বিদ্যালয়ৰ প্ৰধান শি়ক্ষকলৈ খেল-ধেমালিৰ অধিক সা-সুবিধাৰ বাবে আবেদন ||Application for more facilities for sports and fun to the principal of the school In Assamese

প্ৰতি,
মাননীয় প্ৰধান শিক্ষক মহোদয়ৰ সমীপেষু
খেল বিভাগৰ ভাৰপ্ৰাপ্ত শিক্ষক মহাশয়ৰ জৰিয়তে__



বিষয় : খেলা-ধূলাৰ অধিক সা-সুবিধাৰ ব্যৱস্থা হাতত লোৱাৰ বাবে আবেদন।

মহাশয়,
           বিনীতভাৱে জনাওঁ যে বৰ্তমানলৈ আমাৰ বিদ্যালয়খনত খেলা-ধূলাৰ যিখিনি ব্যৱস্থা আছে, ছাত্ৰ-ছাত্ৰীৰ চাহিদালৈ চাই সি পৰ্যাপ্ত নহয়। তাতে আজি বহু বছৰ ধৰি খেলা-ধূলাৰ নতুন সা-সঁজুলি একো কিনা হোৱা নাই। ইতিমধ্যে আগৰ সামগ্ৰীসমূহৰ বেছিখিনিয়ে ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে। আনহাতে, খেল-পথাৰখন উন্নত কৰাৰ প্ৰয়োজন হৈছে। এতেকে, এই অসুবিধাসমূহ আঁতৰাই খেলা-ধূলাৰ অধিক সা-সুবিধাৰ ব্যৱস্থা হাতত ল'বলৈ বিশেষভাৱে অনুৰোধ জনালোঁ।

           অনুগ্ৰহ কৰি অনুৰোধ ৰক্ষা কৰি বাধিত কৰে যেন।

                                                                        ইতি 
                                                            আপোনাৰ বিশ্বাসী 
শ্ৰী ________________
খেল বিভাগৰ সম্পাদক
                                                    _______________বিদ্যালয়



To Join Our Educational WhatsApp Group Or Stay Updated Just Type Your Name, Class, Gender And Designation And SMS to 7637961778.

SHARE IT WITH YOUR FRIENDS











Post a Comment

0 Comments