Class 10 || SEBA || আধুনিক অসমীয়া ভাষালৈ ৰূপান্তৰ || Conversion to modern Assamese language

পাঠ : বৰগীত
ছোড় : ছিঙি দিয়া।
ধিয়ায় : ধ্যান কৰে।
নিগম : নিগম শাস্ত্ৰ।
বিষয় বিকলে : সাংসাৰিক দুখ, বিষয়-বাসনাত।
মোহ পাশ : মায়াৰ বন্ধন
যাহাকু : যিজনক



পাঠ : কানাইৰ চাতুৰী
আসি : আহি।
খেড়ি : খেলা।
ৰজনী : ৰাতি।
প্ৰভাত : পুৱা।
শুতিয়া : শুই।
ডাক : মাত।
কিসৰ : কিহৰ।
হাৰলি : অতি মৰমৰ।
ৰোষ : খং।
তেজি : ত্যাগ।
পুহাইল : পুৱাল।
সুমৰন্তে : সুঁৱৰি।
ডৰত : ভয়তে।
কৰকৰা ভাত : ঠাণ্ডা ভাত।
বেদক পঢ়াইলো : বেদ ভগৱানৰ বাণী বুলি কোৱা হয়। এই বেদ ভগৱানে ব্ৰহ্মাক কৈছিল।
তাসম্বাক : তেওঁলোকক।
তাৱক্ষণে : তৎক্ষণাৎ।
বিগুটিয়া : ঠাট্টা কৰা।
ছালিবে : ছালনা কৰিলোঁ।
কটাহ : ঢাকনি বা আৱৰণ। কোনো বস্তুৰ টান বাকলি।
তত্ত্ব : মূল সত্য।
কণ্টক বন : কাঁইটেৰে ভৰা বন।
চৌপৰ : চাৰি প্ৰহৰ।
গড়ায় : গঢ়াই।
নটুৱা : মতা বা তিৰোতাৰ বেশ লৈ নচা ল'ৰা।
টনা : দুই মূৰ মোনাৰ দৰে সীয়া এৰীয়া গামোচা।
সেৱালি : প্ৰণাম; সেৱা।
কাঠবাজী : যি তিৰোতাৰ সন্তান নাই।
কুকুহা : এবিধ চৰাই। দেখাত কাউৰীৰ সমান, ডাঙৰ, ইটাবৰণীয়া।
পাশ : কাষ।
বাপি : বোপাই।
খিণ্ডৱে : খণ্ডন বা দূৰ হ'ব।
কপিল : এজন প্ৰসিদ্ধ মুনি। এওঁ সাংখ্যা দৰ্শনৰ প্ৰৱৰ্তক। কৰ্দম মুনি আৰু স্বায়ম্ভুব মুনিৰ কন্যা দেৱহুতিৰ পুত্ৰ। এওঁৰ শাপত সৰগ ৰজাৰ ষাঠি হেজাৰ পুত্ৰ ভস্মীভূত হয়। এওঁক বিষ্ণুৰ আন এক অৱতাৰ বুলিও ধৰা হয়।
বামন : বিষ্ণুৰ পঞ্চম অৱতাৰ। বিষ্ণুৱে বাওনা মানুহৰ ৰূপ লৈ এই অৱতাৰ ধাৰণ কৰিছিল। এওঁ দৈত্যৰাজ বলিৰ যজ্ঞলৈ আহি তিনি পদ ভূমি বিচৰাৰ ছলেৰে তেওঁক পাতাললৈ পঠাইছিল।
দেৱহুতি : স্বয়ংম্ভুৱ মুনিৰ কন্যা।
কংস : মথুৰাৰ ৰজা। শ্ৰীকৃষ্ণৰ মোমায়েক। এওঁ কৃষ্ণক শত্ৰুৰূপে চিন্তা কৰি তেওঁৰ হাততে মৃত্যু বৰণ কৰে।
পৃথু : পুৰাণ প্ৰসিদ্ধ এজন বিখ্যাত ৰজা আৰু ৰজা বেনৰ পুত্ৰ; এওঁ এবাৰ দেশত আকাল হোৱাত গাই এজনীৰ ৰূপ ধাৰণ কৰা পৃথিৱীক খীৰাই প্ৰজাৰ প্ৰাণ ৰক্ষা কৰিছিল বুলি শাস্ত্ৰত উল্লেখ আছে।

Post a Comment

0 Comments