Class 5 | Social Science | সমাজ বিজ্ঞান | Assam Jatiya Bidyalay | Lesson 3 : ইতিহাস অধ্যয়ন



পৃষ্ঠা নং ২২

১। একোটিকৈ বাক্যত উত্তৰ লিখাঁ।
    (ক) বুৰঞ্জী শব্দৰ অৰ্থ কি আৰু ই কোন ভাষাৰ
    শব্দ লিখাঁ।
    উত্তৰ: বুৰঞ্জী শব্দৰ অৰ্থ হ'ল নজনা কথা

    জনোৱাৰ ভঁৰাল। ই টাই ভাষাৰ শব্দ।

    (খ) কোনজন ৰজাৰ দিনৰপৰা অসমত বুৰঞ্জী
    লিখাৰ প্ৰথা আৰম্ভ হৈছিল?
    উত্তৰ: প্ৰথমজন আহোম স্বৰ্গদেউ (ৰজা)
    চুকাফাৰ দিনৰ পৰা অসমত বুৰঞ্জী লিখাৰ
    প্ৰথা আৰম্ভ হৈছিল।

    (গ) 'ইতিহাস' শব্দটো কোন ভাষাৰ পৰা অনা
    হৈছে?
    উত্তৰ: ইতিহাস' শব্দটো সংস্কৃত ভাষাৰ পৰা
    অনা হৈছে।

    (ঘ) 'ইতিহাস' শব্দৰ অৰ্থ লিখাঁ।
    উত্তৰ: 'ইতিহাস' শব্দৰ অৰ্থ হ'ল --- 'এই
    ঘটনাবিলাক নিশ্চয় হৈছিল।'

    (ঙ) ছপাশাল (প্ৰিণ্টং মেচিন) কোন চনত
    আৱিষ্কাৰ হৈছিল?
    উত্তৰ: ছপাশাল (প্ৰিণ্টং মেচিন) ১৪৪০ চনত
    আৱিষ্কাৰ হৈছিল।

    (চ) দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকাই
    পাৰমাণৱিক বোমা পেলোৱা জাপানৰ নগৰ
    দুখনৰ নাম কি?
    উত্তৰ: দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকাই
    পাৰমাণৱিক বোমা পেলোৱা জাপানৰ নগৰ
    দুখনৰ নাম হ'ল --- নাগাচাকি আৰু হিৰোচিমা।

২। খালী ঠাই পূৰ কৰাঁ।
    (ক) অসমৰ মধ্যযুগৰ বিষয়ে জানিবলৈ
    আহোমৰ ৰাজত্ব কালত লিখা ____ পুথিবোৰ
    পঢ়া দৰকাৰ।
    উত্তৰ: বুৰঞ্জীৰ

    (খ) ____ ত ঘটনাবোৰ চন, তাৰিখ অনুসাৰে
    একাদিক্ৰমে লিখি যোৱা হয়।
    উত্তৰ: বুৰঞ্জী

    (গ) ____ ত বুৰঞ্জীৰ ঘটনাবোৰৰ কাৰণ আৰু
    ____ ৰ বিষয়ে বহলাই আলোচনা কৰা হয়।
    উত্তৰ: ইতিহাস, ফলাফল

    (ঘ) পৃথিৱীৰ ইতিহাস ____ৰ ইতিহাস।
    উত্তৰ: পৰিবৰ্তন

    (ঙ) ইতিহাসে সমাজৰ ____ৰ কথা চালি জাৰি
    চায়।
    উত্তৰ: পৰিবৰ্তন

৩। অসমৰ ইতিহাসত কোনখিনি সময় মধ্যযুগ হিচাপে জনা যায়?
উত্তৰ: অসমৰ ইতিহাসত ১২২৮ চনৰ পৰা ১৮২৬ চনলৈকে সময়ছোৱাক মধ্যযুগ হিচাপে জনা যায়।

৪। আহোমৰ প্ৰথমজন স্বৰ্গদেউ কোন আছিল?
উত্তৰ: আহোমৰ প্ৰথমজন স্বৰ্গদেউ চুকাফা আছিল।

৫। ইতিহাসে মানুহক সাৱধান আৰু সচেতন হোৱাত কেনেদৰে সহায় কৰে লিখাঁ।
উত্তৰ: ইতিহাসে মানুহক সাৱধান আৰু সচেতন হোৱাত সহায় কৰে। ইতিহাসে মানুহে অতীতত কৰা ভূলবোৰ উদঙাই দিয়ে। ফলত মানুহে ভৱিষ্যতে তেনেধৰণৰ ভুল নকৰিবৰ বাবে সচেতন হয়।

          উদাহৰণস্বৰূপে, দ্বিতীয় মহাযুদ্ধৰ সময়ত আমেৰিকাই জাপানৰ নাগাচাকি আৰু হিৰোশ্চিমা নামৰ মহানগৰ দুখনত পাৰমাণৱিক বোমা পেলোৱাৰ ঘটনালৈ আঙুলিয়াব পাৰি।

           পাৰমাণৱিক বোমা নিক্ষেপ কৰাৰ ফলত তৎক্ষণাৎ ১৫০,০০০ মানুহৰ মৃত্যু হৈছিল। এই বোমাৰ আক্ৰমণত দুয়োখন নগৰ সম্পূৰ্ণ ধ্বংস হোৱাৰ উপৰি আজিও তাৰ প্ৰতিক্ৰিয়া শেষ হোৱা নাই।

            ইয়াৰ ফলত মানুহে পাৰমাণৱিক বোমাৰ ধ্বংসাত্মক দিশৰ কথা জানিব পাৰিলে আৰু পুনৰাই এনে কাম নকৰিবৰ বাবে সাৱধান হ'ল। এই সতৰ্কতাৰ ফলতেই বিশ্বত আজিলৈকে তৃতীয়তো পাৰমাণৱিক বোমা ফুটা নাই। এনে সচেতনতাৰ ফলত বিভিন্ন বিপদৰ পৰা ৰক্ষা পৰিব পাৰি।

৬। ইতিহাস কাক বোলে?(২০-৩০টা শব্দৰ ভিতৰত)
উত্তৰ: ইতিহাস' শব্দটো সংস্কৃত ভাষাৰ পৰা অনা হৈছে। এই শব্দৰ অৰ্থ হ'ল --- 'এই ঘটনাবিলাক নিশ্চয় হৈছিল।' বুৰঞ্জীত থকা ঘটনাসমূহক খৰচি
মাৰি অধ্যয়ন কৰি তাৰ ভাল-ফল, উচিত-অনুচিত আদি ফলাফল লক্ষ্য কৰাকে ইতিহাস বোলে।

৭। বুৰঞ্জীৰ সংজ্ঞা লিখাঁ।(২০-৩০টা শব্দৰ ভিতৰত)
উত্তৰ: বুৰঞ্জী শব্দৰ অৰ্থ হ'ল নজনা কথা
জনোৱাৰ ভঁৰাল। ই টাই ভাষাৰ শব্দ।  পৃথিৱীৰ সকলো অঞ্চলৰে নিজা কিছুমান ঘটনা থাকে। অঞ্চলবিলাকৰ বিভিন্ন ঘটনাৱলী, চন- তাৰিখৰ সৈতে একাদিক্ৰমে য'ত লিখা হয় সাধাৰণতে তাকে বুৰঞ্জী বোলে।

৮। বুৰঞ্জী আৰু ইতিহাসৰ মাজত কেনে ধৰণৰ পাৰ্থক্য আছে লিখাঁ। (৫০-১০০টা শব্দৰ ভিতৰত)
উত্তৰ: বুৰঞ্জীৰ লগত ইতিহাস শব্দটো আমি একেলগে পাওঁ। বুৰঞ্জী আৰু ইতিহাস শব্দ দুটা একে অৰ্থত আমি ব্যৱহাৰ কৰোঁ। কিন্তু এই দুয়োটা শব্দৰ বেলেগ বেলেগ অৰ্থ আছে।

           ইতিহাস' শব্দটো সংস্কৃত ভাষাৰ পৰা অনা হৈছে। এই শব্দৰ অৰ্থ হ'ল --- 'এই ঘটনাবিলাক নিশ্চয় হৈছিল।' বুৰঞ্জীত থকা ঘটনাসমূহক খৰচি
মাৰি অধ্যয়ন কৰি তাৰ ভাল-ফল, উচিত-অনুচিত আদি ফলাফল লক্ষ্য কৰাকে ইতিহাস বোলে।

           বুৰঞ্জী শব্দৰ অৰ্থ হ'ল নজনা কথা
জনোৱাৰ ভঁৰাল। ই টাই ভাষাৰ শব্দ।  পৃথিৱীৰ সকলো অঞ্চলৰে নিজা কিছুমান ঘটনা থাকে। অঞ্চলবিলাকৰ বিভিন্ন ঘটনাৱলী, চন- তাৰিখৰ সৈতে একাদিক্ৰমে য'ত লিখা হয় সাধাৰণতে তাকে বুৰঞ্জী বোলে।

৯। ইতিহাস অধ্যয়ন কিয় প্ৰয়োজনীয় বৰ্ণনা কৰাঁ। (কমেও ২৫০-৩০০ শব্দৰ ভিতৰত)।
উত্তৰ: দেশ এখনৰ একোটা জাতিৰ সামগ্ৰীক জীৱন যাপন পদ্ধতিৰ বিষয়ে ইতিহাস অধ্যয়নৰ পৰা জানিব পাৰি। জাতি একোটাৰ খাদ্য-বস্ত্ৰ আৰু বাসস্থানৰ কথা জনাত আমাক ইতিহাসে সহায় কৰে। পুৰণি কালৰ বেলেগ বেলেগ সময়ৰ মানুহৰ সাজ-পাৰ, খাদ্য-অভ্যাস আৰু ঘৰ নিৰ্মাণৰ কৌশল বেলেগ বেলেগ আছিল। ইতিহাসে তেনে সময়ৰ সমাজৰ ফটফটীয়া ছবি এখন আমাৰ আগত দাঙি ধৰে। লগতে পুৰণি সমাজ আৰু আধুনিক সমাজৰ মাজত থকা পাৰ্থক্য আৰু সাদৃশ্যবোৰ বুজাত সহায় কৰে।

            দেশ এখনৰ ৰাজনৈতিক দিশটোক সমৃদ্ধ কৰে ইতিহাসে। আগৰকালৰ শাসন-পদ্ধতি, সাধাৰণ মানুহৰ অৱস্থা, শাসকসকলৰ আচাৰ- আচৰণ, শাসনকাৰ্যত মানুহৰ অংশগ্ৰহণ ইত্যাদি সকলো কথা জনাত আমাক ইতিহাসে সহায় কৰে। পুৰণি শাসন ব্যৱস্থাৰ লগত নতুন শাসন-ব্যৱস্থাৰ তুলনাই শাসন-ব্যৱস্থাৰ উন্নতি হোৱাত সহায় কৰে।

            ইতিহাসে আমাক ভূগোলৰ জ্ঞানো দিয়ে। বিভিন্ন ৰাজ্যৰ বিভিন্ন ঘটনা অধ্যয়ন কৰোঁতে সেই ৰাজ্যৰ বিভিন্ন ঠাই, নদী, পাহাৰ-পৰ্বত ইত্যাদিবোৰৰ বিষয়েও পঢ়িব লগা হয়। ইয়াৰ ফলত ঠাই এখনৰ ভৌগোলিক অৱস্থিতিৰ কথা জানিব পাৰি।

           

          

Post a Comment

0 Comments