১। 'প্ৰশস্তি' কবিতাটিৰ কবি কোন?
উত্তৰ : বিহুগীত কবি ৰঘুনাথ চৌধাৰী।
২। ৰঘুনাথ চৌধাৰীক 'বিহগী কবি' কিয় বোলা
হয়?
উত্তৰ : চৰাইক বিহগ বুলিও কোৱা হয়।
ৰঘুনাথ চৌধাৰীয়ে সাধাৰণতে চৰাইৰ সম্বন্ধে
অধিক কবিতা ৰচনা কৰিছিল। সেয়েহে,
তেওঁক 'বিহগী কবি' বোলা হয়।
৩। ৰঘুনাথ চৌধাৰীৰ পিতৃৰ নাম কি?
উত্তৰ : ভোলানাথ চৌধাৰী।
৪। ৰঘুনাথ চৌধাৰীৰ সম্পাদিত শিশু
আলোচনীখনৰ নাম কি?
উত্তৰ : 'মইনা'।
৫। ৰঘুনাথ চৌধাৰীৰ প্ৰথম প্ৰকাশিত কবিতা
পুথিখনৰ নাম কি?
উত্তৰ : 'সাদৰী' (১৯১০)।
৬। ৰঘুনাথ চৌধাৰীৰ মৃত্যুৰ পিছত তেওঁৰ
প্ৰকাশিত গ্ৰন্থ দুখনি কি কি?
উত্তৰ : 'মনাই বৰাগী' কবিতা পুথি আৰু
'পচতীয়া' গল্পৰ পুথি।
৭। ৰঘুনাথ চৌধাৰীৰ কোন কোন কাকত
আলোচনীত কবিতা প্ৰকাশ পাইছিল?
উত্তৰ : 'জোনাক', 'আলোচনী', বাঁহী' আদি
আলোচনীত।
৮। ৰঘুনাথ চৌধাৰীয়ে অপমান সাহিত্য সভাৰ
কোন চনত ক'ত অনুষ্ঠিত সভাত সভাপতিত্ব
কৰিছিল?
উত্তৰ : ১৯৩৫ চনত তেজপুৰত অনুষ্ঠিত
সভাত।
৯। 'নৱ কিশলয় দলে চামৰ ধুলাই' কাক পাৰি
আনিলে?
উত্তৰ : প্ৰকৃতিক।
১০। "আনন্দত প্ৰাণ টলবল" --- কাৰ?
উত্তৰ : চিত্তহাৰী যত ফুল্ল কুসুমৰ।
১১। মন্দিৰৰ উপেক্ষিত ফুল কি?
উত্তৰ : ৰবাব ফুল।
১২। ৰবাব ফুলক কিয় 'মন্দিৰৰ উপেক্ষিত'
বুলি কোৱা হৈছে?
উত্তৰ : কাৰণ এই ফুলবিধ কোনো পূজা
পাতলত নালাগে।
১৩। বন বিহঙ্গৰ ছন্দভৰা সুমধুৰ তান ক'ত
উঠে বুলি কৈছে?
উত্তৰ : গছ-গছনিৰ ডালে-পাতে।
১৪। 'ঋত্বিক ধ্যান অমৃতৰ সন্তান' বুলি কাক
কোৱা হৈছে?
উত্তৰ : মানুহক।
১৫। মুক্তি পথ যাত্ৰী কোন?
উত্তৰ : ভক্তসকল।
১৬। "কীচক বেণু" কি?
উত্তৰ : কীচক বাঁহৰ পৰা সজা এবিধ বাঁহী।
১৭। কোনে মহামহিমৰ গান গায়?
উত্তৰ : মোহন কীচক বেণুৱে।
১৮। সুন্দৰৰ ৰূপধ্যান কৰিবলৈ কাক আহ্বান
জনাইছে?
উত্তৰ : মুক্তিকামী ভক্তবৃন্দক।
0 Comments
Send Your Questions And Queries Here