A. অতি চমু উত্তৰৰ প্ৰশ্ন:
1. পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ জলভাগ আৰু কিমান শতাংশ স্থলভাগ?
উত্তৰ: ৭১ শতাংশ জলভাগ আৰু ২১ শতাংশ স্থলভাগ।
2. দুবিধ বাহ্যিক কাৰকৰ নাম লিখা।
উত্তৰ: বতাহ আৰু বৰষুণ।
3. নদীৰ কাৰ্যাৱলীক প্ৰধানকৈ কেইটা শ্ৰেণীত
ভাগ কৰা হৈছে?
উত্তৰ: তিনিটা।
4. নদীৰ কাৰ্য প্ৰধানকৈ ক'ত সুস্পষ্ট?
উত্তৰ: নদীৰ গতিপথত।
5. নদীৰ গতিপথ বুলিলে কি বুজা?
উত্তৰ: নদীৰ গতিপথ বুলিলে উৎসৰ পৰা
মোহনালৈকে যি দীঘলীয়া পথেৰে নদীয়ে গতি
কৰে, সেই পথটোকে বুজায়।
6. নদীয়ে গতিপথত চলোৱা খনন কাৰ্য প্ৰধানকৈ কিহৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তৰ: নদীৰ গতিপথৰ ভূতাত্ত্বিক গঠন আৰু
পানীৰ খনন শক্তিৰ ওপৰত।
7. ব-দ্বীপবোৰ ক'ত সৃষ্টি হয়?
উত্তৰ: নৈৰ মোহনাত।
8. এবিধ বতাহজনিত দুৰ্যোগৰ নাম লিখা।
উত্তৰ: হাৰিকেন।
9. ভূ-পৃষ্ঠৰ পৰিবৰ্তনকাৰী ক্ৰিয়া হিচাপে বতাহৰ কাৰ্য ক'ত অধিক?
উত্তৰ: মৰুভূমিত।
10. ইনছেলবাৰ্গ কোন ভাষাৰ শব্দ?
উত্তৰ: জাৰ্মান।
11. এখন অৱবাহিকাৰ নাম লিখা।
উত্তৰ: ব্ৰহ্মপুত্ৰ।
12. নদীয়ে সৃষ্টি কৰা দুটা ভূ-অৱয়বৰ নাম লিখা
উত্তৰ: বালিচৰ আৰু প্লাৱনভূমি।
13. উপকূল কি?
উত্তৰ: সাগৰ-মহাসাগৰৰ পাৰ বা তীৰক উপকূল বোলা হয়।
14. পৃথিৱীৰ উপকূলৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান
উত্তৰ: প্ৰায় ০.৫ নিযুত কিলোমিটাৰ।
15. কি ক্ৰিয়াৰ ফলত বালিয়াতট গঢ়ি উঠে
উত্তৰ: সাগৰৰ উত্তাল তৰংগ (Swash) আৰু
উভতনি ঢৌ (Backwah)ৰ মিলিত ক্ৰিয়াৰ ফলত।
16. বতাহে সৃষ্টি কৰা এবিধ ভূ-অৱয়ৱৰ নাম
লিখা।
উত্তৰ: ইনছেলবাৰ্গ।
17. হিমবাহ সৃষ্টি কৰা এবিধ ভূ-অৱয়ৱৰ নাম
লিখা।
উত্তৰ: দ্ৰামলিন।
18. সাগৰৰ ঢৌৱে সৃষ্টি কৰা এবিধ ভূ-অৱয়ৱৰ
নাম লিখা।
উত্তৰ: ইট্ৰেটাট সমুদ্ৰগৰা।
19. নদীৰ পাৰ খননৰ পৰিণতিত কি সমস্যা
হয়?
উত্তৰ: গৰাখহনীয়া।
20. দুবিধ আভ্যন্তৰীণ কাৰকৰ নাম লিখা।
উত্তৰ: ভূমিকম্প আৰু আগ্নেয় উদ্গীৰণ।
21.
20. শুদ্ধ উত্তৰটো বাছি উলিওৱা:
i) হিমবাহ এবিধ বাহ্যিক/আভ্যন্তৰীণ কাৰক।
ii) উচ্চভূমি অঞ্চলত নদীৰ গতিবেগ লেহেমীয়া
/প্ৰৱল।
iii) নদীৰ পৰিবহণ আৰু অৱক্ষেপণৰ মাজত
সম্পৰ্ক আছে/নাই।
iv) নদীৰ বুকুৰ বালিচৰবোৰ সাধাৰণতে স্থায়ী/
অস্থায়ী।
v) ব্ৰহ্মপুত্ৰ নদীৰ ব-দ্বীপ আছে/নাই।
vi) মৰুপৃষ্ঠত উদ্ভিদৰ আৱৰণ ঘন/পাতল।
vii) অৱনমন/অৱক্ষেপন ফলত মৰুভূমিত
প্ৰায়ে ধূলিৰ ধুমুহাৰ সৃষ্টি হয়।
viii) সকলো মৰুভূমিৰ বালিৰ পাহাৰবোৰ
একে/বেলেগ বেলেগ।
ix) হিমবাহৰ গতি অতি খৰ/লেহেমীয়া।
x) ছুনামি এবিধ মৃদু/ধ্বংসাত্মক ঢৌ।
21. খালী ঠাই পূৰ কৰা।
a) পৃথিৱীৰ ৭১ শতাংশ জলভাগে আৰু বাকী
২১ শতাংশ স্থলভাগে আগুৰি আছে।
b) পৃথিৱীৰ স্থলভাগ আৰু জলভাগত ক্ৰিয়া
কৰি থকা কাৰকসমূহৰ কিছুমান বাহ্যিক
আৰু কিছুমান আভ্যন্তৰীণ।
c) পৃথিৱীৰ খোলাটো গঠিত হোৱা ফলকবোৰে
গতিশীল হোৱা কাৰণেই প্ৰধানকৈ ভূমিকম্প
আৰু আগ্নেয়গিৰিৰ সৃষ্টি হয়।
d) সাগৰ, মহাসাগৰ পাৰ বা তীৰক উপকূল
বোলা হয়।
e) পৃথিৱীৰ উপকূলৰ সৰ্বমুঠ দৈৰ্ঘ্য প্ৰায় ০.৫
নিযুত কিলোমিটাৰ।
f) মৰুভূমিত সাধাৰণতে চকুত পৰা বিশেষ
আকৃতিৰ ক্ষয়প্ৰাপ্ত চাপৰ পাহাৰবোৰেই
ইনছেলবাৰ্গ।
g) নদীয়ে ইয়াৰ উপনদী, শাখা নদী আদিৰ
সহায়ত একেলগে একোটা অৱবাহিকাৰ সৃষ্টি
কৰে।
h) সাগৰ মহাসাগৰ ধ্বংসাত্মক ঢৌক ছুনামি
বোলে।

0 Comments
Send Your Questions And Queries Here