Class 9 || SEBA || Assamese || অসমীয়া সাহিত্য চয়নিকা || পদ্যাংশ ১. শিশুলীলা - শ্ৰীমন্ত শংকৰদেৱ



শব্দাৰ্থ আৰু টোকাঃ
⏺️আউৰ : আৰু।
⏺️আখি : চকু। 
⏺️আজোড়ন্তে : আজুৰি থাকোঁতে ।
⏺️কঙ্কণ : খাৰু।
⏺️কোপে : খঙত।
⏺️খসি : খহি।
⏺️চাণ্ড : জোৰকৈ ।
⏺️ছায়া : চাই।
⏺️ডৰে : ভয়তে ।
⏺️দশন : দাঁত।
⏺️ দিব্য : স্বৰ্গীয়।
⏺️দোলে : দুলি থাকে ; লৰে।
⏺️নন্দজায়া : নন্দৰজাৰ পত্নী।
⏺️নিষেধি : বাধা দি।
⏺️পশিলন্ত : সোমালহি।
⏺️প্ৰয়াসি : যত্ন কৰি ।
⏺️বদন : মুখ।
⏺️বসি : বহি।
⏺️ভুঞ্জন্ত : খালে।
⏺️মথনি : গাখীৰ ঘুঁটিবলৈ ব্যৱহাৰ কৰা এবিধ
 সঁজুলি।
⏺️মহাত্ৰাস : খুব বেছি ভয় খোৱা।
⏺️মেলান : মেল খোৱা বা মুকলি হোৱা।
⏺️শিকিয়া : কোনো বস্তু ওপৰত আঁৰি থ'বৰ বাবে
 ৰচিৰে প্ৰস্তুত কৰা এবিধ সঁজুলি।
⏺️শ্ৰোণী ভৰে : নিতম্ব বা তপিনাৰ ভৰত।
⏺️সিঞ্চিৰাই :ছটিয়াই দি, সিঁচি দি ।
⏺️স্ৰৱৈ : বৈ থকা।
⏺️ক্ষৌম বস্ত্ৰ :পাটৰ কাপোৰ।




প্ৰশ্নাৱলীঃ
ভাব-বিষয়ক:

১। অতি চমু প্ৰশ্নৰ উত্তৰ লিখা।
    (ক) 'কৃষ্ণগীত গাৱন্ত সুন্দৰী'।।
        ----কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন
    উত্তৰঃ কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী হ'ল--
    যশোদা।

    (খ) 'কৰ্ণত কুণ্ডল দোলে আতি।'
       ---কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে?
    উত্তৰঃ যশোদাৰ কৰ্ণৰ কুণ্ডলৰ কথা কোৱা
    হৈছে।

    (গ) 'কাম্পে কোপে অৰুণ অধৰ।'
      ----ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে
    উত্তৰঃ ইয়াত শ্ৰীকৃষ্ণৰ অৰুণ অধৰৰ কথা
    কোৱা হৈছে।

    (ঘ) 'মথনিত ধৰিয়া নিষেধি'।
     ----'মথনি' শব্দৰ অৰ্থ কি?
    উত্তৰঃ 'মথনি' শব্দৰ অৰ্থ হ'ল - গাখীৰ ঘুঁটিবলৈ
    ব্যৱহাৰ কৰা এবিধ সঁজুলি।

    (ঙ) 'নোজোড়ে আঙ্গুল দুই জৰী'----ইয়াত কাৰ
    জৰীৰ নাটনি হৈছে?
    উত্তৰঃ ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ মাক যশোদাৰ
    জৰীৰ নাটনি হৈছে।

    (চ) 'ৰুণ ঝুণ কেয়ূৰ কঙ্কণ' ।
     ----কাৰ কেয়ূৰ কঙ্কণৰ 'ৰুণঝুণ' শব্দৰ কথা
    ইয়াত কোৱা হৈছে?
    উত্তৰঃ ইয়াত যশোদাৰ কেয়ূৰ কঙ্কণৰ 'ৰুন-ঝুন'
    শব্দৰ কথা কোৱা হৈছে।


২। 'শিশুলীলা' পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা।
উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত 'কীৰ্ত্তন ঘোষা'ৰ অন্তৰ্গত 'শিশুলীলা' পাঠটিত পৰম পুৰুষ শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপৰ উপৰিও সাধাৰণ মানৱ শিশুৰ ৰূপটোও অতি সুন্দৰ ভাৱে প্ৰকাশিত হোৱা দেখিবলৈ পোৱা যায়। সাধাৰণ মানৱ শিশুৱে যেনেকৈ মাকক আমনি কৰে, মাকৰ লগত ঠেহ-পেচ কৰে ঠিক তেনেদৰে ভগৱান শ্ৰীকৃষ্ণয়ো মাক যশোদৰ লগত ঠেহ পাতিছে, অভিমান কৰিছে। মাকৰ মনোযোগ আকৰ্ষণ কৰাৰ বাবে ঘৰৰ বয়-বস্তু ভাঙি, দলিয়াই লণ্ড-ভণ্ড কৰিছে। মাকৰ খং উঠাত পলাইছে আৰু মাকৰ ভাগৰ লগা দেখি নিজে মাকৰ হাতত ধৰাও দিছে। শিশুলীলাৰ আখ্যানভাগত কৃষ্ণ হৈ পৰিছে চিৰন্তন শিশুৰ এক মোহনীয় ৰূপ। এয়া যেন আমাৰ চিনাকি এক শিশুৰহে দুষ্টালি।


৩। শংকৰদেৱৰ মহত্ত্বম সৃষ্টি 'কীৰ্তন-ঘোষা'ৰ বিষয়ে এটি চমুটোকা লিখা। 
উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল- 'কীৰ্ত্তন ঘোষা' । নাম প্ৰসঙ্গৰ উপযোগী হিচাপে ৰচনা কৰা এই কাব্যগ্ৰন্থ মহাপুৰুষৰ দ্বাৰা প্ৰৱৰ্তীত একশৰণ নাম ধৰ্মৰ মূল পুথি।

          বিভিন্ন ছন্দৰ প্ৰয়োগ, ৰসৰ প্ৰাধান্য তথা ভক্তিধৰ্মৰ গুনানুকীত্তনেৰে ভৰপুৰ কীৰ্তন ঘোষাত ৯ টা অধ্যায় আছে।

          সাহিত্যিক গুণেৰে সমৃদ্ধ কীতন ঘোষাই ভক্তি ৰসৰ ফল্গুধাৰা  নিঃসৰণ কৰাৰ উপৰিও আমাৰ সমাজৰ জনসাধৰনৰ মনটো এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। 


৪। 'শিশুলীলা' পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা।
উত্তৰঃ 'শিশুলীলা' পাঠটি শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা বিৰচিত 'কীৰ্তন-ঘোষা'ৰ অন্তৰ্গত। ভগৱান শ্ৰীকৃষ্ণ ত্ৰিজগতৰ পূৰ্ণব্ৰহ্মাৰ অৱতাৰ ।

         সেইজন ভগৱানেই ভকতৰ মনোকামনা পূৰণৰ হেতু সাধাৰণ মানৱ শিশুৰূপে যশোদাৰ পুত্ৰহৈ জন্ম লৈছে আৰু নানান লীলা খেলা দেখুৱাইছে। 'শিশুলীলা' মহাপুৰুষ শংকৰদেৱৰ ভগৱত প্ৰেমৰ সুন্দৰ নিদৰ্শন।

        মাতৃ যশোদা আৰু শিশুপুত্ৰ শ্ৰীকৃষ্ণৰ লীলা খেলাৰে পৰিপূণ 'শিশুলীলা' পাঠটিৰ জৰিয়তে দেখিবলৈ পোৱা যায় যে ভগৱান সদায় ভক্তৰ অধীন। 

         ভক্তৰ অধীন ভগৱানে ভকতৰ মনোকামনা পূৰন কৰিবলৈ সদাই যত্ন কৰে। যশোদা পৰম কৃষ্ণ ভক্ত ।  ঈশ্বৰৰ সাধক সকলে তপ-যপ কৰিও দৰ্শন লাভ কৰিব নোৱাৰে; সেইজনা পৰম পুৰুষ ইশ্বৰক একমাত্ৰ ভক্তিৰ জৰিয়তেই যশোদাই নিজপুত্ৰ ৰূপে লাভ কৰিবলৈ সক্ষম হৈছে।

         কিন্তু সাধাৰন মানৱী যশোদা ভগৱানক লাভ কৰিও অহংকাৰৰ পৰা মুক্ত হব পৰা নাছিল। সেয়েহে কৃষ্ণই তেওঁক নচুৱাই ৰং চাইছে।  পূৰ্ণব্ৰহ্মা কৃষ্ণক নিজ পুত্ৰৰূপে ভ্ৰম কৰি যশোদাই তেওঁক উড়লত বান্ধিবলৈ প্ৰয়োগ কৰিছে আৰু বিফল হৈছে।

                ভগৱান শ্ৰীকৃষ্ণ অনাদি অনন্ত। সাংসাৰিক মায়া মাহৰ স্ত্ৰষ্টা, কালৰ অধিকাৰী। সেইজন ভগৱান সৰ্বব্যাপ্ত, সৰ্বশক্তিমান। কেৱল ভকতিৰ জৰিয়তেহে তেওঁক লাভ কৰা সম্ভৱ। এয়ে 'শিশুলীলা' পাঠটিৰ তাৎপৰ্য। 


৫। 'তাহাঙ্ক তনয় মানি বলে।
      যশোদা বান্ধন্ত উডুখলে।' ----কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা।
উত্তৰঃ উক্ত পদফাঁকিৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 'শিশুলীলা' নামৰ পাঠটিত পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণক মাক যশোদাই উড়ালত বান্ধি শাস্তি দিবৰ প্ৰয়াস কৰাৰ কথা প্ৰকাশ কৰিছে।

          যশোদা আছিল শ্ৰীকৃষ্ণৰ পৰম ভক্ত। ভকতিৰ বলতেই যশোদাই ত্ৰিজগতৰ পতি পৰম পুৰুষ শ্ৰীকৃষ্ণক পুত্ৰ ৰূপে লাভ কৰিছিল।

         মহা মহা যোগী, মাধব সকলে বছৰ বছৰ ধৰি তপ -যপ কৰিও যিজনা ভগৱানক দৰ্শন পাবলৈও সক্ষম হোৱা নাছিল; সেই পৰম ঈশ্বৰক যশোদাই কেৱল ভকতিৰ জৰিয়তেই পুত্ৰ ৰূপে লাভ কৰিছিল।

         নিজ পুত্ৰ মানি শ্ৰীকৃষ্ণৰ লগত খং অভিমান কৰিছিল, আনকি বান্ধি থবলৈও প্ৰয়াস কৰিছিল। ইয়াৰ দ্বাৰা ইয়াকে বুজাব বিচাৰিছে যে - ভগৱান সদায় ভকতৰ অধীন। ভকতে যি ৰূপতেই তেওঁক বিচাৰে তেওঁ সেই ৰূপতেই ভকতক ধৰা দিয়ে।


৬। 'নাহি আদি অন্ত পূৰ্বাপৰ।
     পূৰ্ণব্ৰহ্মা জগত ঈশ্বৰ ।।' ---- ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা।
উত্তৰঃ কবিতা ফাঁকিৰ জৰিয়তে কবি শ্ৰীমন্ত শংকৰদেৱে পূনব্ৰহ্ম অৱতাৰ ভগৱান শ্ৰীকৃষ্ণৰ মহিমাৰ বিষয়ে প্ৰকাশ কৰিছে।

         ভগৱান শ্ৰীকৃষ্ণই পুত্ৰ ৰূপে যশোদাৰ ঘৰত ওপজি নানান লীলা খেলা কৰিছিল। শিশু পুত্ৰৰূপে তেওঁ যশোদাৰ কোলাত উঠিবলৈ আমনি কৰিছিল, মাকক কাম কৰিবলৈ আমনি কৰিছিল, স্তনপান কৰিবলৈ নাপাই দধিভাণ্ড ভাঙিছিল, লৱনু চুৰ কৰি নিজেও খাইছিল আৰু বান্দৰকো দিছিল। 

         শিশুকৃষ্ণৰ উৎপাতত মাক যশোদা অতিষ্ঠ হৈছিল আৰু শাস্তি ৰূপে ৰচীৰে উড়লত বান্ধি থবলৈ প্ৰয়াস কৰিছিল। কিন্তু শ্ৰীকৃষ্ণ হল পৰম ভগৱান। তেওঁক একোৰেই আৱদ্ধ কৰিব নোৱাৰি। সেয়েহে যশোদাই তেওঁক বান্ধিব বিচাৰোঁতে প্ৰতিবাৰতেই দুই আঙুল ৰচীৰ নাটনি হ'ল।

          অৱশেষত মাকৰ পৰিশ্ৰম দেখি শ্ৰীকৃষ্ণই নিজেই যশোদাৰ হাতত বন্ধন স্বীকাৰ কৰিলে। সেয়েহে কবিয়ে কৈছে যে শ্ৰীকৃষ্ণৰ আদি আৰু অন্ত নাই, তেৱেই এই সচৰাচৰ জগতৰ পৰম পুৰুষ। ত্ৰি জগতৰ সৃষ্টিকৰ্তা পূৰ্ণব্ৰহ্ম অৱতাৰ।
              

৭। বাখ্যা কৰাঃ
(ক) যাক যোগী নপাৱে ধ্যানত।
      হেন হৰি পলান্ত ভয়ত।।
উত্তৰঃ উক্ত পদফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত 'শিশুলীলা' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

              পদফাঁকিৰ জৰিয়তে কবিয়ে ভগৱান শ্ৰীকৃষ্ণৰ অনন্ত মহিমাৰ বিষয়ে অৱগত কৰাইছে।

          শ্ৰীকৃষ্ণ হ'ল পৰম পুৰুষ ভগৱান। ত্ৰি জগতৰ সৃষ্টিকৰ্তা। তেওঁক মহা মহা যোগী সকলেও অনেক সাধনা তপস্যা কৰিও লাভ কৰিব নোৱাৰে। কিন্তু সেইজনা পৰম ঈশ্বৰকে যশোদাই পুত্ৰৰূপে লাভ কৰিছিল একমাত্ৰ ভক্তিৰ জৰিয়তে।

         কেৱল পুত্ৰৰূপে লাভ কৰাই নহয়, যশোদাৰ ভয়তে শিশুকৃষ্ণই পলাই ফুৰিব লগিয়াও হৈছিল। ই সম্ভৱ হৈছে কেৱল ভক্তিৰ বলত। ভগৱান ভক্তৰ অধীন। সেয়েহে শংকৰদেৱে শ্ৰীকৃষ্ণৰ মহিমা আৰু ভক্তিৰ মহিমা প্ৰকাশ উক্তপদফাঁকিৰ জৰিয়তে প্ৰকাশ কৰিছে।


(খ) ভাণ্ড ভাঙ্গি আবে যাইবি কোথা।
   খাইবো আজি কৃষ্ণ তোৰ মাথা।।
উত্তৰঃ উক্ত পদফাঁকি আমাৰ পাঠৰ অন্তগত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত 'শিশুলীলা' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

             কবিতা ফাঁকিত যশোদাই শ্ৰীকৃষ্ণক দৈ লৱনুৰ টেকেলি ভঙাৰ বাবে খং কৰি গালি পৰাৰ কথা কোৱা হৈছে।

         শ্ৰীকৃষ্ণক যশোদাই কোলাৰ পৰা নমাই স্তন পান কৰাৰ পৰা বিৰত কৰি জুইত বহাই থোৱা গাখীৰ নমাবলৈ যোৱা বাবে শ্ৰীকৃষ্ণই খঙতে দৈ, লবনুৰ টেকেলিবোৰ মজিয়াত চটিয়াই নিজেও খাইছে আৰু বান্দৰকো দিছে।

         যশোদাই জুইৰ পৰা গাখীৰ নমাই থৈ আহি কৃষ্ণৰ কাণ্ড দেখি খং উঠিছে আৰু কৃষ্ণক এইবোৰ দুষ্টালি কৰাৰ বাবে গালি পাৰিছে। পদফাঁকিৰ জৰিয়তে মাতৃ আৰু পুত্ৰৰ চিৰন্তন স্নেহৰ প্ৰকাশ ঘটিছে।


(গ) পাচে পাচে যশোদা খেদন্ত।
     ভয়ে লাগ মাৱক নেদেন্ত।।
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱে বিৰচিত ‘শিশুলীলা’ ৰ পৰা তুলি দিয়া হৈছে।

           পৰম ভক্ত যশোদাই নিজা ভক্তিৰ বলত ত্ৰিজগতৰ পতি হৰিক পুত্ৰৰূপে লাভ কৰিবলৈ সক্ষম হৈছিল। শ্ৰীকৃষ্ণয়ো শিশুৰূপে মাতৃ যশোদাৰ লগত নানান লীলা খেলা কৰিছিল।

         মাকৰ স্তনপান কৰিব নাপাই শিশু কৃষ্ণই দৈ লৱনুৰ টেকেলি শিলগুটি মাৰি ভাঙিছিল। লৱনুবোৰ মজিয়াত ছটিয়াইছিল নিজেও খাইছিল আৰু বান্দৰকো দিছিল। যশোদাই কৃষ্ণৰ এই কাণ্ড দেখি খং কৰিছিল আৰু মাৰিবলৈ হাতত লাঠি তুলি লৈছিল মাকৰ খং উঠা দেখি কৃষ্ণই ভয়তে পলাইছিল।

         এনেদৰে মাতৃ পুত্ৰৰ মাজত হোৱা খং অভিমানৰ চিত্ৰ কবিয়ে কবিতাফঁকিৰ জৰিয়তে খুব সুন্দৰকৈ বৰ্ণনা কৰিছে।


৮। শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা।
উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 'কীৰ্তন ঘোষাৰ' অন্তৰ্গত শিশুলীলা পাঠটি পৰম তত্ত্ব প্ৰকাশক। পাঠটিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ দুমুখীয়া ব্যক্তিত্ব অতি সুন্দৰ ভাৱে কবিজনাই দাঙি ধৰিছে।

         এফালে শিশুকৃষ্ণৰ দুষ্টালিৰ মাজেৰে সাধাৰণ মানৱ শিশুৰ ৰূপটি দাঙি ধৰাৰ উপৰিও তেওঁৰ লীলা মহিমাৰ মাজেৰে ভগৱৎ ৰূপটোও আমাক সোৱঁৰাই থাকিবলৈ পাহৰা নাই।

          কামত ব্যস্ত মাকক শিশু কৃষ্ণই আমনি কৰিছে। স্তন পিবলৈ মাকৰ কোলাত উঠিবলৈ ইচ্ছা কৰাত মাক যশোদাই মৰমেৰে কোলাত লৈ কৃষ্ণক স্তন পান কৰাইছে। তেনেতে জুইত বহাই থৈ অহা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই থৈ গাখীৰ নমাবলৈ যশোদা যোৱা দেখি কৃষ্ণই খং অভিমান কৰিছে।

         দধি দুগ্ধৰ কলহ শিলগুটিৰে ভাঙিছে, মজিয়াত সিঁচৰিত কৰিছে, বান্দৰকো দিছে। কৃষ্ণৰ এইবোৰ কাণ্ড দেখি যশোদাৰ খং উঠিছে। মাকৰ খং উঠা দেখি কৃষ্ণ মাকৰ ভয়তে পলাইছে। এনেদৰে শ্ৰীকৃষ্ণৰ সাধাৰণ মানব শিশুৰ ৰূপটি অতি সুন্দৰ ভাৱে দাঙি ধৰিছে।

           আনহাতে, শ্ৰীকৃষ্ণৰ পৰম পুৰুষ ভগৱান। তেওঁ অনাদি অনন্ত, যি জগতৰ সৃষ্টিকৰ্তা পৰম ব্ৰহ্ম। ভগৱান ভক্তৰ অধীন। ভকত বৎসল ভগৱানে যশোদাৰ ওচৰত ধৰা দিছে। কিন্তু যশোদাৰ আচৰণত অহংকাৰৰ চিন দেখি তেওঁ নিজৰ ঐশ্বৰিক মহিমা দেখাইছে।

         মাক যশোদাই কৃষ্ণক বান্ধিবলৈ খুজিছে তেতিয়া বাৰে বাৰে দুই আঙুল জৰী কম হৈছে। এনেদৰে শ্ৰীকৃষ্ণৰ মহিমাৰ জৰিয়তে তেওঁ যে পৰম পুৰুষ ভগৱান এই কথাও কবিজনাই সোৱঁৰাই দিবলৈ পাহৰা নাই।


৯। মহাকোপে কোঠা পশিলন্ত 
       সিঞ্চিৰাই লৱণু ভুজন্ত।।- 
কোনে অতি খঙেৰে কোঠাত সোমাইছিল? তেওঁ কিয় লৱণুবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা।
উত্তৰঃ শিশু কৃষ্ণই অতি খঙেৰে কোঠাত সোমাইছিল।
          মাক যশোদাই দধি মথি থাকোতে শিশুকৃষ্ণৰ মাকৰ স্তন পান কৰিবলৈ মাকক আমনি কৰিছিল আৰু পুত্ৰস্নেহত আপ্লুত হৈ যশোদায়ো কৃষ্ণক কোলাত লৈ মাতৃদুগ্ধ পান কৰাইছিল। তেনেকুৱা সময়তে যশোদাই আখাত বহাই থোৱা গাখীৰ উতলি পৰিবলৈ ধৰাত কৃষ্ণক কোলাৰ পৰা নমাই দৌৰি গল। মাকে এনেদৰে কোলাৰ পৰা নমাই যোৱা বাবে কৃষ্ণৰ মাকৰ ওপৰত খং উঠিছিল আৰু দধি ভাণ্ড শিলগুটি মাৰি ভাঙি লৱণু বোৰ চাৰিওফালে সিঁচৰিত কৰিছিল।


১০। কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা।
উওৰ : কৃষ্ণক ধৰিবলৈ গৈ যশোদা ভাগৰি পৰিছিল। ভাগৰত যশোদাৰ খোপা ঢিলা হৈ পৰিছিল, খোপাত পিন্ধা মালতী ফুল সৰি পৰিছিল। মাকৰ ভাগৰত এনে অৱস্থা হোৱা দেখি কৃষ্ণই যশোদাৰ ওচৰত নিজে ধৰা দিছিল।


ভাষা বিষয় ঃ
১১। তলত দিয়া শব্দবোৰৰ এটা বা দুটাকৈ সমাাৰ্থক শব্দ লিখাঃ
    ⏺️কৰ্ণ ------ কান
    ⏺️অৰুণ ----- সূৰ্য
    ⏺️ দধি ------ দৈ
    ⏺️ বস্ত্ৰ ------ কাপোৰ               
    ⏺️বদন ---- মুখ
    ⏺️ লৱণু ------- মাখন
    ⏺️কোপ ----- খং, ৰাগ
    ⏺️ দশন ------ দাঁত    
    ⏺️ দুগ্ধ ------- গাখীৰ
    ⏺️ ঈশ্বৰ -------- ভগৱান


১২। তলৰ পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰুপ লিখা ঃ
    ⏺️তাহাঙ্ক----------- তেওঁক
    ⏺️নোজোৰে ------- নাটে
    ⏺️খসি-------------- খহি
    ⏺️ ৰহিল ----------- ৰল
    ⏺️আসি ----------- আহি
    ⏺️ভৈলা ---------- হল
    ⏺️ আসান্ত-------- আহিছে
    ⏺️শিলায়ে ------- শিলেৰে
    ⏺️কাম্পে -------- কঁপে
    ⏺️মাৱক ---------- মাকক
    ⏺️বসি -------------- বহি
    ⏺️প্ৰয়াসি----------- চেষ্টাকৰা
    ⏺️খেদন্ত------------ খেদিলে


১৩। তলৰ শব্দকেইটাত কি কি কাৰণত মূদ্ধন্য ণ আৰু মূদ্ধন্য ষ হৈছে বুজাই লিখাঃ
      অৰুণ, কঙ্কণ, কৰ্ণ, শ্ৰোণী, ভাণ্ড, নিষেধি
উত্তৰঃ
⏺️অৰুন : ঋ, ৰ, ষ আৰু 'নʼ ৰ মাজত স্বৰবৰ্ণ   থকাৰ বাবে `নʼ ৰ ঠাইত `ণʼ হৈছে।
⏺️কঙ্কণ : স্বাভাৱিকতে `ণʼ হৈছে।
⏺️কৰ্ণ: ঋ, ৰ, ষ `নʼ মাজত থাকিলে শেষৰ `নʼ `ণʼ
  হয়। ইয়াত ৰ কাষৰ পিছত স্বৰবৰ্ণ থকাৰ বাবে
  শেষৰ `নʼ `ণ ʼ হৈছে।
⏺️ভাণ্ড : `টʼ বৰ্গৰ আখৰেৰে যুক্ত হোৱা বাবে `নʼ
  `ণʼ হৈছে।
⏺️নিষেধ : ই কাৰান্ত উপসৰ্গৰ পিছত স্থা, সিধ্,
  সিচ, লস্ প্ৰভৃতি ধাতুৰ `সʼ `ষʼ হয়।


১৪। পাঠটোত থকা অসমাপিকা ক্ৰিয়া শব্দ পাঁচোটা বাছি উলিয়াই লিখা।
উত্তৰ : পিন্ধি, গৈয়া, বান্ধি, ধৰিয়া, পিবে।

👉 Class 9 অৰ যিকোনো পোষ্টৰ লিংক পাবৰ বাবে C9 Boy/Girl, type কৰি whatsapp no. 7637961778 ত পঠিয়াই দিয়ক।

Post a Comment

0 Comments