Class 9 || SEBA || Assamese | অসমীয়া সাহিত্য চয়নিকা (নতুন) || পাঠ ২ : মানৱ বন্দনা - চন্দ্ৰকুমাৰ আগৰৱালা

(প্ৰশ্নাৱলী):

ভাব-বিষয়ক:

১। চমু উত্তৰ লিখাঃ

(ক) 'মানুহেই পৰাৎপৰ' বোলা কথাষাৰৰ অৰ্থ কি?
উত্তৰঃ মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ হল - মানুহেই শ্ৰেষ্ঠতকৈয়ো শ্ৰেষ্ঠ, মানুহেই পৰম সত্য।



(খ) মানুহক 'ময়াপী জীৱ' বোলাৰ অৰ্থ কি?
উত্তৰঃ এই সংসাৰত মানুহৰ আগমন আৰু গমন এটা চিৰন্তন গতি।অৰ্থাৎ মানুহৰ জন্ম আৰু মৃত্যু চিৰসত্য। ই যেন এক প্ৰকাৰ মায়া সদৃশ। মানুহ মায়া-মোহত আৱদ্ধ । সেয়েহে মানুহক ময়াপী জীৱ বুলিছে।


(গ) পাদ্য অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি?
উত্তৰঃ কবিৰ মতে মানুহ হৈছে নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। মানুহক সেৱা কৰাটোৱেই হৈছে প্ৰকৃত ধৰ্ম। সেয়েহে কবিয়ে পাদ্য-অৰ্ঘ্য লৈ মানুহক পূজা কৰিব দিছে।

২। মানৱ বন্দনা কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা।
উত্তৰঃ প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে 'মানৱ বন্দনা' কবিতাটিত মানৱৰ জয়গান গাইছে। কবিয়ে কৈছে যে মানৱে বাৰে বাৰে জন্ম লৈ এই পৃথিৱীলৈ ঘূৰি আহে। পৃথিৱীলৈ মানুহৰ অহা-যোৱা এক চিৰন্তন প্ৰক্ৰিয়া। মানুহ যেন এই পৃথিৱীখনৰ মায়াত বন্দী এক জীৱ। সেয়েহে কবিয়ে এই মানৱী জীৱনটো মানুহৰ কল্যাণৰ হকে উৎসৰ্গা কৰিবলে কৈছে। কাৰণ মানুহে মানুহৰ অবিহনে জীয়াই থাকিব নোবাৰে। মানুহেই মানুহৰ পৰম বন্ধু। এতেকে মানুহৰ কল্যাণ সাধন কৰাটোহে প্ৰকৃত ধৰ্ম। জীৱশ্ৰেষ্ঠ মানৱে নিজৰ মানৱীয় কৰ্মৰাজিৰে এই পৃথিৱীখনক অধিক সুন্দৰ কৰি তুলিব পাৰে । কাৰণ মানুহৰ বাবে পৃথিৱীখন স্বৰ্গতকৈও অধিক নিজা ঘৰ । কবিৰ মতে মানুহ নৰৰূপী ভগৱান । এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। সেয়েহে কবিয়ে পাদ্য- অৰ্ঘ্য লৈ মানুহক পূজা কৰিবলৈ কৈছে।


৩। 'এই যে পৃথিৱী স্বৰ্গতো অধিক
               মানুহৰ নিজাপী ঘৰ।'
      কথাষাৰৰ অৰ্থ বুজাই লিখা।
উত্তৰঃ এই যে পৃথিৱী স্বৰ্গতো অধিক
               মানুহৰ নিজাপী ঘৰ । মানুহৰ নিজাপী ঘৰ বুলি কবিয়ে পৃথিৱীখনৰ কথাকে বুজাইছে । কাৰণ – মানুহ সদায় এই পৃথিৱী খনতেই থাকিই লাগিব। আমি প্ৰত্যেকেই ভাল-বেয়া, সচাঁ-মিছা, সুখ-দুখৰ অনুভৱ এই পৃথিৱীখনতেই, মানুহৰ মাজতেই পাওঁ। অথচ স্বৰ্গৰ সুখ মানুহৰ কল্পনা মাত্ৰ । সেয়েহে মানৱ দৰদী কবিয়ে এই পৃথিৱীখনক স্বৰ্গতকৈয়ো অধিক সুখৰ আলয় আৰু প্ৰকৃতাৰ্থত মানুহৰ নিজা ঘৰ বুলি কৈছে।

৪। তাৎপৰ্য বাখ্যা কৰাঃ
(ক) মানৱী জনম দিয়া উটুৱাই
           মানৱী কৰম সোঁতে,
       মানুহৰ মৰম বুজিবা মানুহে
            ধৰম যে মৰমতে।
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ 'মানৱ বন্দনা ʼ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
    মানুহৰ পাৰস্পৰিক মৰম- চেনেহৰ জৰিয়তে যে এই মৰততেই সৰগৰ সুখ লাভ কৰিব পাৰি এই কথাকেই কবিতাফাঁকিত প্ৰকাশ পাইছে।
          মানৱতাবাদী কবিয়ে কবিতাটিত মানৱৰ জয়গান গাইছে। কবিতাটিত কবিয়ে এই মানৱী জনমটোত মানুহৰ সেৱাত ব্ৰতী হ'বলৈ উপদেশ দিছে। মানুহৰ মাজত মৰম চেনেহৰ আদান প্ৰদানৰ জৰিয়তে মানুহে এই ধৰাতলতেই স্বৰ্গৰ সুখ লাভ কৰিব পাৰিব। মানুহৰ মাজত থকা পাৰস্পাৰিক মৰমকেই কবিয়ে প্ৰকৃত ধৰ্ম বুলি কৈছে।

(খ) মানুহেই দেৱ মানুহেই সেৱ
            মানুহ বিনে নাই কেৱ,
     কৰা কৰা পূজা পাদ্য অৰ্ঘ্য লই
           জয় জয় জয় মানৱ দেৱ।
উত্তৰঃ উক্ত কবিতাফাঁকি ৰোমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত 'মানৱ বন্দনা' নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
          মানুহে মানুহক দেৱতা জ্ঞান কৰি সেৱা কৰা প্ৰসংগত উক্ত কবিতাফাঁকি উল্লেখ কৰা হৈছে।
          এই পৃথিৱীত মানুহেই হ'ল নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানক সেৱা কৰাটো মানুহৰ প্ৰধান কৰ্তব্য। এই চৰাচৰৰ মাজত পৰম শক্তিৰূপে জিলিকি থকা মানৱ সত্তাক সেৱা কৰাটোয়েই হৈছে মানুহৰ পৰম ধৰ্ম। সেয়েহে কবিয়ে পাদ্য অৰ্ঘ্য লৈ মানুহৰ পূজা কৰিবলৈ কৈছে আৰু মানুহৰ জয়গান গাবলৈ কৈছে।



ভাষা-বিষয়কঃ

৫। সমাৰ্থক শব্দ লিখাঃ
      মানুহ ---- মানৱ, নৰ
      সংগ ------- লগ, বন্ধু
      পৃথিৱী ----- ধৰা, বসুন্ধৰা
      সোঁত-------- স্ৰোত, ধাৰা
      স্বৰ্গ --------- সৰগ
      দেৱ --------- দেৱতা, সুৰ


৬। সংস্কৃত কৰ্ম, ধৰ্ম আদি শব্দৰ পৰা কৰম, ধৰম আদি শব্দৰ উৎপত্তি হৈছে। এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰ: 
সংস্কৃত ৰূপ অৰ্ধতৎসম ৰূপ
           ধৰ্ম --------- ধৰম
           কৰ্ম ---------- কৰম
           মৰ্ত্য --------- মৰত
           শব্দ --------- শৱদ
           দৰ্শন -------- দৰশন
           শস্য --------- শইচ
           স্নেহ --------- চেনেহ

Post a Comment

0 Comments