Class 9 | Social Science | সমাজ বিজ্ঞান | ৰাজনীতি বিজ্ঞান | পাঠ ১ - ভাৰতীয় ৰাজনৈতিক দল




অতি চমু পশ্নঃ

১. একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা।
উত্তৰ :- চীন হ'ল একদলীয় শাসন ব্যৱস্থা থকা এখন দেশ।

২. আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থা কি ?
উত্তৰ :- দ্বিদলীয় ব্যৱস্থা হ' ল আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থা।

৩. ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য় লিখা ।
উত্তৰ :- ১) সংগঠন
             ২) নীতি আদৰ্শ-আঁচনি।

৪. ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা ।
উত্তৰ :- জনমত গঠন কৰা ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য।

৫. অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা ।
উত্তৰ :- অসমৰ এটা আঞ্চলিক দলৰ নাম হল -- অসম গণ পৰিষদ।

৬. ঝাৰখন্দৰ মুখ্য় অঞ্চলিক দলটো কি ?
উত্তৰ :- ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো হল - ঝাৰখণ্ড মুক্তি মৰ্চা।

৭. ইউ পি এ (UPA) ৰ সম্পূৰ্ণ অথ কি ?
উত্তৰ :- ইউ পি এ (UPA) ৰ সম্পূৰ্ণ অৰ্থ হল - United Progressive Alliance ।

৮. ভাৰতবষৰ প্ৰথম ৰাজনৈতিক দল কোনটো ?
উত্তৰ:- ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দলটো হল - ভাৰতীয় জাতীয় কংগ্ৰেছ।

৯. কাৰ নেতৃত্বত দি ইণ্ডিয়ান এছ চিয়েচন গঠন হৈছিল ?
উত্তৰ:- এছ এন বেনাৰ্জীৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েচন গঠন হৈছিল।


১০. ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল ?
উত্তৰ:- ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী।


চমু উত্তৰৰ প্ৰশ্নঃ

1. ভাৰতবষৰ দলীয় ব্য়ৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য় কি ?
উত্তৰ:- ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা হল -
ক) সংগঠন,
খ) নীতি-আদৰ্শ আৰু আঁচনি,
গ) সমতাৰ দখলৰ বাবে আকাংক্ষা,
ঘ) জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান।

২.গণতান্তিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্য়বস্থা বিশেষভাবে উপযোগী
উত্তৰ:- গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে দ্বিদলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী কাৰণ গণতন্ত্ৰত সঘনাই সৃষ্টি হব পৰা ৰাজনৈতিক সংকট দ্বিদলীয় ব্যৱস্থাত দেখা নাযায়।



3. ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য় চাৰিটা উল্লেখ কৰা ।
উত্তৰ:- ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য চাৰিটা হল -
ক) সংগঠন
 খ) নীতি-আদৰ্শ আৰু আঁচনি
 গ) সমতাৰ দখলৰ বাবে আকাংক্ষা
 ঘ) জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান


4. পাচঁটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা।
উত্তৰ:- ডি. এম. কে., এ. আই. ডি. এম. কে. (তামিলনাডু), আকালি দল (পাঞ্জাব), তেলেগু দেশম (অন্ধ প্ৰদেশ), শিৱসেনা (মহাৰাষ্ট্ৰ)।

5.মৰ্চা চৰকাৰ বুলিলে কি বুজা
উত্তৰ:- যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপৰাগ হয় তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰক মৰ্চা চৰকাৰ বোলা হয়।


দীঘল উত্তৰৰ প্ৰশ্ন :
১.সংযুক্ত চৰকাৰ বুলিলে কি বুজা সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠিত হয়?
উত্তৰ:- যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপৰাগ হয় তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰক সংযুক্ত চৰকাৰ বোলে। সংযুক্ত চৰকাৰত যোগ দিয়া দল বিলাকৰ আদৰ্শ ভিন্ন হলেও সমতা দখলৰ স্বাৰ্থত এনে দল বিলাকে নিজা স্বাৰ্থ আৰু আদৰ্শ মোকাবিলা কৰি আৰু উমৈহতীয়া লক্ষ্য বান্ধি চৰকাৰ গঠন কৰিবলৈ জোঁট বন্ধনত আৱদ্ধ হয়। এনেদৰে সংযুক্ত চৰকাৰ গঠন হয়।


2. সংযুক্ত অথবা মচা চৰকাৰ দুটা গুণ আৰু দুটা দোষ আলোচনা কৰা?
উত্তৰ:- সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা গুণ তলত উল্লেখ কৰা হল -
         ১) পৰিস্থিতি আৰু সময় সাপেক্ষে :- মৰ্চা চৰকাৰ পৰিস্থিতি আৰু সময় সাপেক্ষে। পৰিৱৰ্তিত ৰাজনৈতিক পৰিবেশ আৰু পৰিস্থিতি মৰ্চা চৰকাৰ গঠন ভাৰতবৰ্ষৰ দৰে বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত সুস্থিৰতা বজাই ৰখাৰ ক্ষেত্ৰত অতীব প্ৰয়োজন।
        ২) জাতীয় ঐক্য সংহতি ৰক্ষা :- মৰ্চা চৰকাৰে বিভিন্ন ৰাজনৈতিক দলক এখন মজিয়ালৈ অনাৰ ফলত দলবিলাকে নিজা নীতি-আদৰ্শত কঠোৰভাৱে লাগি নাথাকি বুজাবুজি কাম কৰে। ফলত জাতীয় ঐক্য সংহতি বৃদ্ধি হয়।
 
     সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা দুখ তলত উল্লেখ কৰা হল -
               ১) দুৰ্বল চৰকাৰ :- মৰ্চা চৰকাৰৰ সাধাৰণতে দুৰ্বল হয়। অংশগ্ৰহণ কৰি সকলো দলকে সন্তুষ্ট ৰাখিবলগীয়া হোৱাৰ বাবে এই চৰকাৰ কোনো বিষয়ত দৃঢ়ভাৱে আগবাঢ়িব নোৱাৰে।
              ২) দীৰ্ঘম্যাদী আঁচনিগ্ৰহণত জটিলতা :- মৰ্চা চৰকাৰ স্থায়ীত্বৰ ক্ষেত্ৰত দুৰ্বল হোৱাৰ বাবে দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰি কাৰ্য্যকৰী কৰাত জটিলতা উদ্ভৱ হয়।


৩. গণতন্তত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা ।
উত্তৰ:- গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত বিৰোধী দলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। শক্তিশালী বিৰোধী দল অবিহনে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰই প্ৰকৃত সফলতা লাভ কৰিব নোৱাৰে লগতে জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিব নোৱাৰে।
          এখন গনতান্ত্ৰিক শাসনত থকা দলটোৰ বিপৰীতে বিৰোধী আসনত থকা বিৰোধী দলৰ ভূমিকা তলত উল্লেখ কৰা হল -
১) জনসাধাৰণৰ আৰু দেশৰ স্বাৰ্থক সুৰক্ষা দিয়াত আৰু সংবিধানৰ পবিত্ৰতাক ৰক্ষা কৰাত বিৰোধী দলে অতন্দ্ৰপ্ৰহৰীৰ দৰে কাম কৰিব লাগে।
২) শাসনত থকা দলটোৱে যাতে জাতীয় স্বাৰ্থৰ বিপৰীতে গৈ কোনো কাৰ্য্য কৰিব নোৱাৰে তাৰ প্ৰতি চকু ৰখা।
৩) চৰকাৰৰ আঁচনি আৰু পৰিকল্পনাবিলাক পৰ্যৱেক্ষণ কৰি প্ৰয়োজন হলে চৰকাৰক সংসদৰ মজিয়াত সমালোচনা কৰা।
৪) জনসাধাৰণৰ অভাৱ-অভিযোগ, আশা-আকাংক্ষাক সংসদৰ মজিয়াত দাঙি ধৰা।
৫) প্ৰয়োজন সাপেক্ষে বিকল্প চৰকাৰ গঠনৰ বাবে সাজু থকা।
৬) জনমত গঠন কৰা।
৭)চৰকাৰ আৰু জনসাধাৰণৰ মাজত থকা পাৰ্থক্য দূৰ কৰা।
৮)জনগনক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা।
৯) জনমতৰ প্ৰতি চৰকাৰে সজাগ, দায়বদ্ধ আৰু জবাবদিহি কৰা।
১০) চৰকাৰে যাতে স্বেচ্ছাচাৰী ভাৱে শাসন চলাব নোৱাৰে সেই ক্ষেত্ৰত চোকা নজৰ ৰখা।
১১)প্ৰয়োজন সাপেক্ষে উচিত দিহা পৰামৰ্শ আৰু গঠনমূলক সমালোচনাৰে চৰকাৰৰ কাম কাজক গতিশীলতা প্ৰদান কৰা।


৪. আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ কেইটা আলোচনা কৰা ।
উত্তৰ:- আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ হিচাপে চিনাক্ত কৰিব পৰা বিষয়সমূহ তলত উল্লেখ কৰা হল -
ক) সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি।
খ) দেশখনৰ বিভিন্ন ভাষিক আৰু ধৰ্মীয় গোষ্ঠীৰ মাজত থকা ভিন্নতা।
গ) সংখ্যালঘুসকলৰ মাজত থকা নিৰাপত্তাহীনতা ভাৱ।
ঘ) কেন্দ্ৰীয় চৰকাৰৰ অধিক কেন্দ্ৰীকৰনৰ প্ৰবণতা আৰু ৰাজ্যিক সম্পদসমূহৰ ওপৰত অধিক কৰ্তৃত্ব লাভৰ প্ৰচেষ্টা।
ঙ) সকলো ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সমদৃষ্টিৰ অভাৱ।
চ) ৰাষ্ট্ৰীয় দলৰ বা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক নেতাৰ দুৰ্বলতা।


৫. গণতান্তিক ৰাষ্টত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা সম্পকে লিখা ।
উত্তৰ:- প্ৰকৃতাৰ্থত ৰাজনৈতিক দলৰ ধাৰণাই গুৰত্ব লাভ কৰে গণতান্ত্ৰিক ধ্যান ধাৰণা জন্মৰ লগে লগে। ৰাষ্ট্ৰ পৰিচালনাৰ পুৰণি ৰীতি ৰাজতন্ত্ৰৰ দিনত ৰজা আছিল একচত্ৰী শাসক আৰু তেওঁৰ মুখৰ কথাই আছিল আইন। কিন্তু পৰৱৰ্তী কালত সমগ্ৰ বিশ্বৰ ৰাজতন্ত্ৰ ক্ৰমাৎ বিলোপ হল আৰু তাৰ পৰিৱৰ্তে গণতন্ত্ৰৰ ধাৰণাই বিশেষ গুৰুত্ব লাভ কৰিলে। গণতন্ত্ৰৰ জন্মৰ লগে লগেই ৰাজনৈতিক দলেও আত্মপ্ৰকাশ কৰিলে আৰু ই গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ অংগ হয় পৰিল। বৰ্তমান সময়ত গণতন্ত্ৰ আৰু ৰাজনৈতিক দুয়োটাই এটা আনটোৰ পৰিপূৰক। ৰাজনৈতিক দল অবিহনে যেনেকৈ গণতন্ত্ৰ অচল, ঠিক একেদৰে গণতন্ত্ৰৰ অবিহনে ৰাজনৈতিক দল অৰ্থহীন। ৰাজনৈতিক দল হৈছে শাসক আৰু জনসাধাৰণৰ মাজৰ এক যোগসূত্ৰ। ই সৰ্বসাধাৰণক প্ৰশাসনৰ ওচৰ চপাই নিয়ে।


৬. ৰাজনৈতিক দলৰ বৈশিষ্ট্য় আৰু কাযাৱলী উল্লেখ কৰা ।
উত্তৰ:- ৰাজনৈতিক দলৰ বৈশিষ্ট্য -
ক) সংগঠন, খ) নীতি-আদৰ্শ আৰু আঁচনি, গ) ক্ষমতা দখলৰ বাবে আকাংক্ষা, ঘ) জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান ।
        ৰাজনৈতিক দলৰ কাৰ্যাৱলী তলত উল্লেখ কৰা হল -
ক) জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা,
খ) জনগণৰ মনত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা,
গ) জনমত গঠন কৰা,
ঘ) জনমতক সু-সংগঠিত ৰূপ দিয়া।


৭) সংযুক্ত চৰকাৰ ব্যৱস্থাঢৌয়ে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণ কেইটা আলোচনা কৰা।
উত্তৰ:- মৰ্চা অথবা সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোয়ে বৰ্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ অন্তৰালত থকা কাৰণ কেইটা হৈছে -
ক) ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি,
খ) একক ৰাজনৈতিক দলৰ প্ৰাধান্য হ্ৰাস,
গ) এটা নিৰ্বাচনত কোটি কোটি টকা খৰচ হোৱাৰ পিছত যদি চৰকাৰ গঠনত জটিলতা আহে তেন্তে পুনৰ নিৰ্বাচন পাতি চৰকাৰী ধনৰ অপব্যয় হবলৈ নিদিয়াৰ চেষ্টাত মৰ্চা চৰকাৰ গঠন হয়,
ঘ)চৰকাৰত আঞ্চলিক প্ৰতিনিধিত্বৰ বিষয়টোয়ে মৰ্চা চৰকাৰ গঠনত গুৰুত্ব পায়।

Post a Comment

0 Comments