজায় ---
(a) স্নেহ পদাৰ্থ 
(b) শ্বেতসাৰ
(c) জটিল প্ৰ'টিন
(d) সৰল প্ৰ'টিন
উত্তৰ: (b) শ্বেতসাৰ

3. উদ্ভিদ ভক্ষণকাৰী প্ৰাণীসমূহক ---
(a) মাংসভোজী 
(b) তৃণভোজী 
(c) সৰ্বভোজী 
(d) পতংগভোজী 
উত্তৰ: (d) পতংগভোজী 

4. মৃতদেহৰ পৰা খাদ্য গ্ৰহণ কৰা প্ৰাণীসমূহক ---
(a) মৃতভোজী
(b) মাংসভোজী 
(c) সৰ্বভক্ষী
(d) এটাও নহয়
উত্তৰ: (a) মৃতভোজী

5. পোষকৰ পৰা আহাৰ গ্ৰহণ কৰি পুষ্টি লাভ কৰা পুষ্টিক ---
(a) পৰজীৱী পুষ্টি 
(b) মৃতজীৱী পুষ্টি 
(c) পূৰ্ণগ্ৰাসী পুষ্টি 
(d) সহজীৱী পুষ্টি
উত্তৰ: (a) পৰজীৱী পুষ্টি

6. স্নায়ু প্ৰেৰণাৰ প্ৰবাহ আৰু পেশীৰ সঞ্চালনত সহায় কৰে ---
(a) ছ'ডিয়াম, পটাছিয়াম মৌলই
(b) কেলছিয়াম, মেগনেছিয়াম মৌলই
(c) লো, মেগনেছিয়াম মৌলই 
(d) এটাও নহয়।
উত্তৰ:

7. ক্ল'ৰফিল গঠনত সহায় কৰে ---
(a) ছ'ডিয়াম
(b) মেগনেছিয়াম
(c) কেলছিয়াম
(d) কোবাল্ট
উত্তৰ: (b) মেগনেছিয়াম

8. হিম'গ্লবিন গঠনত সহায় কৰে ---
(a) লো 
(b) ছ'ডিয়াম
(c) মেগনেছিয়াম
(d) কোবাল্ট
উত্তৰ: (a) লো 

9. সেউজীয়া উদ্ভিদৰ পুষ্টি ---
(a) মৃতজীৱী পোষী পুষ্টি 
(b) পৰপোষিত
(c) স্বপোষিত
(d) পূৰ্ণগ্ৰাসী
উত্তৰ: (c) স্বপোষিত

10. প্ৰাণীৰ পুষ্টি ---
(a) মৃতজীৱী পোষী পুষ্টি 
(b) পৰপোষিত
(c) স্বপোষিত
(d) পূৰ্ণগ্ৰাসী
উত্তৰ: (b) পৰপোষিত

11. মানুহৰ কলেৰা ৰোগ সৃষ্টি কৰে ---
(a) আদ্যপ্ৰাণী
(b) বেক্টেৰিয়া 
(c) কৃমি
(d) পতংগৰ
উত্তৰ: (b) বেক্টেৰিয়া 

12. বিপাকীয় কাৰ্য নিয়ন্ত্ৰণ কৰা পুষ্টি দ্ৰব্য ---
(a) ভিটামিন 
(b) প্ৰ'টিন 
(c) স্নেহ দ্ৰব্য 
(d) কাৰ্বহাইড্ৰেট
উত্তৰ: (a) ভিটামিন 

13. আমাৰ শৰীৰত এণ্টিবডি গঠন কৰে ---
(a) প্ৰ'টিনে
(b) কাৰ্বহাইড্ৰেটে
(c) লিপিডে
(d) এটাও নহয়
উত্তৰ: (a) প্ৰ'টিনে

14. দাঁত আৰু হাড়ৰ গঠনত সহায় কৰে ---
(a) কেলছিয়াম
(b) ছ'ডিয়াম 
(c) পটাছিয়াম 
(d) ছালফাৰ মৌলই
উত্তৰ: (a) কেলছিয়াম

15. অগ্ন্যাশয়ৰ অন্তঃস্ৰাৱী অংশৰ পৰা ক্ষৰিত হোৱা হ'ৰমন ---
(a) ইনছুলিন আৰু গ্লুকাগন
(b) টায়ালিন
(c) ইষ্ট্ৰ'জেন
(d) ৰিলক্সিন
উত্তৰ: (a) ইনছুলিন আৰু গ্লুকাগন

16. পাকস্থলীৰ ৰস ---
(a) আম্লিক 
(b) ক্ষাৰকীয়
(c) প্ৰশমিত 
(d) এটাও নহয়
উত্তৰ: (a) আম্লিক 

17. পেপছিনে পেৰাকেজিনেটক ভাঙি ---
(a) পেপট'ন আৰু প্ৰ'টিওজ
(b) এমিন'এচিড 
(c) মাল্ট'জ
(d) ডেক্সট্ৰ'জেন উৎপন্ন কৰে।
উত্তৰ:

18. পাকস্থলীত আংশিক পাচন হোৱা খাদ্যক ---
(a) কাইম 
(b) ব'লাছ
(c) ক্যাইল 
(d) পিত্ত বোলে।
উত্তৰ: (a) কাইম 

19. আন্ত্ৰিক লাইপেজ --
(a) কাৰ্বহাইড্ৰেট বিশ্লেষী 
(b) স্নেহবিশ্লেষী
(c) প্ৰ'টিন বিশ্লেষী
(d) এটাও নহয়।
উত্তৰ: a) কাৰ্বহাইড্ৰেট বিশ্লেষী 

20. পাকস্থলীত HCl উৎপন্ন কৰে ---
(a) অক্সিন্ টিক কোষে
(b) পেপ্ টিক কোষে 
(c) মিউকাচ কোষে 
(d) পেৰাইটেল কোষে
উত্তৰ: (d) পেৰাইটেল কোষে

To Read Motivational/ Inspirational Status Daily On Whatsapp In Hindi Save My Number 7637961778

21. তলৰ কোনটো ৰসত উৎসেচক নাথাকে ---
(a) পিত্তৰস 
(b) লালটি
(c) আন্ত্ৰিক ৰস
(d) অগ্ন্যাশয় ৰস
উত্তৰ: (a) পিত্তৰস 

22. উদ্ভিদৰ খনিজ পুষ্টিৰ অত্যাৱশ্যকীয় পোষক মৌলৰ সংখ্যা ---
(a) 40
(b) 17
(c) 27
(d) 7
উত্তৰ: (b) 17

23. নীলা সেউজ শেলাই আৰু ৰঙা শেলাইত পোৱা সালোক সংশ্লেষণকাৰী ৰঞ্জক পদাৰ্থ বিধ হ'ল ---
(a) ফাইক'লিজ
(b) ফাইক'বিলিন
(c) ফাইক'মাইচিচ
(d) জেন্থ'ফিল
উত্তৰ:

24. সৌৰ ৰশ্মিৰ ফ'ট'ন কণাত নিহিত হৈ থকা শক্তি হ'ল ---
(a) কোৱাৰ্ক
(b) কোৱাণ্টাম 
(c) কেৰ'টিন
(d) কোষীয় শক্তি
উত্তৰ: (b) কোৱাণ্টাম 

25. সালোক সংশ্লেষণ প্ৰক্ৰিয়াত O2 নিৰ্গত হয় ---
(a) আলোক বিক্ৰিয়া দশাত
(b) তিমিৰ বিক্ৰিয়া দশাত 
(c) কেল'ভিন চক্ৰত 
(d) ওপৰৰ এটাও নহয়।
উত্তৰ: (a) আলোক বিক্ৰিয়া দশাত

26. কোন শ্ৰেণী উদ্ভিদৰ সালোক সংশ্লেষণ কৰিব পৰা ক্ষমতা নাই ---
(a) পতংগভোজী উদ্ভিদ 
(b) আংশিক মূল পৰজীৱী 
(c) সম্পূৰ্ণ কাণ্ড পৰজীৱী 
(d) আংশিক কাণ্ড পৰজীৱী
উত্তৰ: (a) পতংগভোজী উদ্ভিদ

27. মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ ____
(a) পৰিপুষ্টি
(b) শ্বসন 
(c) ৰেচন 
(d) পৰিবহণ
উত্তৰ: (c) ৰেচন 

28. উদ্ভিদৰ দেহত জাইলেমৰ কাম হ'ল ____
(a) পানীৰ পৰিবহণ 
(b) খাদ্যৰ পৰিবহণ 
(c) এমিন'এচিডৰ পৰিবহণ 
(d) অক্সিজেনৰ পৰিবহণ
উত্তৰ: (a) পানীৰ পৰিবহণ

29. স্বপোষীয় পৰিপুষ্টিত প্ৰয়োজন হয় ____
(a) কাৰ্বন ডাই অক্সাইড আৰু পানী
(b) পত্ৰহৰিৎ
(c) সূৰ্যৰ পোহৰ 
(d) ওপৰৰ আটাইকেইটা
উত্তৰ: (d) ওপৰৰ আটাইকেইটা

30. পাইৰুভেত অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় ____
(a) চাইট'প্লাজমত
(b) মাইট'কণ্ড্ৰিয়াত 
(c) ক্ল'ৰপ্লাষ্টত 
(d) কোষকেন্দ্ৰত
উত্তৰ: (b) মাইট'কণ্ড্ৰিয়াত

31. খাদ্য নলীডালক ____ বুলিও কোৱা হয়।
(a) ইচ'ফেগাছ বা গ্ৰাসনলী 
(b) মুখগহ্বৰ
(c) আলজিভা 
(d) শ্বাসনলী
উত্তৰ: (a) ইচ'ফেগাছ বা গ্ৰাসনলী 

32. ____ত হিম'গ্লবিন থাকে।
(a) লোহিত ৰক্তকণিকা (RBC)
(b) শ্বেত ৰক্তকণিকা (WBC)
(c) অনুচক্ৰিকা
(d) লসিকা
উত্তৰ: (b) শ্বেত ৰক্তকণিকা (WBC)

33. তলত উল্লেখিত কোনবিধ এবিধ শ্বাসৰঞ্জক পদাৰ্থ?
(a) হিম'গ্লবিন 
(b) পত্ৰহৰিৎ 
(c) লোহিত ৰক্তকণিকা 
(d) প্লাজমা
উত্তৰ: (a) হিম'গ্লবিন 

34. তলৰ কোনটো পানীত অধিক দ্ৰৱণীয় ?
(a) অক্সিজেন 
(b) কাৰ্বন-ডাই-অক্সাইড
(c) হিম'গ্লবিন 
(d) নাইট্ৰজেন
উত্তৰ: (b) কাৰ্বন-ডাই-অক্সাইড

35. তলৰ কোনটো প্লাজমাই পৰিবহণ‌ নকৰে?
(a) খাদ্য 
(b) কাৰ্বন-ডাই-অক্সাইড 
(c) নাইট্ৰজেন জাতীয় বৰ্জ্য পদাৰ্থ
(d) অক্সিজেন
উত্তৰ: (d) অক্সিজেন

36. স্বাভাৱিক চিষ্ট'লিক আৰু ডায়ষ্টলিক চাপৰ মাত্ৰা হ'ল ____্
(a) 180 মিঃমিঃ আৰু 90 মিঃমিঃ
(b) 220 মিঃমিঃ আৰু 180 মিঃমিঃ
(c) 120 মিঃমিঃ আৰু 80 মিঃমিঃ 
(d) 100 মিঃমিঃ আৰু 60 মিঃমিঃ
উত্তৰ: (c) 120 মিঃমিঃ আৰু 80 মিঃমিঃ

37. দেহৰ বিভিন্ন অংশৰ পৰা হৃদযন্ত্ৰলৈ অক্সিজেনবিহীন তেজ পৰিবহন কৰা ৰক্ত নলীকাৰ নাম _____।
(a) মহাধমনী
(b) মহাসিৰা
(c) ক্লোমধমনী
(d) ক্লোমসিৰা
উত্তৰ: (b) মহাসিৰা

38. মানুহৰ দেহত পাচিত খাদ্যৰ পৰা পানীভাগ শোষণৰ পৰিঘটনাটো সম্পন্ন হয় ____ত।
(a) পাকস্থলী
(b) ক্ষুদ্ৰান্ত
(c) বৃহদান্ত্ৰ
(d) বৃক্ক
উত্তৰ: (c) বৃহদান্ত্ৰ

39. শুদ্ধ উক্তিটো বাছি উলিওৱা:
(a) পৰপোষী জীৱই সিহঁতৰ নিজৰ খাদ্য নিজে সংশ্লেষণ কৰি নলয়।
(b) পৰপোষী জীৱই সালোক সংশ্লেষণৰ বাবে সৌৰ শক্তিৰ সদ্ব্যৱহাৰ কৰে।
(c) পৰপোষী জীৱই নিজৰ খাদ্য নিজে সংশ্লেষণ কৰি লয়।
(d) পৰপোষী জীৱবোৰ কাৰ্বন ডাই অক্সাইড আৰু পানীক কাৰ্ব'হাইড্ৰেটলৈ ৰূপান্তৰ কৰিবলৈ সক্ষম।
উত্তৰ: (a) পৰপোষী জীৱই সিহঁতৰ নিজৰ খাদ্য নিজে সংশ্লেষণ কৰি নলয়।

40. যদি ভাতৰ মাড়ত কেইটোপালমান আয়'ডিন দ্ৰৱ মিহলি কৰা হয় দ্ৰৱখিনি নীলা ক'লা ৰঙলৈ সলনি হ'ব। ই সূচায় যে ভাতৰ মাড়ত ____ থাকে।
(a) চৰ্বী 
(b) শ্বেতসাৰ
(c) সৰল প্ৰ'টিন 
(d) জটিল প্ৰ'টিন
উত্তৰ: (b) শ্বেতসাৰ

41. সালোক সংশ্লেষণ বিক্ৰিয়াৰ বিক্ৰিয়ক পদাৰ্থ কেইটা হৈছে কাৰ্বন ডাই অক্সাইড আৰু ____।
(a) পত্ৰহৰিৎ 
(b) সূৰ্যৰ পোহৰ 
(c) পানী 
(d) অক্সিজেন
উত্তৰ: (c) পানী 

42. প্ৰাণীৰ শ্বসনৰ তুলনাত উদ্ভিদৰ শ্বসন ____ হয়।
(a) লেহেমীয়া 
(b) দ্ৰুত
(c) অপৰিবৰ্তনীয়
(d) ওপৰৰ এটাও নহয়
উত্তৰ: (a) লেহেমীয়া 

43. যেতিয়া চূণপানীৰে পূৰ্ণ এটা পৰীক্ষা নলীত মুখেৰে বতাহ ফুৱাই দিয়া হয় চূণ পানীখিনি ____ৰ উপস্থিতিৰ বাবে গোৱা হৈ পৰে।
(a) অক্সিজেন 
(b) কাৰ্বন ডাই অক্সাইড 
(c) নাইট্ৰজেন 
(d) জলীয় বাষ্প
উত্তৰ: (b) কাৰ্বন ডাই অক্সাইড 

44. উশাহ লোৱাৰ সময়ত বায়ুৰ গতিপথৰ শুদ্ধ অনুক্ৰম কোনটো ?
(a) নাসাৰন্ধ্ৰ -- লেৰিংস (টেঁটু) -- ফেৰিংস -- শ্বাস নলী (বায়ুনলী) --হাঁওফাঁও
(b) নামাগহ্বৰ (নাসাপথ) -- শ্বাস নলী -- ফেৰিংস -- লেৰিংস -- বায়ুকোষ
(c) লেৰিংস -- নাসাৰন্ধ্ৰ -- ফেৰিংস -- হাঁওফাঁও
(d) নাসাৰন্ধ্ৰ -- ফেৰিংস -- লেৰিংস -- শ্বাস নলী -- হাঁওফাঁও
উত্তৰ: (a) নাসাৰন্ধ্ৰ -- লেৰিংস (টেঁটু) -- ফেৰিংস -- শ্বাস নলী (বায়ুনলী) --হাঁওফাঁও

45. পাচন নলীৰ অংগসমূহৰ শুদ্ধ অনুক্ৰম কোনটো?
(a) মুখগহ্বৰ -- পাকস্থলী -- ক্ষুদ্ৰান্ত্ৰ -- গ্ৰাসনলী (ইছ'ফেগাছ) -- বৃহদান্ত্ৰ
(b) মুখগহ্বৰৰ -- গ্ৰাসনলী -- পাকস্থলী -- বৃহদান্ত্ৰ -- ক্ষুদ্ৰান্ত্ৰ 
(c) মুখগহ্বৰৰ -- গ্ৰাসনলী -- পাকস্থলী -- ক্ষুদ্ৰান্ত্ৰ -- বৃহদান্ত্ৰ  
(d) মুখগহ্বৰৰ -- পাকস্থলী -- গ্ৰাসনলী -- ক্ষুদ্ৰান্ত্ৰ -- বৃহদান্ত্ৰ
উত্তৰ: (c) মুখগহ্বৰৰ -- গ্ৰাসনলী -- পাকস্থলী -- ক্ষুদ্ৰান্ত্ৰ -- বৃহদান্ত্ৰ

46. মানুহৰ দেহত হাঁওফাঁওৰ পৰা ওলোৱা ক্লোমধমনীৰ জৰিয়তে তলত উল্লেখিত হৃদযন্ত্ৰৰ কোনটো কোঠালিৰ পৰা তেজ বাহিৰলৈ প্ৰবাহিত হয়?
(a) সোঁ অলিন্দ
(b) সোঁ নিলয়
(c) বাঁও অলিন্দ
(d) বাঁও নিলয়
উত্তৰ: (b) সোঁ নিলয়

47. তলত উল্লেখিত কোনটো শ্বেতসাৰ সংশ্লেষণৰ কাৰখানা?
(a) কাণ্ড 
(b) মূল
(c) হৰিৎকণা
(d) ফ্লু'ৱেম
উত্তৰ: (c) হৰিৎকণা

48. চৰ্বীক ফেটি এচিড আৰু গ্লিছাৰললৈ ৰূপান্তৰ কৰা উৎসেচক বিধ হ'ল --
(a) ট্ৰিপচিন
(b) লাইপেজ 
(c) এমাইলেজ
(d) হাইড্ৰ'ক্লৰিক এচিড
উত্তৰ: (b) লাইপেজ

49. তলত উল্লেখিতসমূহৰ কোনটো উপাদান প্ৰ'টিন আৰু অন্যান্য যৌগ সংশ্লেষণৰ বাবে অপৰিহাৰ্য?
(a) পানী 
(b) অক্সিজেন 
(c) কাৰ্বন ডাই অক্সাইড 
(d) নাইট্ৰ'জেন
উত্তৰ: (d) নাইট্ৰ'জেন

50. তলত উল্লেখিতসমূহৰ কোনটো মানৱ দেহৰ ৰেচন অংগ?
(a) ছাল
(b) হাঁওফাঁও 
(c) বৃক্ক 
(d) ওপৰৰ আটাইকেইটা
উত্তৰ: (d) ওপৰৰ আটাইকেইটা

51. চিষ্টেমিক ধমনীয়ে মানুহৰ হৃদপিণ্ডৰ কোনটো কোঠালীৰপৰা তেজ ওলায় যায়?
Systemic arteries cause blood to leak out of which chamber of human heart ?
(a) সোঁ অলিন্দ (right atrium)
(b) সোঁ নিলয় 
(c) বাওঁ অলিন্দ 
(d) বাওঁ নিলয়
উত্তৰ: (a) সোঁ অলিন্দ 

52. মানুহৰ হৃদপিণ্ডৰ কোনটো কোঠালিত অশুদ্ধ তেজ থাকে?
In which chamber of the heart is the impure blood poured?
(a) সোঁ অলিন্দ (right atrium)
(b) সোঁ নিলয়
(c) বাওঁ অলিন্দ 
(d) () আৰু () দুয়োটাই
উত্তৰ: (a) সোঁ অলিন্দ

53. মিট্ৰেল ভালভ ক'ত থাকে?
Where the mitral valve is located?
(a) সোঁ আৰু বাওঁ অলিন্দৰ মাজত
(b) সোঁ আৰু বাওঁ নিলয়ৰ মাজত
(c) সোঁ অলিন্দ- নিলয়ৰ মাজত
(d) বাওঁ অলিন্দ-নিলয়ৰ মাজত (left atrium and the left ventricle)
উত্তৰ: (d) বাওঁ অলিন্দ-নিলয়ৰ মাজত (left atrium and the left ventricle)

54. তলত দিয়া কোনটো শ্বেতকণাই এণ্টিবডি সৃষ্টি কৰে?
(a) নিউট্ৰ'ফিল
(b) লিম্ফ'চাইট
(c) মন'টাইট
(d) বেছ'ফিল
উত্তৰ: (b) লিম্ফ'চাইট

55. কোনটো শ্বেত ৰক্তকণিকা দানা বিহীন?
Which white blood cell has no granules?
(a) নিউট্ৰ'ফিল
(b) লিম্ফ'চাইট (Lymphocytes)
(c) ইয়'ছিন'ফিল
(d) বেছ'ফিল
উত্তৰ: (b) লিম্ফ'চাইট






Post a Comment

0 Comments