পৃষ্ঠা নং ৩২-৪২
১। অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ
কোন যুগৰ কথা সোঁৱৰাই দিয়ে[HSLC'06,08]
উত্তৰ : বৌদ্ধ যুগৰ।
২। কোন গৰাকী মোগল সম্ৰাটৰ আমোলত
চিত্ৰ-শিল্পৰ নতুন ধাৰা পোন প্ৰথমে ভাৰতত
প্ৰৱেশ কৰে?[HSLC '07]
উত্তৰ : বাবৰৰ আমোলত।
৩। 'ফ্ৰম ভলগা টু গংগা' নামৰ কিতাপখনৰ
লেখক কোন? [HSLC '09, 16, 18]
উত্তৰ : পণ্ডিত ৰাহুল সাংকৃত্যায়ন।
৪। 'মধ্য এচিয়াকা ইতিহাস' কোনে লিখিছিল?
উত্তৰ : পণ্ডিত ৰাহুল সাংকৃত্যায়ন।
৫। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি?
উত্তৰ : ক্ৰমবৰ্দ্ধমান শক্তি।
৬। ভাৰতীয় জীৱনৰ মূল সম্পদ কি?
উত্তৰ : সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা।
৭। আৰ্যসকলৰ আদিম বাসভূমি কি আছিল?
উত্তৰ : মধ এছিয়া।
৮। এসময়ত আফগানিস্তান যে ভাৰতবৰ্ষৰ
লগত সংলগ্ন আছিল তাৰ প্ৰমাণ কিহৰ পৰা
পোৱা যায়?
উত্তৰ : কান্দাহাৰ চহৰৰ পৰা।
৯। কান্দাহাৰ আৰু ভাৰতক এক কৰাৰ চেষ্টা
কোনে চলাইছিল?
উত্তৰ : মৌৰ্যসকল।
১০। আৰ্যসকলৰ নতুন সংস্কৃতিৰ ভেটি কি
আছিল?
উত্তৰ : মহেঞ্জোদাৰোৰ সংস্কৃতি।
১১। কালিয় দমনৰ ব্যাখ্যা কৰা পণ্ডিতজনা
কোন?
উত্তৰ : সৰ্বপল্লী ৰাধাকৃষ্ণণ।
১২। হিন্দুৰ শ্ৰাদ্ধবিধি কোন গোষ্ঠীৰ অৱদান?
উত্তৰ : অনাৰ্য গোষ্ঠীৰ।
১৩। শিৱ আৰ্য নে অনাৰ্য্য দেৱতা?
উত্তৰ : অনাৰ্য।
১৪। কামাখ্যা দেৱী আগতে কোন গোষ্ঠীৰ দেৱী
আছিল?
উত্তৰ : অনাৰ্য গোষ্ঠীৰ।
১৫। মহেঞ্জোদাৰো আৰু হৰপ্পাৰ সংস্কৃতিৰ
কোন যুগৰ নিদৰ্শন দাঙি ধৰে?
উত্তৰ : আৰ্য - পূৰ্ব যুগৰ।
১৬। মোগল ৰাজত্বত ভাৰতৰ কোন অঞ্চলত
কাব্য-সাহিত্যই যথেষ্ট উৎকৰ্ষ লাভ কৰিছিল?
উত্তৰ : বংগদেশীয়।
১৭। ভাৰতীয় সংস্কৃতিৰ বিস্তাৰৰ যুগ লেখকে
কোনছোৱা সময় বুলি কৈছে?
উত্তৰ : বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক।
১৮। কালি বা দুৰ্গাক কোন অনাৰ্য দেৱীৰ
ৰূপান্তৰ হিচাপে আৰ্যসকলে গ্ৰহণ কৰিছে?
উত্তৰ : কামাখ্যা দেৱী।
১৯। উত্তৰ ভাৰতৰ ভাস্কৰ্যত কি ৰেখাৰ
প্ৰাদুৰ্ভাৱ সৰহ?
উত্তৰ : বৃত্ত আৰু বক্ৰ।
২০। নামঘোষা কোনে ৰচনা কৰিছিল?
উত্তৰ : মাধৱ দেৱ।
২১। ছুফীবাদৰ মূল কি?
উত্তৰ : কোৰাণ শাস্ত্ৰ।
২২। কীৰ্তন পুথিখনৰ কবিজনাৰ নাম কি?
উত্তৰ : শংকৰদেৱ।
২৩। কামাখ্যা মন্দিৰত ব্ৰাহ্মণ পুৰোহিতৰ
আগতে কোন পূজাৰী আছিল?
উত্তৰ : গাৰো সমাজৰ।
২৪। ধ্যানৰত শিৱৰ কল্পনা কোন সংস্কৃতিৰ
অৱদান?
উত্তৰ : মহেঞ্জোদাৰো সংস্কৃতিৰ।
২৭। গ্ৰীকসকলৰ সৈতে যুঁজত পৰাজিত হোৱা
জাতিটোৰ নাম কি আছিল?
উত্তৰ : মাইকেনিয়ান।
২৮। দাক্ষিণাত্যৰ কোনটো মন্দিৰত কমেও
এহেজাৰটা স্তম্ভ আছে?
উত্তৰ : কাঞ্জিভৰাম।
২৯। উত্তৰ ভাৰতৰ মন্দিৰত কোন ভাস্কৰ্যৰ
প্ৰভাৱ পৰিছে?
উত্তৰ : ইছলামীয় ভাস্কৰ্যৰ।
৩০। "লাখ লাখ যুগ হিয়ঁ হিয়ঁ ৰাখুন" --
কবিতাফাঁকিৰ ৰচক কোন?
উত্তৰ : বিদ্যাপতি।
৩১। পুৰণি ভাৰতীয় সাহিত্য কিহেৰে
সমৃদ্ধিশালী?
উত্তৰ : আধ্যাত্মিক চিন্তাধাৰাৰে।
৩২। নতুন যুগৰ ভাৰতীয় সংস্কৃতিক কোনে
সমন্বয়ৰ বস্তু হ'ব লাগে বুলি কৈছে?
উত্তৰ : মহাত্মা গান্ধীয়ে।
৩৩। সুকুমাৰ কলাৰ ভিতৰত স্থায়ী বস্তু কি?
উত্তৰ : চিত্ৰ শিল্প।
৩৪। হিন্দু আৰু মুছলমানৰ সমন্বয়ৰ অপূৰ্ব
সৃষ্টি বুলি কোন ভাস্কৰ্যক ক'ব পাৰি?
উত্তৰ : উত্তৰ ভাৰতীয় ভাস্কৰ্য।
৩৫। অজন্তাৰ চিত্ৰ কলাই কোন যুগৰ কথা
সোঁৱৰায়?
উত্তৰ : প্ৰাক-মুছলিম যুগ।
৩৬। হিন্দুসকলৰ মনত পোনতে কি কাৰণত
বিপ্লৱৰ সৃষ্টি হৈছিল?
উত্তৰ : মুছলিম আৰু হিন্দুৰ প্ৰথম সংঘৰ্ষৰ
কাৰণত।
৩৭। লিংগ পূজাৰ প্ৰচলন হিন্দু ধৰ্মত কোন
গোষ্ঠীৰ পৰা সোমায়?
উত্তৰ : অনাৰ্য গোষ্ঠীৰ।
৩৮। তুলসীদাসে ৰচনা কৰা পুথিখনৰ নাম
কি?
উত্তৰ : ৰামায়ণ।
৩৯। ভাৰতীয় 'সভ্যতা' আৰু 'সংস্কৃতি' --- এই
শব্দ দুটাৰ মাজত পাৰ্থক্য আছেনে?
উত্তৰ : আছে।
৪০। ভাৰতবৰ্ষৰ কোন অঞ্চলৰ ভাস্কৰ্যত
বহিৰাগত পোনপটীয়া প্ৰভাৱ পৰা নাছিল?
উত্তৰ : দাক্ষিণাত্যৰ ভাস্কৰ্যত।
৪১। ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি?
উত্তৰ : গঠনৰ সৰলতা আৰু সূক্ষ্মতা।
৪২। মোগল আৰু ৰাজপুত আৰ্টৰ প্ৰধান লক্ষণ
কি?
উত্তৰ : অনুভূতিৰ প্ৰসাৰ।
৪৩। নতুন সংস্কৃতি কেনে জীৱনৰ সম্পদ হ'ব
লাগে বুলি 'ভাৰতীয় সংস্কৃতি' পাঠটোৰ লেখকে
মত প্ৰকাশ কৰিছে?
উত্তৰ : সমূহীয়া জীৱনৰ সম্পদ।
0 Comments
Send Your Questions And Queries Here