শিৰত টোপালবোৰ পৰোঁতে

শিৰত টোপালবোৰ পৰোঁতে

শিৰত টোপালবোৰ পৰোঁতে,
মনত আনন্দৰ জোৱাৰ উঠে;
হাত দুখনি মেলি দুয়োফালে,
আকোঁৱালি ল'ব বিচাৰে বৰ্ষাকে।


অ'ত ত'ত ৰাস্তাৰ পিঠিত,
স্ফটিক পানীৰ ডোঙাৰ মেলা;
হৰিণৰ দৰে জপিয়াই পদে,
নিজৰ কথা ক'ব বিচাৰে।

আকোঁৱালি লওঁ, কেতিয়াবা নিজকে,
ভিজা সিক্ত বদনটিক, বৰষুণ ভাবি;
মই জানোঁ, বৰষুণেও জানে,
ই মোৰ মাথোঁ এক পাগলামি।




তুমি কবিতা লিখি বা পঢ়ি ভালপোৱা নে? তোমাৰ কবিতাবোৰ আমালৈ পঠিয়াবা পাৰা। আমি ইয়াত তোমাৰ কবিতাবোৰ প্ৰকাশ কৰিম। তুমি তোমাৰ সকলো কবিতা কি নামেৰে প্ৰকাশ কৰিবা তাকো পঠিয়াবা। কবিতাটোৰ লগতে পঠিয়াব লাগিব নাম, পিতৃ মাতৃৰ নাম, বয়স, স্কুলৰ নাম, গাওঁৰ নাম, জিলাৰ নাম। আমাৰ whatsapp number হৈছে - 7637961778

To Join Our Educational WhatsApp Group Or Stay Updated Just Type Your Name, Class, Gender And Designation And SMS to 7637961778.

Post a Comment

0 Comments