পাঠ 1. শিশুলীলা (শ্ৰীমন্ত শঙ্কৰদেৱ)
আউৰ : আৰু।
আজোড়ন্ত : আজুৰি থাকোঁতে।
কঙ্কণ : খাৰু।
কোপে : খঙত।
খসি : খহি।
চাণ্ড : জোৰকৈ।
ছায়া : চাই।
ডৰে : ভয়তে।
দশন : দাতঁ।
দিব্য : স্বৰ্গীয়।
দোলে : দুলি থাকে, দৰে।
নন্দজায়া : নন্দৰজাৰ পত্নী।
নিষেধি : বাধা দি।
পশিলন্ত : সোমালহি।
প্ৰয়াসি : যত্ন কৰি।
বদন : মুখ।
বসি : বহি।
ভুঞ্ছন্ত : খালে।
মথনি : গাখীৰ ঘুঁটিবলৈ ব্যৱহাৰ কৰা এবিধ
সঁজুলি।
মহাত্ৰাস : খুব বেছি ভয় পোৱা।
শিকিয়া : কোনো বস্তু ওপৰত আঁৰি থ'বৰ বাবে ৰচিৰে প্ৰস্তুত কৰা এবিধ সঁজুলি।
শ্ৰোণী ভৰে : নিতম্ব বা তপিনাৰ ভৰত।
সিঞ্চিৰাই : ছটিয়াই দি, সিঁচি দি।
স্ৰৱৈ : বৈ থকা।
ক্ষৌম বস্ত্ৰ : পাটৰ কাপোৰ।
পাঠ 2. হনুমন্তৰ লঙ্কাদৰ্শন
অচিন্ত্য প্ৰভাৱ : চিন্তা কৰিব নোৱৰা প্ৰভাৱযুক্ত।
অম্ৰাৱতী : বিশ্বকৰ্মা নিৰ্মিত দেৱপুৰী, ইন্দ্ৰৰ ৰাজধানী।
অশ্বত্থ : পবিত্ৰ বৰগছ, আঁহত গছ।
কণ্টকি : কাঁইটীয়া গছ।
কপিত্থ : ঔ টেঙা।
কমলা টেঙ্গৰা : কমলা টেঙা।
কলেৱৰ : শৰীৰ।
গড় : দুৰ্গ; ইটা, মাটি বা কাঠৰ শকত আৰু ওখ প্ৰাচীৰ।
গগনে : আকাশলৈ।
গহ : গৰ্ব, মই বৰ ভাৱ।
গুনন্ত : ভাবিলে।
গুৱা : তামোল।
চটক : ঘনচিৰিকা।
ছাতিয়াল : ছতিয়না গছ।
তমাল : ডাঠ ক'লা বাকলিৰে এবিধ গছ।
তম্ভিয়োক : ৰওক।
তহিতে : তাত।
দাশৰথী ৰাম : দশৰথৰ পুত্ৰ শ্ৰীৰাম চন্দ্ৰ।
দিবা ভাগে : দিনৰ ভাগতে।
দুতী : দ্বিতীয়।
দৃষ্টি বলাই চান্ত : দৃষ্টি প্ৰসাৰিত কৰি চালে।
দেখন্ত/দেখিলন্ত : দেখিলে।
নাৰঙ্গ : কমলা টেঙাৰ গছ।
পদ্মিনী দিঘী : পদুম ফুলৰ পুখুৰী।
পৱন-নন্দন : বায়ু দেৱতাৰ পুত্ৰ হনুমান।
পিয়াল : আঙুৰ গছ।
পেষওঁ : প্ৰৱেশ কৰোঁ।
প্ৰবন্ধে : প্ৰচেষ্টাৰে।
প্ৰাঞ্চিৰ : প্ৰাচীৰৰ, দেৱালৰ।
বদৰ : বগৰী গছ, এবিধ লতা।
বিৰাল : মেকুৰী।
বীজপুৰ : নেমুৰ দৰে এবিধ টেঙাৰ গছ।
যোজন : আঠ মাইল দৈৰ্ঘৰ।
সলঙ্গা : সোলং, সোলেং
হাৰিঠা : মনিছাল বা ৰিঠা গছ।
অঙ্গদ : কিষ্কিন্ধ্যাৰ বানৰ-ৰাজ বালীৰ পুত্ৰ
অতিশয় বলশালী অংগদে সীতা-উদ্ধাৰ অভিযানত শ্ৰীৰামচন্দ্ৰক সহায় কৰে।
কাশ্যপ নন্দন : সূৰ্যদেৱতা।
ত্ৰিকুট : ৰামায়ণ কাব্য অনুসৰি লৱণ সমুদ্ৰৰ মাজত থকা পৰ্বত। ইয়াত ওপৰতে লংকা নগৰ প্ৰতিষ্ঠাপিত হৈছে।
নীল : সীতা-অন্বেষণ আৰু সাগৰত সেঁতু বান্ধোতে ৰামচন্দ্ৰক সহায় কৰা এজন সেনাপতি।
বিশ্বকৰ্মা : দেৱতাসকলৰ বিমান আৰু অলংকাৰ নিৰ্মাণ কৰা দেৱতা হিচাপে জনা যায়; শিল্পীগণৰ ভিতৰত শ্ৰেষ্ঠ বুলিও কোৱা হয়।
সুগ্ৰীব : ৰামায়ণ অনুসৰি বানৰ ৰজা বালীৰ ভায়েক।
To Join Our Educational WhatsApp Group Or Stay Updated Just Type Your Name, Class, Gender And Designation And SMS to 7637961778.
0 Comments
Send Your Questions And Queries Here