Class 9 | Social Science | সমাজ বিজ্ঞান | ভূগোল | পাঠ ১ - ভূ-পৃষ্ঠৰ পৰিবৰ্তন

১) ভূপৃষ্ঠত মহাদেশ আৰু মহাসাগৰৰ বিতৰণৰ এটি আভাস দিয়া ।
উত্তৰঃ পৃথিৱীৰ উপৰিভাগ মহাদেশ (স্থলভাগ) আৰু মহাসাগৰ (জলভাগে) ৰে গঠিত। ইয়াৰে ৭১ শতাংশ জলভাগে আৰু ২৯ শতাংশ স্থলভাগেৰে আগুৰি আছে। মহাদেশ কেইখনৰ ভিতৰ ভাগত সমভূমি, মালভূমি, পাহাৰ - পৰ্বত, নদী - উপত্যকা, মৰুভূমি, উপকূলীয় সমতল আদি দেখা যায়। সেইদৰে মহাসাগৰ কেইখনতো পানীত বুৰ গৈ থকা অবস্থাত আছে মালভূমি, সমতল, পাহাৰৰ লানি, গভীৰ খাত, প্ৰবাল প্ৰাচীৰ আদি অবয়ব। তদুপৰি মহাসাগৰত সৰু ডাঙৰ বহুতো দ্বীপো  দেখা যায়।

     ভূ-পৃষ্ঠ আৰু মহাসাগৰৰ তলিৰ এইবোৰ অবয়ব যুগ যুগ ধৰি চলি অহা কিছুমান প্ৰক্ৰিয়া বা ক্ৰিয়াৰ ফলত সৃষ্টি হৈছে। পৃথিৱীৰ স্থলভাগ আৰু জলভাগত ক্ৰিয়া কৰি থকা কাৰকসমূহৰ কিছুমান বাহ্যিক আৰু কিছুমান আভ্যন্তৰীণ। বাহ্যিক কাৰকবোৰৰ ভিতৰত সূয্যৰ উত্তাপ, বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্ৰধান। আনহাতে আভ্যন্তৰীণ কাৰকবোৰৰ  ভিতৰত ভূমিকম্প আৰু আগ্নেয়গিৰিৰ উদগীৰণ প্ৰধান। আভ্যন্তৰীণ কাৰক বোৰে মহাদেশৰ অন্তৰ্ভাগৰ লগতে মহাসাগৰৰ অন্তৰ্ভাগতো ক্ৰিয়া কৰিব পাৰে। এইবোৰ কাৰকে সাধাৰণতে ভূ-পৃষ্ঠৰ লগতে মহাসাগৰৰ তলি ভাগকো অসমান কৰি ৰখাত অৰিহণা যোগায়। ভূমিকম্প সংঘটিত হলে মহাদেশৰ বা মহাসাগৰৰ তলি ভাগৰ কোনো অংশ উঠি আহিব বা বহি যাব পাৰে।



২।  ভূপৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে ব্যাখ্যা কৰা ।
উত্তৰ : পৃথিৱীৰ উপৰিভাগ পৰিৱৰ্তনশীল। সময়ৰ গতিত ভূ-পৃষ্ঠৰ সকলোতে পৰিৱৰ্তন ঘটে। ভূ-পৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰা কাৰকবোৰৰ কিছুমান বাহ্যিক আৰু কিছুমান আভ্যন্তৰীণ। বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকবোৰৰ সমম্বিত ক্ৰিয়াই ভূ-পৃষ্ঠক বৰ্তমানৰ অবস্থা পোৱাইছে। এই কাৰক বোৰৰ ক্ৰিয়াৰ ফলতেই ভৱিষ্যতেও ভূ-পৃষ্ঠৰ পৰিৱৰ্তন হৈ থাকিব। কাৰক বোৰৰো সময়ৰ গতিত পৰিৱৰ্তন ঘটিব। বাহ্যিক কাৰক বোৰে অামি দেখিব পৰাকৈ বাহিৰৰ পৰা ক্ৰিয়া কৰে আৰু আভ্যন্তৰীণ কাৰক বোৰে অামি নেদেখাকৈ পৃথিৱীৰ অন্তৰ্ভাগত ক্ৰিয়া কৰি থাকে। বাহ্যিক কাৰক বোৰৰ ভিতৰত সূয্যৰ উত্তাপ, বতাহ, বৰষুণ, নদী, হিমবাহ, সাগৰৰ ঢৌ আদি প্ৰধান। আনহাতে আভ্যন্তৰীণ কাৰকবোৰৰ ভিতৰত ভূমিকম্প আৰু আগ্নেয়গিৰিৰ উদগীৰণ প্ৰধান। তদুপৰি ভূ-পৃষ্ঠত থকা গছ-গছনি, জীৱ-জন্তু আদি জৈৱিক কাৰকেও ভূ-পৃষ্ঠৰ পৰিৱৰ্তনত  কম বেছি পৰিমাণে অৰিহণা যোগায়।


৩। বাহ্যিক কাৰক মানে কি ? কেইটামান বাহ্যিক কাৰকৰ নাম লিখা ।
উত্তৰ : ভূ-পৃষ্ঠত বাহ্যিক কাৰক বোৰ মূলত: বাহিৰৰ পৰা ক্ৰিয়া কৰে। এই কাৰক বোৰৰ উৎস সূৰ্য আৰু বায়ুমণ্ডল।
   বাহ্যিক কাৰকবোৰৰ ভিতৰত সৌৰশক্তি, বতাহ, বৰষুণ, নদী, হিমবাহ, আৰু সাগৰৰ ঢৌ প্ৰধান


৪) ভূমিকম্প আৰু আগ্নেয় উগ্নীৰণক কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয় ?
উত্তৰঃ আভ্যন্তৰীণ কাৰকবোৰে মহাদেশৰ অন্তৰ্ভাগৰ লগতে মহাসাগৰৰ তলি ভাগকো অসমান কৰি ৰখাত অৰিহণা যোগায়। ভূমিকম্প সংঘটিত হলে মহাদেশৰ বা মহাসাগৰৰ তলি ভাগৰ কোনো অংশ উঠি আহিব পাৰে বা বহি যাব পাৰে। আগ্নেয় উদগীৰণ সংঘটিত হলে ভূমিকম্প হয় আৰু সংশ্লিষ্ট ঠাইত আগ্নেয়গিৰিৰো সৃষ্টি হয়। সেইবাবে ভূমিকম্প আৰু আগ্নেয় উদগীৰণক আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়।



৫। নদী অৱবাহিকা বুলিলে কি বুজায় ? নদী অৱবাহিকাৰ এটি চিত্র আঁকা ।
উত্তৰঃ  নদীয়ে ইয়াৰ উপনদী, শাখানদী আদিৰ সহায়ত একেলগে একোটা অৱবাহিকাৰ সৃষ্টি কৰে। অৱবাহিকা হৈছে একোটা এলেকা, যৰ পৰা নদীয়ে ইয়াৰ উপনদীসহ নামনিলৈ কঢ়িয়াই আনে।


১০ । প্লাবনভূমি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা ।
উত্তৰ : সাধাৰণতে নদীৰ উচ্চগতি অংশত খনন কাৰ্য্য চলে। ইয়াৰ বিপৰীতে মধ্যগতি  আৰু নিম্নগতি অংশত গতিপথৰ লগতে দুয়োপাৰে গেদ জমা হয়। বিশেষকৈ দুয়োপাৰে যুগ যুগ ধৰি গেদ জমা হোৱাৰ ফলত পলসুৱা সমতল ভূমিৰ সৃষ্টি হয়। ইয়াকে প্লাৱনভূমি বোলা হয়।
        সাধাৰণতে বানপানীৰ সময়ত সোতে কঢ়িয়াই অনা বালি, বোকা, পলস আদি দুয়োপাৰে বহু দূৰলৈ বিয়পি পৰে। এইবোৰেই কালক্ৰমত প্লাৱনভূমিৰ সৃষ্টি কৰে।



১১ । নদীৰ গতিপথৰ ক'ত কেনেকৈ বালিচৰৰ সৃষ্টি হয় লিখা ।
উত্তৰ : বালিচৰ বোৰ কেতিয়াবা নৈৰ দাঁতিত আৰু কেতিয়াবা মাজভাগত গঢ়ি উঠে। এইবোৰ সাধাৰণতে অস্থায়ী আৰু বিভিন্ন আকাৰ- আকৃতিৰ। বাৰিষা নৈৰ প্ৰবল সোতেঁ বালিচৰ বোৰৰ আকাৰ - আকৃতিৰ পৰিৱৰ্তন ঘটায়। খৰালিকালত নদীৰ পানী নামি আহিলে বালিচৰ বোৰ ভালদৰে ওলাই পৰে। আমাৰ ব্ৰহ্মপুত্ৰৰ বুকুত সৰু বৰ অসংখ্য বালিচৰ দেখা যায়। নৈখনৰ বুকুত থকা মাজুলী নামৰ বৃহৎ নদী দ্বীপটোও এক প্ৰকাৰৰ বালিচৰ।



১২ । ব - দ্বীপৰ সৃষ্টি কেনেকৈ হয় লিখা ।
উত্তৰ : উপকূলৰ কাষৰীয়া অগভীৰ সাগৰত, য'ত নৈ গৈ পৰে, তাতেই নৈয়ে কঢ়িয়াই অনা গেদ জমা হৈ দ্বীপৰ সৃষ্টি হয়। এই দ্বীপবোৰৰ আকৃতি অসমীয়াৰ `বʼ বা ইংৰাজীৰ delta ৰ দৰে। সেয়ে এই দ্বীপবোৰক ব - দ্বীপ (delta) বোলা হয়। পৃথিৱীৰ প্ৰায়বোৰ নদীয়ে নিজৰ নিজৰ মোহনাত ব-দ্বীপৰ সৃষ্টি কৰিছে। তাৰ ভিতৰত গংগা, ব্ৰহ্মপুত্ৰ, নীল, মিচিচিপি আদি নদীৰ ব-দ্বীপ পৃথিৱী বিখ্যাত।

👉 To Get Notification On Whatsapp Just Type "SH YES Class 9" to 7637961778.

Post a Comment

0 Comments