খ্ৰীষ্টমাছ (বৰদিনৰ) শুভ বাৰ্তা 🎄🎄💐💐🎄🎄

এই দিনা গোটেই জগতৰ মানুহে প্ৰভু যীচু খ্ৰীষ্টৰ জন্ম দিনটি এটি উৎসৱ হিচাপে উৎসৱ পালন কৰে। সাধাৰণতে এই বিষয়ক লৈ আমাৰ মনত কিছুমান প্ৰশ্ন আহিব পাৰে: যেনে,


(১) যীচু খ্ৰীষ্ট নো কোন?
(২) তেওঁ এই জগতত কিয় জন্ম গ্ৰহণ কৰিছিল?
(৩) যদি মই তেওঁক বিশ্বাস কৰোঁ, তেন্তে মোৰ কি লাভ হ'ব? ইত্যাদি...
    আঁহক আমি এই তিনিটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰত ধ্যান কৰোঁহক। যাৰ বিষয়ে ঈশ্বৰে পবিত্ৰ শাস্ত্ৰত প্ৰকাশ কৰিছে।

(১) যীচু খ্ৰীষ্ট নো কোন?
       তেওঁ অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্তি। কিয়নো তেওঁতেই সকলো সৃষ্টি হ'ল স্বৰ্গত আৰু পৃথিৱীত দৃশ্য আৰু অদৃশ্য যি যি আছে, আৰু তেওঁ সকলোৰে পূৰ্বৰ পৰা আছে। যীচু খ্ৰীষ্ট স্বয়ং ঈশ্বৰ।

(২) তেওঁ এই জগতত কিয় জন্ম গ্ৰহণ কৰিছিল?
     পাপীবিলাকক তেওঁলোকৰ পাপৰ পৰা পৰিত্ৰাণ (মুক্তি) দিবলৈ যীচু খ্ৰীষ্ট আকাৰ প্ৰকাৰে মানুহৰ দৰে হৈ এই জগতলৈ আহিছিল। ধাৰ্মিক যীচু খ্ৰীষ্টই অধৰ্মী আৰু পাপীবিলাকৰ ঠাইত ক্ৰুচত মৃত্যু হ'ল। সেই অনন্ত ব্যক্তিজনেই পাপীসকলৰ অনন্ত শাস্তি যি নৰকত আছে তাৰ বেদনা ভোগ কৰিছিল। আৰু ঈশ্বৰে নিৰ্ধাৰিত কৰা মানৱ জাতিৰ উদ্ধাৰৰ কৰ্ম শেষ হৈছে বুলি প্ৰমাণ দি তেওঁ মৈদামৰ পৰা তৃতীয় দিনা জী উঠিছিল।


(৩) যদি মই তেওঁক বিশ্বাস কৰোঁ, তেন্তে মোৰ কি লাভ হ'ব?
      যদি আপুনি তেওঁৰ ওপৰত বিশ্বাস কৰে তেন্তে আপুনি আপোনাৰ পাপৰ পৰা পৰিত্ৰাণ (মুক্তি, পাপৰ ক্ষমা) আৰু অনন্ত জীৱন লাভ কৰিব। কৰ্মৰ দ্বাৰাই কোনোওঁ পৰিত্ৰাণ (মুক্তি, উদ্ধাৰ, পাপৰ পৰা ক্ষমা) পাব নোৱাৰে। পৰিত্ৰাণ লাভ কৰাৰ কাৰণে ব্যক্তিগত ভাৱে এয়া বিশ্বাস কৰা অতি প্ৰয়োজন যে প্ৰভু যীচু খ্ৰীষ্টই শাৰীৰিক বলিদানৰ দ্বাৰাই মোৰ প্ৰায়শ্চিত্তৰ কৰ্ম পূৰ্ণ কৰিলে।

    তলত উল্লেখ কৰা বিষয় সমূহ আপুনি জানানে?

(১) পাপ
(২) পাপৰ পৰা মুক্তি (পৰিত্ৰাণ, উদ্ধাৰ)
(৩) নৰক
(৪) সৰগ (স্বৰ্গ)
(৫) পৰিত্ৰাণৰ (উদ্ধাৰৰ) নিশ্চয়তা: ইত্যাদি...

     যদি আপুনি অধিক প্ৰভূ যীচু খ্ৰীষ্টৰ বিষয়ে জানিবলৈ ‌বা‌ ওপৰত উল্লেখ কৰা বিষয়ে সমূহৰ ভাবে জানিবলৈ ইচ্ছা কৰা তেন্তে তলত দিয়া নম্বৰত আমাক যোগাযোগ কৰিব পাৰে।

মো: ৭৬৩৭৯৬১৭৭৮




Post a Comment

0 Comments