1. পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ জলভাগ আৰু কিমান শতাংশ স্থলভাগ?
উত্তৰ: পৃথিৱীৰ উপৰিভাগৰ ৭১ শতাংশ জলভাগ আৰু ২১ শতাংশ স্থলভাগ।
2. দুবিধ বাহ্যিক কাৰকৰ নাম লিখা।
উত্তৰ: দুবিধ বাহ্যিক কাৰকৰ নাম হ'ল - বতাহ আৰু বৰষুণ।
3. নদীৰ কাৰ্যাৱলীক প্ৰধানকৈ কেইটা শ্ৰেণীত ভাগ কৰিব পাৰি?
উত্তৰ: নদীৰ কাৰ্যাৱলীক তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি।
4. নদীৰ কাৰ্য প্ৰধানকৈ ক'ত সুস্পষ্ট?
উত্তৰ: নদীৰ কাৰ্য প্ৰধানকৈ গতিপথতহে সুস্পষ্ট।
5. নদীৰ গতিপথ বুলিলে কি বুজা?
উত্তৰ: নদীৰ গতিপথ বুলিলে নদীৰ উৎসৰ পৰা নদীৰ মোহনালৈ এখন নদীয়ে দুয়োপাৰৰ মাজেৰে নামনিলৈ বৈ অহা দীঘলীয়া পথটোকে বুজায়।
6. নদীয়ে গতিপথত চলোৱা খনন কাৰ্য প্ৰধানকৈ কিহৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তৰ: নদীয়ে গতিপথত চলোৱা খনন কাৰ্য প্ৰধানকৈ ভূতাত্ত্বিক গঠন আৰু পানীৰ খনন শক্তিৰ ওপৰত নিৰ্ভৰ কৰে।
7. ব-দ্বীপ বোৰ ক'ত সৃষ্টি হয়?
উত্তৰ: ব-দ্বীপ বোৰ নদীৰ মোহনাত সৃষ্টি হয়।
8. এবিধ বতাহজনিত দুৰ্যোগৰ নাম লিখা।
উত্তৰ: হাৰিকেন, টাইফুন আৰু টৰ্নেড'।
9. ভূপৃষ্ঠৰ পৰিবৰ্তনকাৰী ক্ৰিয়া হিচাপে বতাহৰ কাৰ্য ক'ত অধিক?
উত্তৰ: ভূপৃষ্ঠৰ পৰিবৰ্তনকাৰী ক্ৰিয়া হিচাপে বতাহৰ কাৰ্য মৰুভূমিবোৰত অধিক।
10. ইনছেলবাৰ্গ কোন ভাষাৰ শব্দ?
উত্তৰ : ইনছেলবাৰ্গ জাৰ্মান ভাষাৰ শব্দ।
11. এখন অৱবাহিকাৰ নাম লিখা।
উত্তৰ: ব্ৰহ্মপুত্ৰ নদী অববাহিকা।
12. নদীয়ে সৃষ্টি কৰা দুটা ভূ-অৱয়বৰ নাম লিখা।
উত্তৰ: বালিচৰ (Sand Bar) আৰু প্লাৱনভূমি (Floodplain)
13. উপকূল কি?
উত্তৰ: সাগৰ-মহাসাগৰৰ পাৰ বা তীৰক উপকূল বোলা হয়।
14. পৃথিৱীৰ উপকূল সৰ্বমুঠ দৈৰ্ঘ্য কিমান?
উত্তৰ: প্ৰায় ০.৫ নিযুত কিলোমিটাৰ।
15. কি ক্ৰিয়াৰ ফলত বালিয়াতট গঢ়ি উঠে?
উত্তৰ: সাগৰৰ উত্তাল তৰংগ (Swash) আৰু উভতনি ঢৌৰ (Backwash) মিলিত ক্ৰিয়াৰ ফলত।
16. বতাহে সৃষ্টি কৰা এবিধ ভূ-অৱয়বৰ নাম লিখা।
উত্তৰ: বালিয়াৰি (Sand Dune)।
17. হিমবাহে সৃষ্টি কৰা এবিধ ভূ-অৱয়বৰ নাম লিখা।
উত্তৰ: এস্কাৰ।
18. সাগৰৰ ঢৌৱে সৃষ্টি কৰা এবিধ ভূ-অৱয়ৱৰ নাম লিখা।
উত্তৰ: বালিয়াতট।
19. নদীৰ পাৰ খননৰ পৰিণতিত কি সমস্যা হয়?
উত্তৰ: নদীৰ পাৰ খননৰ পৰিণতিত গৰাখহনীয়াৰ সমস্যা হয়।
0 Comments
Send Your Questions And Queries Here