অতি চমু /চমু উত্তৰৰ প্ৰশ্ন:
১. ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তগীজ নাৱিকজন কোন ? তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত পোন প্ৰথমে উপস্থিত হৈছিল ?
উত্তৰঃ ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিস্কাৰ কৰা প্ৰথম পতুৰ্গীজ নাৱিকজন হল ভাস্ক' ডা গামা। তেওঁ ১৪৯৮ খ্ৰীষ্টাব্দত ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল।
২. জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সক্ষম হোৱা ইংৰাজ নাৱিকজন কোন আছিল ?
উত্তৰঃ জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাৱিকজন হল ফ্ৰান্সিছ ড্ৰেক।
৩. ভাৰত ভূমিত পোন প্ৰথমে কোন ইংৰাজ নাৱিকে অনুমতিপত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিল ?
উত্তৰঃ ভাৰতভূমিত পোন প্ৰথমে ১৫৯৯ খ্ৰীষ্টাব্দত ইংৰাজ নাৱিক জেমছ মিলডেন হলে প্ৰৱেশ কৰিছিল।
৪. ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানিৰ কেতিয়া ক'ত গঠন হৈছিল ?
উত্তৰঃ ১৫০০ খ্ৰীষ্টাব্দত লণ্ডনত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হৈছিল।
৫. ইষ্ট ইণ্ডিয়া কোম্পানিৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা ?
উত্তৰঃ ইষ্ট ইণ্ডিয়া কোম্পানিৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য আছিল -
ক) বেহা-বেপাৰ কৰা।
খ) ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা।
৬. ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত কেতিয়া স্হাপিত হৈছিল ?
উত্তৰঃ ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো মছলিপট্ৰমত ১৬১১ খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল।
৭. 'ফৰ্ট উইলিয়াম' কি ?
উত্তৰঃ ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম `ফৰ্ট উইলিয়াম' ৰখা হৈছিল।
৮. পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত ভগাব পাৰি সময় উল্লেখ কৰি লিখা ।
উত্তৰঃ পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক দুটা ভাগত ভাগ কৰিব পাৰি -
ক) প্ৰথমটো হৈছে মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে।
খ) দ্বিতীয় হৈছে ১৮৫৮ খ্ৰীষ্টাব্দৰ পৰা ১৯৪৭ খ্ৰীষ্টাব্দত ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰলৈকে।
৯. ভাৰত চৰকাৰ আইন কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল ?
উত্তৰঃ ব্ৰিটিছ সংসদে ১৮৫৮ খ্ৰীষ্টাব্দৰ ২ আগষ্ট তাৰিখে `ভাৰত চৰকাৰ আইন' প্ৰণয়ন কৰিছিল। এই আইনে ইংলেণ্ডৰ চৰকাৰক পোনপতীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল।
১০ ভাৰতীয় পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল ?
উত্তৰঃ ১৮৬১ খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে `ভাৰতীয় পৰিষদ আইন' প্ৰণয়ন কৰিছিল। এই আইনখনৰ উদ্দেশ্য আছিল আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া।
চমু /দীঘল উত্তৰৰ প্ৰশ্ন:
১. ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা কেতিয়া সম্পূণ হৈছিল, তাৰ পদক্ষেপসমূহ সংক্ষেপে লিখা ।
উত্তৰঃ ১৬০৮ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমচে ভাৰতৰ সৈতে বেহা বেপাৰ কৰাৰ উদ্দেশ্যে কেপ্টেইন উইলিয়াম হকিন্স নামৰ এজন ব্ৰিটিছ সদাগৰৰ যোগেদি মোগল সম্ৰাট জাহাংগীৰলৈ এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছিল। কেপ্টেইন হকিন্সে প্ৰায় দুই বছৰকাল মোগল সাম্ৰাজ্যত থাকি সম্ৰাটৰ পৰা বেহা বেপাৰৰ কিছু সা - সুবিধা আদায়ৰ চেষ্টা চলাইছিল । কেপ্টেইন হকিন্সে আগবঢ়োৱা বানিজ্য চুক্তিৰ আবেদন সম্ৰাট জাহাংগীৰে নামঞ্জুৰ কৰিছিল। ১৬১৫ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমচে ছাৰ টমাচ ৰ' নামৰ আন এজন ইংৰাজক পুনৰ জাহাংগীৰৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। টমাচ ৰ'ৱে কোনোধৰণৰ বানিজ্যিক চুক্তি কৰিব পৰা নাছিল যদিও সম্ৰাট জাহাংগীৰে ইংৰাজ সদাগৰসকলক চুৰাটত বাণিজ্যিক কুঠি স্থাপনৰ অনুমতি প্ৰদান কৰিছিল।
১৭১৫ খ্ৰীষ্টাব্দত জন ছাৰ মানৰ নেতৃত্বত ইংৰাজ লোকৰ এটা সঁজাতী দলে মোগল সম্ৰাট ফাৰুখছিয়াৰ কঠিন ৰোগত ভুগি আছিল। ৰোগাক্ৰান্ত সম্ৰাট ফাৰুখছিয়াৰক সঁজাতী দলটোৰ চিকিৎসক ডাঃ হেলিমটনে চিকিৎসা আগবঢ়াই তেওঁৰ ব্যাধি নিৰাময় কৰিছিল। সঁজাতী দলটোৰ প্ৰতি সম্ৰাটে সদয়ৰ ভাৱ দেখুৱাইছিল। এই সুযোগতে সম্ৰাটৰ পৰা ইংৰাজ সদাগৰসকলে তিনিখন ফৰমান আদায় কৰে আৰু ইষ্ট ইণ্ডিয়া কোম্পানিয়ে সমগ্ৰ ভাৰতবৰ্ষত নিৰ্বিঘ্নে বেহা বেপাৰ কৰাৰ ৰাজকীয় অনুমতি লাভ কৰে। ইয়াৰ লগতে ভাৰতৰ মাটিত কোম্পানীয়ে নিজৰ ভৱিষ্যত সুদৃঢ় কৰাৰ ফালে অগ্ৰসৰ হৈছিল।
২. ইষ্ট ইণ্ডিয়া কোম্পানিয়ে কেনেকৈ ভাৰতৰ তিনিটা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল তাৰ তিনিতা মূল কৌশল সম্পকে লিখা ।
উত্তৰঃ ১৬১১ খ্ৰীষ্টাব্দত গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ কোম্পানীয়ে মছলিপট্ৰমত এটা বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল। ১৬৩৬ খ্ৰীষ্টাব্দত কুম্পানীয়ে আৰমাগাঁৱত দ্বিতীয়টো বাণিজ্য কেন্দ্ৰ মুকলি কৰিছিল। ১৬৩৯ খ্ৰীষ্টাব্দত চন্দ্ৰগিৰিৰ ৰজাৰ লগত চুক্তি কৰি মাদ্ৰাজৰ কাষৰীয়া ঠাই এটুকুৰালৈ আৰমাগাঁৱৰ বাণিজ্য কেন্দ্ৰটো তুলি নি এই কেন্দ্ৰটোৰ নতুন নাম দিয়া হৈছিল ফৰ্ট ছেন্ট জৰ্জ। ১৬৯০ খ্ৰীষ্টাব্দত জন চাৰ্ণক নামৰ কোম্পানীৰ এজন বিষয়াই বংগৰ নবাবৰ লগত এখন চুক্তিৰ যোগেদি বছৰি বাৰশ টকাৰ খাজনাৰ বিনিময়ত কালী ঘাটা (কলিকতা), সুতানুটি, আৰু গোবিন্দপুৰ নামৰ তিনিখন গাঁৱৰ জমিদাৰী স্বত্ব কোম্পানীয়ে লাভ কৰি ইয়াত এটা বাণিজ্য কেন্দ্ৰ আৰম্ভ কৰিছিল।
ইষ্ট ইণ্ডিয়া কোম্পানিৰ সাধাৰণ কৰ্মচাৰী ৰবাৰ্ট ক্লাইৱে ভাৰতত ঔপনিবেশিক সাম্ৰাজ্য গঢ়ি তোলাৰ কূটনৈতিক কলা - কৌশল অতি কম দিনৰ ভিতৰতে আয়ত্ব কৰিবলৈ সক্ষম হৈছিল। ক্লাইৱে নিজৰ কোম্পানীৰ স্বাৰ্থত আনবোৰ বিদেশী ইউৰোপীয়ান কোম্পানীক ভাৰতৰ পৰা বহিস্কাৰ কৰাৰ আঁচনি লৈছিল। তেওঁ যুদ্ধ নতুবা মিত্ৰতাৰ পাশেৰে দেশীয় ৰজাসকলক কোম্পানীৰ ফলীয়া কৰিবলৈ প্ৰচেষ্টা চলাইছিল। বংগৰ নবাব, হায়দৰাবাদৰ নিজাম, অযোধ্যাৰ নবাব, ৰাজপুতনাৰ ৰজা আদিয়ে কোম্পানীৰ সৈতে মিত্ৰতা কৰি প্ৰত্যেকেই নিজৰ নিজৰ কৰ্তৃত্ব বিসৰ্জ্জন দিব লগা হৈছিল।
৩. ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানিয়ে আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন ? তেওঁ কি কি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্ৰৰ লাইখুঁটা স্থাপন কৰিছিল চাৰিটা যুক্তিৰে লিখা ।
উত্তৰঃ ৰবাৰ্ট ক্লাইবে ১৭৫৭ খ্ৰীষ্টাব্দত পলাশীৰ যুদ্ধত বংগ, বিহাৰ আৰু উৰিষ্যাৰ নবাব চিৰাজউদ্দৌলাক পৰাস্ত কৰি ভাৰতৰ ব্ৰিটিছ লাইখুঁটা স্হাপন কৰে।
এইটো প্ৰশ্নৰ পিছৰ অংশৰ উত্তৰ আৰু ৩ নং প্ৰশ্নৰ ২ নম্বৰ অংশৰ উত্তৰ একে সেইবাবে লিখি নিদিলো।
৪. চিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণবোৰ লিখা ।
উত্তৰঃ চিপাহী বিদ্ৰোহ সৃষ্টিৰ চাৰিটা কাৰণ তলত উল্লেখ কৰা হল -
১) ৰাজকীয় শ্ৰেণী আৰু জনগণৰ অশান্তিয়ে বিদ্ৰোহৰ পৰিবেশ সৃষ্টি কৰিছিল।
২) ১৮৩৫ খ্ৰীষ্টাব্দত কোম্পানীৰ মূদ্ৰাৰপৰা মোগল সম্ৰাটৰ নামটো আঁতৰাই দিয়া হৈছিল।
৩) একে সময়তে ৰাজকীয় পাৰ্চী ভাষাক উচ্ছেদ কৰি শাসনযন্ত্ৰত ইংৰাজী ভাষাৰ প্ৰচলন কৰাৰ প্ৰতিক্ৰিয়া হিচাপে ভাৰতীয়ৰ মনত অশান্তি অসন্তুষ্টিৰ পৰিমাণ বাঢ়ি গৈছিল।
৪) লৰ্ড ডেলহাউছীৰ প্ৰতিক্ৰিয়াশীল শাসনে সকলো ধৰ্মালম্বী ভাৰতীয়ৰ মনত অশান্তি পৰিমাণ দুগুণ বঢ়াই তুলিছিল।
ওপৰত উল্লেখিত কাৰণবোৰৰ ফলস্বৰূপে বিখ্যাত চিপাহী বিদ্ৰোহৰ সূচনা হৈছিল।
৫. চিপাহী বিদ্ৰোহ চাৰিটা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা ।
উত্তৰঃ ক) চিপাহী বিদ্ৰোহৰ ভয়ানক হেন্দোলনিচয় ইংলেণ্ডবাসীৰ মনত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতি তীব্ৰ বিতৃষ্ণাৰ ভাব সৃষ্টি কৰিছিল। বিদ্ৰোহৰ মাজেদি প্ৰকট হৈ উঠা ভাৰতীয়ৰ ক্ষোভ, যন্ত্ৰণা, বিদেশী শাসকৰ বিৰুদ্ধে ভাৰতীয়ৰ মনত গঢ়ি উঠা গভীৰ আস্থাহীনতাৰ মনোভাৱ আৰু আক্ৰমণ প্ৰতি আক্ৰমণৰ ঘটনাই সৃষ্টি কৰা ভয়ানক হত্যাকাণ্ডই ইংলেণ্ড বাসীক চিন্তিত কৰি তুলিছিল। ভৱিষ্যতৰ এনে ভয়ানক পৰিস্থিতি যাতে পুনৰ উদগীৰণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটোৰ ওপৰত একাণপতীয়াকৈ মনোযোগ দিবলৈ বাধ্য হৈছিল।
খ) ব্ৰিটিছ সংসদে ১৮৫৮ খ্ৰীষ্টাব্দৰ ২ আগষ্ট তাৰিখে `ভাৰত চৰকাৰ আইন' প্ৰণয়ন কৰিছিল। এই আইনে ইংলেণ্ডৰ চৰকাৰক পোনপতীয়াকৈ ভাৰত শাসন কৰা ক্ষমতা দিছিল।
গ) সামাজিক পৰিবৰ্তন স্বৰূপে ভাৰতীয় সমাজত সমান্তযুগীয় স্হবিৰতা আঁতৰি আধুনিক পাশ্চাত্য শিক্ষাৰ প্ৰতি ভাৰতীয় সকল আকৰ্ষিত হৈছিল।
ঘ) চিপাহী বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষ শাসনে ভাৰতীয়ৰ মনত ক্ৰমান্বয়ে একতাৰ ভাব জগাই তুলিছিল।
৬. ভাৰত চৰকাৰ আইনৰ জৰিয়তে হোৱা চাৰিটা প্ৰশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা ।
উত্তৰঃ ক) ভাৰত শাসনৰ সকলো দায়িত্ব ইংলেণ্ডৰ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ ফলস্বৰূপে কোম্পানীৰ আমোলত ভাৰতৰ সৈতে জড়িত হৈ থকা নিয়ন্ত্ৰণ পৰিষদ আৰু সঞ্চালক সভাৰ কৰ্তৃত্ব অবসান ঘটাইছিল।
খ) নতুন আইন অনুসৰি ভাৰত শাসন সম্বন্ধীয় সকলো দায়িত্ব আৰু ক্ষমতা ব্ৰিটিছ মন্ত্ৰী সভাৰ এজন সদস্যৰ হাতত অৰ্পন কৰা হয়। ভাৰত শাসনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হোৱা মন্ত্ৰী জনক `ভাৰত সচিব' বোলা হয়।
গ) `ভাৰত চৰকাৰ আইন' অনুসৰি ভাৰতবৰ্ষৰ সৰ্বোচ্চ শাসনকৰ্তা হিচাপে গবৰ্ণৰ জেনেৰেল থাকিল যদিও তেওঁক ভাইচৰয় অৰ্থাৎ ৰাজপ্ৰতিনিধিৰ খিতাপ প্ৰদান কৰা হয়।
ঘ) এই আইনে ভাইচৰয় আৰু প্ৰাদেশিক মুৰব্বী (গবৰ্ণৰ) জনক নিযুক্তি দিয়াৰ ক্ষমতা ইংৰাজ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ লগতে কোম্পানীৰ সামৰিক বাহিনীক ব্ৰিটিছ চৰকাৰৰ তলতীয়া কৰিছিল।
৭. লৰ্ড কেনিঙৰ দুটা প্ৰধান সংস্কাৰৰ বিষয় লিখা ।
উত্তৰঃ ক) লৰ্ড কেনিঙে শিক্ষা ব্যৱস্থাটোৰ উন্নতিৰ বাবে `উডৰ শিক্ষা সংস্কাৰ আঁচনি' খন প্ৰৱৰ্তন কৰি প্ৰত্যেক প্ৰদেশতে এজন সচিবৰ তলত শিক্ষা বিভাগ এটা মুকলি কৰিছিল।
খ) পৰীক্ষামূলকভাৱে বাৰ্ষিক পাঁচশ টকা বা ততোধিক উপাৰ্জ্জন কৰা লোকৰ ওপৰত আয়কৰ বহুৱাইছিল।
৮. ভাৰতীয় পৰিষদ আইনৰ দুটা গুণ আৰু দুটা দোষ লিখা ।
উত্তৰঃ দুটা গুণ:
ক) ভাৰতবৰ্ষৰ আধুনিক প্ৰশাসনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দেশীয় প্ৰতিনিধিৰ অন্তভূৰ্ক্তিৰ শুভাৰম্ভ ১৮৬১ খ্ৰীষ্টাব্দৰ ভাৰতীয় পৰিষদ আইনৰ যোগেদি হৈছিল।
খ) এই আইনে ভাইচৰয়ক তেওঁৰ কেন্দ্ৰীয় বিধানমণ্ডলৰ সদস্যৰ সংখ্যা সৰ্বনিম্ন ছয়জনৰ পৰা সৰ্বাধিক বাৰজন পৰ্যন্ত মনোনীত কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছিল।
দুটা দোষ
ক) এই আইনে নবগঠিত প্ৰাদেশিক বিধান পৰিষদসমূহক নিজাকৈ কিছু আইনী ক্ষমতা দিছিল যদিও পকৃতপক্ষে এই ক্ষমতা আছিল কেৱল নামমাত্ৰহে।
খ) গৱৰ্ণৰ জেনেৰেলৰ হাতত নিজাকৈ অধ্যাদেশ জাৰি কৰিব পৰা ক্ষমতা দিয়া হৈছিল। তেওঁ পৰিষদৰ সৈতে কোনো সম্পৰ্ক নকৰাকৈ যিকোনো ধৰণৰ ক্ষমতা প্ৰয়োগ কৰিব পাৰিছিল।
৯. ইংৰাজৰ সময়ত স্থানীয় স্বায়ত শাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ আলোচনা কৰা ।
উত্তৰঃ ১৮৭০ খ্ৰীষ্টাব্দৰ ১৪ ডিচেম্বৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱা বিত্তীয় বিকেন্দ্ৰীকৰণৰ প্ৰস্তাৱৰ যোগেদি শিক্ষা, স্বাস্থ্য, পঞ্জীয়ন, জেল, পুলিচ আদি বিভাগৰ দায়িত্ব প্ৰদেশ বিলাকক দিয়া হৈছিল। লৰ্ড ৰিপণে স্হানীয় প্ৰশাসন ব্যৱস্থাত এনে এক পৰিৱৰ্তনৰ পোষকতা কৰিছিল য'ত প্ৰশাসনীয় দক্ষতা বৃদ্ধিৰ লগতে স্হানীয় শাসনক ৰাজনৈতিক শিক্ষাৰ এক মাধ্যম হিচাপেও গ্ৰহণ কৰাৰ সুবিধা থাকে। ভাৰতীয়ৰ মাজত শিক্ষা বিস্তাৰ আৰু ভাৰতীয়ক আধুনিক প্ৰশাসনৰ লগত চিনাকি কৰি দিয়াৰ লগতে সমাজৰ বুদ্ধিমান ব্যক্তিসকলক তেওঁলোকৰ প্ৰাথমিক কাম বিলাক তেওঁলোকৰ হতুৱাই সম্পন্ন কৰাৰ ওপৰত গুৰুত্ব দিছিল।
লৰ্ড ৰিপনে ১৮৮২ খ্ৰীষ্টাব্দত ঐতিহাসিক প্ৰস্তাৱ মৰ্মে প্ৰত্যেকটো মহকুমাত একোখনকৈ লোকেল বৰ্ড গঠন কৰে।
লৰ্ড ৰিপনে স্বায়ত্ব শাসনৰ প্ৰস্তাৱসমূহ সমগ্ৰ ভাৰতবৰ্ষতে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছিল। তেওঁৰ এই নিৰ্দেশসমূহ প্ৰদেশসমূহৰ মুখ্য শাসনকৰ্তাসকলে দুই ধৰণেৰে কাৰ্যকৰী কৰিছিল। কিছুমান প্ৰদেশত জিলা পৰ্যায়ত আৰু কিছুমান প্ৰদেশত মহকুমা পৰ্যায়ত লোকেল বৰ্ডসমূহ গঠন কৰিছিল। উল্লেখ্য যে অসমত মহকুমা পৰ্যায়ত লোকেল বৰ্ডসমূহ গঠন হৈছিল।
গ্ৰামাঞ্চলৰ দৰে নগৰাঞ্চলসমূহো স্হানীয় স্বায়ত্ব শাসনৰ তলতীয়া হৈছিল। ১৮৮২ খ্ৰীষ্টাব্দৰ স্হানীয় স্বায়ত্ব শাসনৰ প্ৰস্তাৱ মৰ্মে নগৰীয়া এলেকাসমূহত নগৰপালিকা আৰু পৌৰসভা গঠন হৈছিল। ১৮৮৫ খ্ৰীষ্টাব্দৰ স্বায়ত্ব শাসন আইনখনে জিলা উপায়ুক্ত সকলকহে লোকেল বৰ্ডৰ সভাপতিত্ব কৰাৰ ক্ষমতা দিছিল।
১০. অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকল অন্তৰ্ভুত হৈছিল ? এই সেৱাৰ বিকাশ সম্পৰ্কে আলোচনা কৰা ।
উত্তৰঃ ১৮৩৩ খ্ৰীষ্টাব্দৰ চনদে ভাৰতীয় লোকক শাসনৰ উচ্চ পদবীত মকৰল কৰাৰ ক্ষেত্ৰত সন্মতি জনাইছিল। আইনখনে ভাৰতীয়ক লোকসেৱাৰ পদবীত নিযুক্তিৰ ক্ষেত্ৰত অৰ্হতা নিৰ্ধাৰণ ব্যৱস্থা লবলৈ নিৰ্দেশ দিছিল। ১৮৩৩ খ্ৰীষ্টাব্দত ডেপুটি মেজিষ্ট্ৰেট আৰু ১৮৪৩ খ্ৰীষ্টাব্দত ডেপুটি কালেক্টৰ নামৰ দুটা পদবীৰ সৃষ্টি কৰি দুয়োটা পদবীৰ বাবে ভাৰতীয় ব্যক্তি উপযুক্ত হব বুলি জানিবলৈ দিছিল।
১৮৫৩ খ্ৰীষ্টাব্দৰ চনদে লোকসেৱাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিছিল। ভাৰতীয় লোককো এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে অনুমতি দিছিল। ইংলেণ্ডত অনুষ্ঠিত হোৱা বাবে এই পৰীক্ষাত অতি সামান্য সংখ্যক ভাৰতীয়ই হে ইয়াত অৱতীৰ্ণ হব পাৰিছিল।
১৮৬৫ খ্ৰীষ্টাব্দলৈকে লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰীক্ষাৰ্থীৰ সৰ্বোচ্চ বয়সৰ সীমা আছিল ২২ বছৰ। কিন্তু ১৮৬৬ খ্ৰীষ্টাব্দত এই সৰ্বোচ্চ বয়সৰ সীমা ২১ বছৰ কৰা হৈছিল। ইয়াৰ ফলস্বৰূপে অতি কম সংখ্যক ভাৰতীয়ই হে পৰীক্ষাত অৱতীৰ্ণ হব পাৰিছিল।
ভাইচৰয় লৰ্ড লিটনৰ কাৰ্যকালত ভাৰতীয় লোকসেৱাৰ পৰীক্ষাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ১৯ বছৰলৈ হ্ৰাস কৰিছিল। লোকসেৱা পৰীক্ষাৰ্থীৰ বয়সৰ সীমা সমন্ধে ভাৰতীয়ৰ মতামত জনাবলৈ সুৰেন্দ্ৰ নাম বন্দ্যোপাধ্যায়ে লালমোহন ঘোষ নামৰ এজন আইনীবিদক ইংলেণ্ডলৈ পঠাইছিল। ইংলেণ্ডৰ চৰকাৰে ঘোষৰ মুক্তি মানি লৈ ভাৰতীয় লোকসেৱাত পৰীক্ষাৰ্থীৰ বয়স পুনৰ ২২ বছৰ কৰিবলৈ বাধ্য হৈছিল।
লৰ্ড লিটনৰ কাৰ্যকালত ব্ৰিটিছ চৰকাৰে ভাৰতীয় লোকসেৱা সমন্ধীয় এখন বিধি তৈয়াৰ কৰিছিল। এই বিধি অনুসৰি যি এক ষষ্ঠাংশ লোকসেৱাৰ পদবী অংগীকাৰবদ্ধ ইংৰাজ ব্যক্তিৰ কাৰণে সংৰক্ষিত আছিল সেই পদবীসমূহ স্হানীয় চৰকাৰৰ মনোনীত ভাৰতীয় লোকৰ দ্বাৰা পূৰণ কৰাৰ ব্যবস্থা কৰা হৈছিল।
মণ্টেগু - চেমচফোৰ্ড প্ৰতিবেদনে ইংলেণ্ড আৰু ভাৰতত একেলগে লোকসেৱাৰ পৰীক্ষা অনুষ্ঠিত কৰাটো চৰকাৰৰ এটা ঘোষিত নীতি বুলি প্ৰকাশ কৰিছিল।
মণ্টেগু - চেমচফোৰ্ড প্ৰতিবেদন আৰু ১৯১৯ খ্ৰীষ্টাব্দৰ ভাৰত চৰকাৰ আইনৰ নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ ১৯২৩ খ্ৰীষ্টাব্দত ব্ৰিটিছ চৰকাৰে লী আয়োগ গঠন কৰিছিল। লী আয়োগে তাৎক্ষণিকভাৱে ভাৰতবৰ্ষত লোকসেৱা আয়োগ পস্তাৱ আগবঢ়াইছিল আৰু ১৫ টা বছৰৰ ভিতৰত লোকসেৱা পদবীত ভাৰতীয় লোকৰ নিযুক্তিৰ পৰিমাণ ৫০ শতাংশলৈ বৃদ্ধি কৰিবলৈ উপদেশ দিছিল।
১১. ব্ৰিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লোকসেৱা সম্পকে তিনিটা পাৰ্থক্য উল্লেখ কৰা ।
উত্তৰঃ ক) ব্ৰিটিছ অধীন ভাৰতত লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সৰ্বোচ বয়সৰ সীমা আছিল ২২ বছৰ। কিন্তু স্বাধীন ভাৰতত পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সৰ্বনিম্ন বয়সৰ সীমা ২১ বছৰ।
খ) ভাৰত স্বাধীন হোৱাৰ আগত অৰ্হতাৰ ভিত্তিত লোকসেৱাত নিয়োগৰ পদ্ধতি আছিল।ভাৰত স্বাধীন হোৱাৰ পিছত সৰ্বভাৰতীয় পৰ্যায়ত মুকলি প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হল।
গ) ভাৰত স্বাধীন হোৱাৰ পূৰ্বে ইয়াত কোনো লোকসেৱা আয়োগ গঠন কৰা হোৱা নাছিল আৰু ভাৰতীয় মানুহে ইংলেণ্ডলৈ গৈ লোকসেৱা পৰীক্ষাত অবতীৰ্ণ হৈছিল।
কিন্তু ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত সৰ্বভাৰতীয় লোকসেৱা আয়োগ আৰু প্ৰাদেশিক পৰ্যায়ত ৰাজ্যিক লোকসেৱা আয়োগ গঠন কৰা হল ফলস্বৰূপে ভাৰতীয় মানুহে ভাৰতত থাকি লোকসেৱাৰ পৰিক্ষাত অৱতীৰ্ণ হব পাৰিছে।
To Join Our Educational WhatsApp Group Or Stay Updated Just Type Your Name, Class, Gender And Designation And SMS to 7637961778.

0 Comments
Send Your Questions And Queries Here