Class 5 | Social Science | সমাজ বিজ্ঞান | Assam Jatiya Bidyalay | Lesson 1 : খাদ্য সংগ্ৰহ আৰু চিকাৰৰ সন্ধানত আদিম মানুহ |



পৃষ্ঠা নং : ৯

১। একোটা সম্পূৰ্ণ বাক্যত উত্তৰ লিখাঁ
    (ক) মানুহৰ জীৱন-ধাৰণ প্ৰণালী মানে কি

    লিখাঁ।
    উত্তৰ : মানুহে জীয়াই থাকিবলৈ কেনেবোৰ
    কাম কৰে, কেনে ধৰণৰ খাদ্য, কাপোৰ-কানি,
    সা-সঁজুলি ব্যৱহাৰ কৰে, কেনে ধৰণে চিন্তা
    কৰে--এই সকলোবোৰকে একেলগে জীৱন
    ধাৰণ প্ৰণালী বোলে।

    (খ) প্ৰায় কিমান নিযুত বছৰৰ আগেয়ে
    পৃথিৱীত মানুহৰ সৃষ্টি হৈছিল?
    উত্তৰ : প্ৰায় ২ নিযুত বছৰৰ আগেয়ে
    পৃথিৱীত মানুহৰ সৃষ্টি হৈছিল।

    (গ) পোনপ্ৰথমে পৃথিৱীৰ কোন কোন ঠাইত
    মানুহৰ বসতি আৰম্ভ হৈছিল বুলি জনা যায়?
    উত্তৰ : পোনপ্ৰথমে পৃথিৱীৰ আফ্ৰিকা
    মহাদেশৰ কোনো কোনো ঠাইত আৰু দক্ষিণ
    ভাৰতত মানুহৰ বসতি আৰম্ভ হৈছিল বুলি
    কোৱা হয়।

    (ঘ) আদিম মানুহে কি কি উপায়েৰে জুই
‌    জ্বলোৱাৰ কৌশল শিকিছিল?
    উত্তৰ : আদিম মানুহে শিলে-শিলে ঘঁহনি খুৱাই
    আৰু শুকান কাঠ ঘঁহনি খুৱাই জুই জ্বলোৱাৰ
    কৌশল শিকিছিল।

    (ঙ) সঁজুলি বা হাতিয়াৰ কাক বোলে লিখাঁ।
    উত্তৰ : যি বস্তু আৰু উপায়ৰ সহায়ত মানুহে
    নিজৰ দেহৰ হাত ভৰি আদি অংগ প্ৰত্যংগৰ
    শক্তি বৃদ্ধি কৰি, কম শক্তি আৰু সময় খুটুৱাই
    কাম কৰিব পাৰে তাকেই সঁজুলি বা হাতিয়াৰ
    বোলে।

    (চ) আদিম মানুহে প্ৰথমে সঁজুলি হিচাপে কি
    ব্যৱহাৰ কৰিছিল?
    উত্তৰ : আদিম মানুহে প্ৰথমে সঁজুলি হিচাপে
    শিল ব্যৱহাৰ কৰিছিল।

    (ছ) যীশু খ্ৰীষ্টৰ জন্মৰ কিমান বছৰ আগলৈকে
    মানুহে ব্যৱহাৰ কৰা সঁজুলি শিলেৰেই নিৰ্মিত
    হৈছিল বুলি কোৱা হয়?
    উত্তৰ : যীশু খ্ৰীষ্টৰ জন্মৰ পাঁচ হাজাৰ বছৰ
    আগলৈকে মানুহে ব্যৱহাৰ কৰা সঁজুলি
    শিলেৰেই নিৰ্মিত হৈছিল বুলি কোৱা হয়।

    (জ) শিলৰ উপৰিও আদিম মানুহে আন কি কি
    বস্তুক সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল?
    উত্তৰ : শিলৰ উপৰিও আদিম মানুহে কাঠ,মৃত
    জন্তুৰ হাড়, জন্তুৰ দীঘল দাঁত আৰু শিং আদি
    বস্তুক সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল।

পৃষ্ঠা নং ১০

২। শুদ্ধ নে অশুদ্ধ লিখাঁ।
    (ক) আদিম মানুহৰ জীৱনৰ প্ৰধান কাম কি
    আছিল পেটৰ ভোক নিবাৰণ কৰাঁ।
    উত্তৰ : শুদ্ধ।

    (খ) দীৰ্ঘদিন ধৰি জুই জ্বলাই ৰখাটো আদিম
    যুগত নিচেই সহজ কাম আছিল।
    উত্তৰ : অশুদ্ধ।

    (গ) জুইত পুৰি, সেকি আৰু সিজাই খাদ্য
    খোৱা কৌশল আদিম মানুহে একে সময়তে
    আয়ত্ত কৰিছিল।
    উত্তৰ : অশুদ্ধ।

    (ঘ) কোনো এবিধ সঁজুলি বা হাতিয়াৰ ব্যৱহাৰ
    কৰাৰ এটা বিশেষ উদ্দেশ্য থাকে।
    উত্তৰ : শুদ্ধ।

    (ঙ) যীশু খ্ৰীষ্টৰ জন্মৰ মাত্ৰ পাঁচ হাজাৰ বছৰ
    আগৰ সময়খিনিকেই নৱ প্ৰস্তৰ যুগ বোলা
    হয়।
    উত্তৰ : শুদ্ধ।

৩। যথাযথভাৱে উত্তৰ লিখাঁ।
    (ক) আদিম মানুহে সঁজুলি ব্যৱহাৰ কৰাৰ
    মূল উদ্দেশ্যবোৰ কি কি আছিল?
    উত্তৰ : আদিম মানুহে সঁজুলি ব্যৱহাৰ কৰাৰ
    মূল উদ্দেশ্যবোৰ হ'ল ----

              খাদ্য বস্তু সংগ্ৰহ আৰু চিকাৰ
             কৰিবৰ বাবে।

              অঘৰী জীৱনত হাবিয়ে -বননিয়ে
             ঘূৰি ফুৰোঁতে হিংস্ৰ জীৱ-জন্তুৰ আক্ৰমণ
             ৰপৰা নিজকে ৰক্ষা কৰিবৰ বাবে।

    (খ) আদিম মানুহে সঁজুলি হিচাপে প্ৰথমে শিল
    ব্যৱহাৰ কৰাৰ কাৰণ কি আছিল?
    উত্তৰ : আদিম মানুহে সঁজুলি হিচাপে প্ৰথমে
    শিল ব্যৱহাৰ কৰাৰ কাৰণবোৰ আছিল ----

              অৰণ্যৰ মাজত পাহাৰ-পৰ্বতৰ
             কাষত অথবা নৈৰ বুকুত সহজেই শিল
             পোৱা গৈছিল।

              শিল এবিধ কঠিন আৰু শক্তিশালী
             বস্ত আছিল।

    (গ) আদিম মানুহে দল বান্ধি জীৱন-যাপন
    কৰাৰ কাৰণবোৰ কি কি?
    উত্তৰ : আদিম মানুহে দল বান্ধি জীৱন-যাপন
    কৰাৰ কাৰণবোৰ আছিল ----

              হাবিয়ে-বননিয়ে ঘূৰি ফুৰোঁতে তেওঁ
             লোকে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ, যেনে,
             বতাহ, বৰষুণ, ধুমুহা-বজ্ৰপাত, শিল --
             বৰষুণ, বনজুই আদিৰ সম্মুখীন হ'ব লগা
             হৈছিল।

             এনেবোৰ বিপদ - বিঘিনিৰ
             সন্মুখীন হোৱাৰ অভিজ্ঞতাৰে অভিজ্ঞ
             হোৱা আদিম মানুহে একো একোটা দলৰ
             বান্ধি এঠাইৰ পৰা আন ঠাইলৈ গৈছিল।

              অঘৰী জীৱনত আদিম মানুহে
             অৰণ্যৰ মাজত নানা ধৰণৰ হিংস্ৰ জন্তুৰ
             আক্ৰমণৰ মুখামুখি হ'বলগীয়া হৈছিল।
             এনে হিংস্ৰ জন্তুৰ আক্ৰমণত কোনোজন
             -ৰও হৈছিল।

              সেয়ে হিংস্ৰ জন্তুৰ আক্ৰমণ
             -ৰপৰা ৰক্ষা পাবলৈ তেওঁলোকে দল
             বান্ধি ফুৰিছিল। এইদৰে দল বান্ধি কেতি
             -য়াবা তেওঁলোকে হিংস্ৰ জন্তুক বেৰি ধৰি
             বধ কৰিছিল।

    (ঘ) শিলৰ যুগক ইতিহাসবিদসকলে কেনে
    ধৰণে ভাগ কৰিছে?
    উত্তৰ : শিলৰ যুগক ইতিহাসবিদসকলে তলত
    দিয়া ধৰণে ভাগ কৰিছে ---

             (ক) যীশু খ্ৰীষ্টৰ জন্মৰ ডেৰলাখ বছৰ
             আগৰপৰা পঞ্চাশ হাজাৰ বছৰ
             আগলৈকে অতি প্ৰত্ন প্ৰস্তৰ যুগ।

             (খ) যীশু খ্ৰীষ্টৰ জন্মৰ দহ হাজাৰ বছৰ
             আগলৈ মধ্য প্ৰস্তৰ যুগ।

             (গ) যীশু খ্ৰীষ্টৰ জন্মৰ মাত্ৰ পাঁচ হাজাৰ
             বছৰ আগলৈ নৱপ্ৰস্তৰ যুগ।

    (ঙ) দলবদ্ধভাৱে জীৱন যাপনৰ ফলত আদিম
    মানুহৰ কি কি সুবিধা হৈছিল লিখাঁ।
    উত্তৰ : দলবদ্ধভাৱে জীৱন যাপন কৰাৰ ফলত
    আদিম মানুহৰ সাহস আৰু শক্তি পাইছিল।
    এজনে অকলে কৰিব নোৱাৰা কাম এটা দল
    - গতভাৱে সহজে কৰিব পাৰিছিল।

              দল বান্ধি থকাৰ ফলতে আদিম মানুহৰ
    মাজত একতা, মিলা-প্ৰীতি, সহায়-সহযোগিতা
    আদি ভাৱবোৰৰ সৃষ্টি হৈছিল। আকৌ আদিম
    মানুহৰ একোটা দলত দুই-এজন মানুহৰ বুদ্ধি
    আৰু সাহস বেছি আছিল।

              অৰণ্যৰ মাজে মাজে ঘূৰি ফুৰোঁতে, নানা
    বিপদ-বিঘিনিৰ মুখামুখি হওঁতে এনে বুদ্ধিবান
    আৰু সাহসী লোককেইজনে আদিম মানুহৰ
    একোটা দলক বুদ্ধি আৰু সাসহেৰে বাট
    দেখুৱাই লৈ যাব পাৰিছিল। এনে লোকসকল
    -কেই আনবোৰ মানুহে তেওঁলোকৰ মুখিয়াল
    অৰ্থাৎ দলপতি হিচাপে মানি চলিছিল।

             আদিম মানুহে দল বান্ধি জীৱন-যাপন
    কৰাৰ ফলত মানুহৰ সমাজত প্ৰয়োজনীয়
    মিলা-প্ৰীতি, ইজনে-আনজনক সহায় কৰা,
    নেতৃত্ব দিয়া আদি অতি প্ৰয়োজনীয় কথাবোৰ
    আৰম্ভণি হৈছিল।

    (চ) আদিম মানুহৰ খাদ্যাভ্যাসৰ বিষয়ে এটি
    বিৱৰণ লিখাঁ।
    উত্তৰ : আৰম্ভণিতে মানুহৰ মগজু, দেহাৰ
    গঠন, বুদ্ধি-বৃত্তি বৰ্তমান সময়ৰ মানুহৰ দৰে
    উন্নত নাছিল। সেয়েহে তেওঁলোকৰ প্ৰধান কাম
    আছিল পেটৰ ভোক নিবাৰণ কৰা। গতিকে
    পেটৰ ভোক গুচাবৰ বাবে তেওঁলোকে থকা
    ঠাইখনৰ ওচৰৰ হাবিৰ বিভিন্ন গছ-বনত লগা
    ফল-মূল, গুটিবোৰ খাবলৈ আৰম্ভ কৰে।

               অৰণ্যত থকা চৰাই, সৰু আকাৰৰ
    আৰু শান্ত প্ৰকৃতিৰ জীৱ-জন্তু চিকাৰ কৰি
    সেইবোৰৰ মাংস খাইও মানুহে পেটৰ মোক
    নিবাৰণ কৰিছিল। ইয়াৰ লগতে অৰণ্যত পোৱা
    বনৰীয়া আলু, কচু আৰু সোৱাদভৰা গছৰ
    শিপাও আদিম মানুহে খাদ্য হিচাপে গ্ৰহণ
    কৰিছিল।

               আদিম মানুহে সকলোবোৰ খাদ্য বস্তু
    কেঁচাই কেঁচাই খাইছিল। অৰ্থাৎ তেওঁলোকে
    খাদ্যবস্তুবোৰ প্ৰকৃতিৰ বুকুত যি ৰূপত
    পাইছিল সেই ৰূপতেই খাইছিল।

    (ছ) আদিম মানুহে কি কি উপায়েৰে খাদ্য
    সংগ্ৰহ কৰিছিল বৰ্ণনা কৰাঁ।
    উত্তৰ : আদিম মানুহে বিভিন্ন ধৰণে খাদ্য
    সংগ্ৰহ কৰিছিল। দল বান্ধি ঘূৰি ফুৰোঁতে
    মানুহে তল সৰা ফলবোৰেই গোটাই লৈছিল।
    লাহে লাহে বান্দৰ আদি জীৱ-জন্তুৱে গছ বগাই
    ফল-মূল খোৱা দেখি দুই-এক মানুহেও গছ
    বগাই ফল-মূল পাৰিবলৈ আৰু সৰুৱাবলৈ
    শিকিলে। আন দুই-এজনে হাবিত পোৱা গছৰ
    ডাল, শিলগুটি, মাটিৰ দলিচপৰা আদি
    দলিয়াই, ফৰ্মুটি মাৰি গছৰ ফল পাৰিবলৈ চেষ্টা
    কৰিলে।

    (জ) জুই জ্বলোৱাৰ কৌশল আদিম মানুহে
    কেনেদৰে আয়ত্ত কৰিছিল?
    উত্তৰ : আদিম মানুহে কেতিয়াবা ঘূৰি-ফুৰা
    অৰণ্যখনৰ কোনোবা অংশৰ পৰা জীৱ-জন্তু
    আৰু চৰাই-চিৰিকতিবোৰ ভয়াৰ্তভাৱে দৌৰি
    পলাই যোৱা আৰু গোটেই অৰণ্যখনক এটা
    প্ৰচণ্ড শক্তিয়ে ধ্বংস কৰি পেলোৱা দেখিছিল।
    সেই প্ৰচণ্ড শক্তিটোৰ নাম জুই। শিলে-শিলে
    ঘঁহনি খাই সৃষ্টি হোৱা সেই জুই নামৰ শক্তিটো
    মানুহৰ সভ্যতাৰ উন্নতিৰ বাবে অতি গুৰুত্বপূৰ্ণ
    কথা হৈ পৰিল।

               এইদৰে আদিম মানুহে শিলে-শিলে
    ঘঁহনি খুৱাই আৰু শুকান কাঠ ঘঁহনি খুৱাই
    জুই জ্বলোৱাৰ কৌশল শিকিলে।
   
   
   
            

Post a Comment

0 Comments