1. তলত দিয়াবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা।
(i) তলৰ কোনটো অ-নৱীকৰণযোগ্য সম্পদ?
[HSLC'14,'17,'19]
(a) পানী (b) সূৰ্যৰ ৰশ্মি (c) গছ গছনি
(d) প্ৰাকৃতিক গেছ
উত্তৰ:(d) প্ৰাকৃতিক গেছ
(ii) তলৰ সম্পদ সমূহ কোনবিধ সম্পদ অনবীকৰণ যোগ্য? [HSLC'16,']
(a) শস্য (b) মানুহ (c) লো (d) সূৰ্যৰ ৰশ্মি
উত্তৰ: (c) লো
(iii) তলৰ সম্পদ সমূহৰ কোন বিধ সম্পদ অজীৱীয়?[HSLC'17,']
(a)বায়ু (b) উদ্ভিদ (c) জন্তুবোৰ (d) শস্য
উত্তৰ: (a)বায়ু
(iv) তলৰ কোনটো মানৱসৃষ্ট সম্পদ?
[HSLC'18,'20]
(a) অৰণ্য (b) জলসিঞ্চন (c) নদ-নদী
(d) খনিজ তেল
উত্তৰ: (b) জলসিঞ্চন
(v) অৰ্থনৈতিক ভূগোলৰ পিতৃ স্বৰূপ হ'ল -
(a) চি এফ জোণ্স (b) ডাৰ্কেনৱাল্ড (c) পিটাৰ হেগেট (d) জৰ্জ ছিজ হ'ম
উত্তৰ: (d) জৰ্জ ছিজ হ'ম
(vi) তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয়?
(a) মাছ ধৰা (b) বনজ সম্পদ আহৰণ
(c) শিল্পোৎপাদন প্ৰক্ৰিয়া (d) কৃষি কাৰ্য
উত্তৰ: (c) শিল্পোৎপাদন প্ৰক্ৰিয়া
(vii) তলৰ কোনটো দ্বিতীয়ক বৃত্তি-
(a) কৃষি কাৰ্য (b) যাতায়ত আৰু পৰিবহন কাৰ্য
(c) বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে জড়িত কাৰ্য
(d) নিৰ্মাণ কাৰ্য
উত্তৰ: (d) নিৰ্মাণ কাৰ্য
(viii) তলৰ কোনটো তৃতীয়ক বৃত্তি?
(a) পাইকাৰী বা খুচুৰা বিক্ৰী লগত জড়িত অৰ্থনৈতিক কাৰ্য
(b) বিভিন্ন নিৰ্মাণ তথা পুনৰ নিৰ্মাণ কাৰ্য
(c) বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে জড়িত কাৰ্য
(d) বনজ সম্পদ আহৰণ কাৰ্য
উত্তৰ:(a) পাইকাৰী বা খুচুৰা বিক্ৰী লগত জড়িত অৰ্থনৈতিক কাৰ্য
(ix) তলৰ কোনটো চতুৰ্থক বৃত্তি নহয়
(a) শিক্ষা-গৱেষণাৰ লগত জড়িত কাৰ্য
(b) প্ৰচাৰ মাধ্যমৰ সৈতে জড়িত কাৰ্য
(c) প্ৰশাসনৰ সৈতে জড়িত কাৰ্য
(d) পৰ্যটনৰ সৈতে জড়িত অৰ্থনৈতিক কাৰ্য
উত্তৰ: (d) পৰ্যটনৰ সৈতে জড়িত অৰ্থনৈতিক কাৰ্য
(x) তলৰ কোনটো মানৱ সৃষ্ট সম্পদ নহয়--
(a) প্ৰযুক্তি (b) সৌৰ শক্তি (c) উদ্যোগ (d) কাৰ্যালয়
উত্তৰ:(b)সৌৰ শক্তি
(xi) তলৰ কোনটো ব্যক্তিগত সম্পদ নহয়-
(a) ভাল চৰিত্ৰ (b) শিক্ষা (c) কৰ্মদক্ষতা
(d) চৰকাৰ
উত্তৰ:(d) চৰকাৰ
(xii) তলৰ কোনটো জাতীয় সম্পদ --
(a) বায়ুমণ্ডল (b) শিক্ষা (c) শিক্ষানুষ্ঠান
(d) সাগৰ
উত্তৰ:(c) শিক্ষানুষ্ঠান
(xiii) তলৰ কোনটো স্থানিক সম্পদ নহয় --
(a) কয়লা (b) খনিজ পদাৰ্থ (c) শস্য (d) পানী
উত্তৰ:(d) পানী
(xiv) সম্পদ হ'বলৈ হ'লে --
(a) ইয়াৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা থাকিব লাগে।
(b) দাম আৰু মূল্য থাকিব লাগে।
(c) প্ৰাকৃতিক আৰু সহজলভ্য হ'ব লাগে।
(d) পৰিবৰ্তনশীল আৰু ব্যৱহাৰোপযোগী হ'ব লাগে।
উত্তৰ : a) ইয়াৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা থাকিব লাগে।
(xv) সোণ এবিধ --
(a) কৃত্ৰিম সম্পদ (b) প্ৰাকৃতিক সম্পদ
(c) জৈৱিক সম্পদ (d) মানৱ সম্পদ
উত্তৰ: (d) মানৱ সম্পদ
(xvi) মানৱ সম্পদত আগবঢ়া দেশ হ'ল --
(a) ভূটান (b) জাপান (c) বাংলাদেশ (d) ভাৰত
উত্তৰ: (b) জাপান
(xvii) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এটা --
(a) প্ৰাকৃতিক সম্পদ (b) উদ্ভিদ সম্পদ
(c) জাতীয় সম্পদ (d) নৱীকৰণ সম্পদ
উত্তৰ: (c) জাতীয় সম্পদ
(xviii) দামোদৰ নদী -
(a) অসমত (b) বিহাৰত (c) উৰিষ্যাত
(d) পশ্চিমবংগত
উত্তৰ: (d) পশ্চিম বংগৰ
(xix) তলৰ কোনটো মানৱ সৃষ্ট সম্পদ?
(a) নদ-নদী(b) খনিজ তেল (c) জলসিঞ্চন
(d) অৰণ্য
উত্তৰ : (c) জলসিঞ্চন
(xx) তলৰ কোনটো অজীৱীয় সম্পদ?
(a)বায়ু (b) গছ গছনি (c) জীৱ জন্তু (d) ভেঁকুৰ
উত্তৰ:(a)বায়ু
(xxi) তলৰ কোনটো অ-নৱীকৰণযোগ্য সম্পদ ? (a) বায়ু (b) পানী (c) শস্য (d) কয়লা
উত্তৰ:(d) কয়লা
(xxii) তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী?
(a) এশিঙীয়া গঁড় (b)নল-গাহৰী (c)জিৰাফ(d)মিথুন
উত্তৰ: (b)নল-গাহৰী
(xxiii) IUCN-সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত?
(a) UNESCO(b)UNDP(c)WWF(d)UNEP
উত্তৰ:(a) UNESCO

0 Comments
Send Your Questions And Queries Here