কেতিয়াবা দুটা বা এটা বৰ্ণৰ প্ৰভাবত আন এটা বৰ্ণৰ ৰূপ সলনি হোৱা দেখা যায়। এইক্ষেত্ৰত, বিশেষকৈ শব্দ এটাৰ দন্ত্য ন মূৰ্ধণ্য ণ আৰু দন্ত্য স মূৰ্ধণ্য ষ লৈ সলনি হোৱাটো মনকৰিবলগীয়া।
যি বিধি বা নিয়মৰ দ্বাৰাই দন্ত্য ন মূৰ্ধণ্য ণ লৈ পৰিৱৰ্তন হৈ পৰে, তাকে ণত্ব বিধি বোলে।
আনহাতে, যি বিধি বা নিয়মৰ দ্বাৰাই দন্ত্য স মূৰ্ধণ্য ষ লৈ পৰিৱৰ্তন হৈ পৰে, তাকে ষত্ব বিধি বোলে।
ণত্ব বিধি
১। কেতিয়াবা ঋ, ৰ আৰু ষ-ৰ পিছত থকা দন্ত্য ন মূৰ্ধণ্য ণ হয়। যেনে - ঋণ, তৃণ, কৰ্ণ, কৃষ্ণ, বিষ্ণু।
২। ঋ, ৰ ষ আৰু দন্ত্য ন-ৰ মাজত স্বৰবৰ্ণ, ক-বৰ্গ বা প-বৰ্গৰ কোনো আখৰ নাইবা য, ৱ হ থাকিলে পিছত থকা দন্ত্য ন মূৰ্ধণ্য ণ হয়। যেনে - কৃপণ, কাৰণ, হৰণ, পূৰণ, ৰাৱণ, ৰুক্মিণী, গ্ৰহণ, পাষাণ, লক্ষণ, কাৰুণ্য়।
৩। উত্তৰ, দক্ষিণ, পৰ, চান্দ্ৰ, নাৰ আৰু ৰাম শব্দৰ পিছত অয়ন শব্দ যোগ হলে অয়ন শব্দৰ দন্ত্য ন মূৰ্ধণ্য ণ হয়। যেনে - উত্তৰায়ণ, দক্ষিণায়ণ, চান্দ্ৰায়ণ, নাৰায়ণ, পৰায়ণ, ৰামায়ণ।
৫। প্ৰ, পূৰ্ব, অপৰ আদি শব্দৰ লগত অহ্ন শব্দ যোগ হ'লে অহ্ন শব্দৰ দন্ত্য ন মূৰ্ধণ্য ণ হয়।
যেনে - প্ৰাহ্ন, পূৰ্বাহ্ণ, অপৰাহ্ণ।
৬। ট বৰ্গৰ লগত যুক্ত হ'লে দন্ত্য ন সদায়ে মূৰ্ধণ্য ণ হয়। যেনে - কণ্টক, কণ্ঠ, পিণ্ড, বিষণ্ণ, লুণ্ঠন, সণ্ঢালনি, দণ্ড।
৭। ৰ-কাৰান্ত আৰু ষ-কাৰান্ত শব্দৰ লগত 'পান' শব্দ যোগ হ'লে, পান শব্দৰ দন্ত্য ন মূৰ্ধণ্য ণ হয়। যেনে- ক্ষীৰপাণ, বিষপাণ।
৮। প্ৰ, পৰা, পৰি আৰু নিৰ উপসৰ্গৰ পিছত থকা নম্, নী আৰু নু আদি ধাতুৰ দন্ত্য ন মূৰ্ধণ্য ণ হয়।
যেনে - প্ৰণাম, পৰিণাম, প্ৰণিপাত, পৰিণতি, পৰিণয়, নিৰ্ণয়, প্ৰণৱ।
৯। ঔষধি আৰু বৃক্ষবাচক শব্দৰ পিছত থকা বন শব্দৰ দন্ত্য ন মূৰ্ধণ্য ণ হয়। যেনে - দুৰ্বাবণ, বদৰিবণ, হৰিদ্ৰাবণ।
১০। গগন, ফাগুন আৰু ফেন শব্দ বিকল্পে গগণ, ফাগুণ আৰু ফেণ লিখা হয়।
১১। কিছুমান শব্দৰ ণ-বোৰ স্বভাৱতে মূৰ্ধন্য ণ হয়।
যেনে - বাণিজ্য, বণিক, বেণু, বাণী, বীণা, বাণ, কঙ্কণ, কণিকা, পাণি, নিপুণ, কল্যাণ, লৱণ, মাণিক্য, অণু, মণি, কোণ, গুণ, চিক্কণ, শোণিত, পুণ্য, বেণী, গণ, তুণ।
ণ নিষেধ
১। দুটা যুক্ত পদ হলে আগৰ পদত ঋ, ৰ আৰু ষ থাকিলেও পাছৰ পদৰ দন্ত্য ন মূৰ্ধণ্য ণ নহয়।
যেনে - আয়ুষ্কামনা, ত্ৰিনয়ন, দুৰ্নাম, বৃন্দাবন, বৃষযান, ৰঘুনন্দনপুৰ, সৰ্বনাম, হৰিনাম।
২। ত, থ, দ আৰু ধ-ৰ পাছত সদায় দন্ত্য ন হয়।
যেনে - অন্ধ, চন্দন, দন্ত, নন্দন, বন্ধ, গ্ৰন্থ।
To Join Our Educational WhatsApp Group Or Stay Updated Just Type Your Name, Class, Gender And Designation And SMS to 7637961778.

0 Comments
Send Your Questions And Queries Here