Class 10 || Social Science || Geography ভূগোল || SEBA || Lesson 1 : অৰ্থনৈতিক ভূগোল‌ : বিষয় বস্তু আৰু সম্পদ




A. বহুবিকল্পধৰ্মী প্ৰশ্নোত্তৰ || Multiple Choice Questions (MCQ) & Answers.
(১) তলৰ কোনটো অ-নবীকৰণযোগ্য সম্পদ?
(a) প্ৰাকৃতিক গেছ
(b) পানী 
(c) সূৰ্যৰ ৰশ্মি 
(d) গছ-গছনি
উত্তৰ: (d) প্ৰাকৃতিক গেছ


(২) তলত উল্লেখিত কোনটো ব্যক্তিগত সম্পদ?
(a) শিক্ষানুষ্ঠান 
(b) ৰাস্তা-ঘাট 
(c) কৰ্মদক্ষতা
(d) গছ-গছনি
উত্তৰ: (c) কৰ্মদক্ষতা

(৩) IUCN কোন চনত প্ৰতিষ্ঠা হৈছিল?
(a) ১৯৪৭
(b) ১৯৪৮
(c) ১৮৪৮
(d) ১৭৪৮
উত্তৰ: (d) ১৮৪৮

(৪) তলৰ সম্পদ সমূহৰ কোনবিধ সম্পদ অজীৱীয়?
(a) শস্য 
(b) উদ্ভিদ
(c) জন্তুবোৰ
(d) বায়ু
উত্তৰ: (d) বায়ু

(৫) মানৱসৃষ্ট সম্পদ কোনবিধ?
(a) খনিজ তেল 
(b) অৰণ্য 
(c) জলসিঞ্চন 
(d) নদ-নদী
উত্তৰ: (c) জলসিঞ্চন

(৬) অনৱীকৰণযোগ্য সম্পদৰ এটা উদাহৰণ _
(a) সূৰ্যৰ ৰশ্মি 
(b) প্ৰাকৃতিক গেছ 
(c) উদ্ভিদ 
(d) পানী
উত্তৰ: (b) প্ৰাকৃতিক গেছ 

(৭) ভূগোলৰ প্ৰধান ভাগ _
(a) পাঁচটা 
(b) তিনিটা 
(c) দুটা 
(d) চাৰিটা
উত্তৰ: (c) দুটা

(৮) মানুহৰ কোন প্ৰকাৰৰ কাৰ্যকলাপৰ বিষয়ে অৰ্থনৈতিক ভূগোল অধ্যয়ন কৰা হয়?
(a) অৰ্থনৈতিক কাৰ্যকলাপ 
(b) প্ৰাকৃতিক কাৰ্যকলাপ 
(c) ৰাজনৈতিক কাৰ্যকলাপ
(d) ব্যক্তিগত কাৰ্যকলাপ
উত্তৰ: (a) অৰ্থনৈতিক কাৰ্যকলাপ

(৯) আধুনিক ভূগোলৰ পিতৃ কোন?
(a) কাৰ্জন 
(b) জণ্স
(c) জৰ্জছিজহ'ম
(d) ডাৰ্কেনৱাল্ড
উত্তৰ: (c) জৰ্জছিজহ'ম

(১০) ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা কেতিয়া স্থাপন কৰা হয়?
(a) ১৯৮৮
(b) ১৮৮৬
(c) ১৭৮৬
(d) ১৯৮৬
উত্তৰ: (d) ১৯৮৬

(১১) তলৰ সম্পদসমূহ কোনবিধ সম্পদ অনবকৰণ যোগ্য? [HSLC '16]
(a) শস্য 
(b) মানুহ 
(c) লো
(d) সূৰ্যৰ ৰশ্মি
উত্তৰ: (c) লো

(১২) তলৰ সম্পদসমূহৰ কোনবিধ সম্পদ অজীৱীয়? [HSLC '17]
(a) বায়ু 
(b) উদ্ভিদ 
(c) জন্তুবোৰ 
(d) শস্য
উত্তৰ: (a) বায়ু 

(১৩) তলৰ কোনটো মানৱসৃষ্ট সম্পদ?[HSLC'18, '20]
(a) অৰণ্য 
(b) জলসিঞ্চন 
(c) নদ-নদী 
(d) খনিজ তেল
উত্তৰ: (b) জলসিঞ্চন 

(১৪) তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয়?
(a) মাছ ধৰা
(b) বনজ সম্পদ আহৰণ
(c) শিল্পোৎপাদন প্ৰক্ৰিয়া 
(d) কৃষি কাৰ্য 
উত্তৰ: (c) শিল্পোৎপাদন প্ৰক্ৰিয়া 

(১৫) তলৰ কোনটো দ্বিতীয়ক বৃত্তি --
(a) কৃষি কাৰ্য 
(b) যাতায়ত আৰু পৰিবহণ কাৰ্য
(c) বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে জড়িত কাৰ্য
(d) নিৰ্মাণ কাৰ্য
উত্তৰ: (d) নিৰ্মাণ কাৰ্য

(১৬) তলৰ কোনটো তৃতীয়ক বৃত্তি --
(a) পাইকাৰী বা খুচুৰা বিক্ৰী লগত জড়িত অৰ্থনৈতিক কাৰ্য 
(b) বিভিন্ন নিৰ্মাণ তথা পুনৰ নিৰ্মাণ কাৰ্য 
(c) বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে জড়িত কাৰ্য 
(d) বনজ সম্পদ আহৰণ কাৰ্য
উত্তৰ: (a) পাইকাৰী বা খুচুৰা বিক্ৰী লগত জড়িত অৰ্থনৈতিক কাৰ্য।

(১৭) তলত দিয়াবোৰৰ কোনটো মানৱসৃষ্ট সম্পদ ?(HSLC-2020)
(a)নদী
(
b) খনিজ তেল
(
c) জলসিঞ্চন নলা
(
d) অৰণ্য
Ans: (
c) জলসিঞ্চন নলা

(১৮) তলৰ কোনটো এটা অজীৱীয় সম্পদ?(HSLC-2022)
(i) বায়ু
(iii) ভেঁকুৰ
(ii) বেক্টেৰিয়া
(iv) শস্য 900
Ans : (i) বায়ু

(১৯) ভূগোল বিষয়টো প্ৰধানকৈ কেইটা ভাগত বিভক্ত ।
(a) পাঁচটা
(b) চাৰিটা
(c) দুটা
(d) তিনিটা।
উত্তৰঃ (c) দুটা

(২০) মানুহৰ কোন প্ৰকাৰৰ কাৰ্যকলাপৰ বিষয়ে অর্থনৈতিক ভূগোল অধ্যয়ন কৰা হয়?
(a) ৰাজনৈতিক কার্যকলাপ
(b) অর্থনৈতিক কার্যকলাপ
(c) প্রাকৃতিক কার্যকলাপ
(d) ব্যক্তিগত কার্যকলাপ ।
উত্তৰঃ (b) অর্থনৈতিক কার্যকলাপ

(২১) আধুনিক অর্থনৈতিক ভূগোলৰ পিতৃ স্বৰূপে কোনজন ব্যক্তিক আখ্যা দিয়া হৈছে?
(a) জন্স
(b) ডাকেনৱাল্ড
(c) কার্জন
(d) জর্জ ছিজহম।
উত্তৰ: (d) জৰ্জ ছিজহম৷

(২২) ভাৰতীয় বন গৱেষণা আৰ.শিক্ষা সংস্থা
কেতিয়া স্থাপন কৰা হয় ?
(a) ১৮৮৬
(b) ১৯৮৬
(c) ১৭৮৬
(d) ১৯৮৮
উত্তৰ: (b) ১৯৮৬

(২৩) তলৰ কোনটো মানৱ সৃষ্ট সম্পদ?
(a) নদ-নদী
(c) অৰণ্য
(b) খনিজ তেল
(d) জলসিঞ্চন নলা
উত্তৰ: (d) জলসিঞ্চন নলা


B. অতি চমু প্ৰশ্নোত্তৰ || Very Short Type Questions Answers 
১। "এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱেই অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য।" এই কথাষাৰ কোনে কৈছিল?
উত্তৰ: আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ স্বৰূপ জৰ্জছিছ হ'ম ।



২। "সম্পদ হ'বলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটা থাকিব লাগিব"। কোনে কৈছিল?
উত্তৰ: অৰ্থনীতিবিদ জিম্মাৰমানে।

৩। মানুহ সম্পদৰ লগত কেইধৰণে জড়িত?
উত্তৰ: মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত - সম্পদৰ উৎপাদন হিচাপে আৰু উপভোক্তা হিচাপে।

৪। মাছ এবিধ কি সম্পদ?
উত্তৰ: নৱীকৰণ যোগ্য সম্পদ।

৫। প্ৰতিৰোধক সামগ্ৰী বা পৰিঘটনা এটাৰ উদাহৰণ দিয়া? [HSLC 2011]
উত্তৰ: অনুৰ্বৰ মাটি বা বানপানী জৰ্জৰিত অঞ্চল।

৬। এটা সামগ্ৰিৰ উদাহৰণ দিয়া যিটো সম্পদ আৰু সম্পত্তি দুয়োটাই। [HSLC 2012]
উত্তৰ: ভূমি।

৭। দূবিধ শক্তিৰ উৎসৰ নাম লিখা।
উত্তৰ: কয়লা আৰু খনিজ তেল।

৮। দামোদৰ নদী ক'ত আছে?
উত্তৰ: পশ্চিমবঙ্গত।

৯। মানৱ সম্পদত আগবঢ়া এখন দেশৰ নাম লিখা।
উত্তৰ: জাপান।

১০। WWF ৰ সম্পূৰ্ণ নামটো কি?
উত্তৰ: World Wide Fund for Nature.

১১। IUCN ৰ মুখ্য উদ্দেশ্য কি?
উত্তৰ: বিশ্বৰ প্ৰাকৃতিক পৰিবেশ আৰু সম্পদ সংৰক্ষণ সম্পৰ্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা।

১২। আধুনিক ভূগোলৰ পিতৃ স্বৰূপ কোন?
উত্তৰ: জৰ্জছিছ হ'ম।

১৩। সোণ এবিধ কি সম্পদ?
উত্তৰ: প্ৰাকৃতিক সম্পদ।

১৪। শিল এবিধ কি সম্পদ?
উত্তৰ: অজীৱীয় সম্পদ।

১৫। বায়ু এবিধ কি সম্পদ?
উত্তৰ: অজীৱীয় সম্পদ।

১৬। ভাৰতৰ পৰিৱেশ সুৰক্ষা সংক্ৰান্তীয় কাম-কাজ কৰা এটা বেচৰকাৰী সংস্থাৰ নাম লিখা?
উত্তৰ: আৰণ্যক।

১৭। কিমান চনত আৰু ক'ত IUCN প্ৰতিষ্ঠিত হৈছিল?
উত্তৰ: ১৯৪৮ চনত ব্ৰিটিছ জীৱবিজ্ঞানী জুলিয়ান হাক্সলেৰ প্ৰচেষ্টাত ফ্ৰান্সত IUCN প্ৰতিষ্ঠিত হৈছিল।

১৮। বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ: ৫ জুন তাৰিখে।

১৯। সম্পদৰ সৃষ্টিকৰ্তা কোন?
উত্তৰ: মানুহ।

২০। কাৰ নেতৃত্বত বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ স্থাপিত হৈছিল?
উত্তৰ: IUCN ৰ নেতৃত্বত WWF for Nature আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ স্থাপিত হৈছিল।

২১। অৰ্থনৈতিক ভূগোলৰ এটি অন্যতম প্ৰধান শাখা কি?
উত্তৰ: কৃষি বিজ্ঞান।

২২। IUCN কি?
উত্তৰ: IUCN এটা ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত এক আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা।

২৩। IUCN ৰ অৰ্থটো কি?
উত্তৰ: IUCN ৰ অৰ্থটো হ'ল -- International Union for Conservation of Nature.

Post a Comment

0 Comments