৬ টা উপায় দীঘলীয়া উত্তৰ সহজে মূখস্থ কৰাৰ।


      আমি সন্মুখীন হোৱা প্ৰশ্নবোৰৰ উত্তৰ তাৰ মূল্যায়ন নম্বৰ অনুযায়ী সৰু নাইবা দীঘল হয়। সৰু প্ৰশ্নবোৰ উত্তৰ এটা শব্দ নাইবা এটা বাক্যত দিব লগা হয়। এইবোৰ উত্তৰ দিওঁতে যিদৰে সহজ অনুভৱ হয়, ঠিক তেনেদৰে মূখস্থও হয় অতি সোনকালে।

       দীঘল প্ৰশ্নবোৰ যিহেতু নম্বৰ কঢ়িয়াই ৭/৮/৯/, লিখোঁতে যিদৰে কষ্ট কৰিব লগা হয়। মূখস্থও কৰিবৰ বাবেও কষ্ট কৰিব লগা হয় তাৰ সমানে।

       জীৱনকালত এনে বহুতো বিদ্যাৰ্থীক লগ পাইছোঁ, যিয়ে দীঘল উত্তৰবোৰ যেনে তেনে ছুটি কৰিব কয়। তেওঁ লোকৰ ইচ্ছা এটাই সহজে মূখস্থ কৰিব পৰা বিধৰ হ'লেই হ'ল।

       কিন্তু বাস্তৱিক সত্যটো একেবাৰে তাৰ বিপৰীত। শ্ৰেণীসমূহ ক্ৰমান্বয়ে আগবাঢ়ি যোৱাৰ লগে-লগে মূল্যায়ন নং কমি যায় আৰু শব্দৰ সংখ্যা তূলনামূলকভাবে বাঢ়ি যায়।

       তলৰ শ্ৰেণীত যি কষ্ট কৰি ২ নম্বৰ পাইছিলা, সেই কষ্টৰে উচ্চ শ্ৰেণীত দেখোন ½ নম্বৰো নাপাবা। এই দীঘলীয়া উত্তৰ মূখস্থ কৰাৰ বহুতো সুবিধা আছে। সেইখিনি আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম।

      এইখিনিতে দীঘলীয়া উত্তৰ সহজে মুখস্থ কৰাৰ ৬ টা উপায় আগবঢ়োৱা হ'ল।

✏️ ১। প্ৰশ্নটো বোধগম্য কৰা।

     প্ৰশ্নটো আমি বুজি পাব লাগে। আমাক কি সুধিছে। আমাৰ পৰা উত্তৰ হিচাপে কি আশা কৰা হৈছে। ই খুবেই ডাঙৰ কথা। বহু সময়ত দেখা যায়, প্ৰশ্নটো ভালদৰে নুবুজি ভুল উত্তৰ দিয়া হয়। সেয়েহে, আমি প্ৰশ্নটোৰ প্ৰতিটো শব্দ আৰু তাৰ অৰ্থ লগতে আশা কৰা কথাটো বুজি পাব লাগে।মুঠতে প্ৰশ্নটোৰ আঁতি-গুৰি বুজি ললে, উত্তৰটোৰ এটা সম্যক জ্ঞান আমাৰ মনত আমি ধাৰণ কৰিব পাৰিম।

✏️ ২। বাৰম্বাৰ উত্তৰটো পঢ়া।

     পানী জুলীয়া পদাৰ্থ হোৱা স্বতেও, বাৰম্বাৰ পৰি মজিয়াখনক খহাই দিয়া আমি সকলোৱে জানোঁ। উত্তৰখিনি লাগিলে যিমানেই দীঘল নহওক কিয়, বাৰম্বাৰ পঢ়াৰ পাছত সি আমাৰ বাবে সহজ হৈ পৰিব। ই আমাক উত্তৰটোৰ চুকে-কোণে বিচৰণ কৰাত সহায় কৰিব। এটা চিনা পৰিচয় গঢ় লৈ উঠিব উত্তৰটোৰ সতে। আনকি, উত্তৰটোক মুখস্থ কৰিবলৈ সহজে চুটি চুটি ভাগত ভাগ কৰিব পৰা যাব।

✏️ ৩। নতুন বা টান শব্দৰ অৰ্থ জানি লোৱা।

     নতুন শব্দ বুলি বিশেষকৈ সেইবোৰক ইয়াত কোৱা হৈছে যাৰ অৰ্থ আমি নাজানো। বাৰম্বাৰ পঢ়াৰ পাছত আমাৰ চকুৰ আগত তেনে শব্দবোৰ দেখা দিব। ই সৰু নাইবা ডাঙৰ হ'ব পাৰে। তাতে আমি নিৰাশ হ'ব নালাগে। সেইবোৰ মাংস খাওঁতে হাড়, মাছ খাওতে কাঁইট অথবা মাজে সময়ে ভোজনত পোৱা সৰু সৰু শিলগুটিৰ নিচিনা। আমি সেইবোৰ পালে জানো খোৱা বন্ধ কৰোঁ ? নাই, নকৰোঁ। যথোচিত পদক্ষেপ লৈ পুনৰ খোৱা আৰম্ভ কৰোঁ। নতুন শব্দৰ অৰ্থ, অভিধান চাই নাইবা কোনোবা বিজ্ঞজনৰ পৰা জানি ল'ব লাগে।

✏️ ৪। প্ৰতিটো অনুচ্ছেদৰ মূল বিষয়বস্তু বিচৰা।

     দীঘলীয়া উত্তৰ এটাৰ অনুচ্ছেদৰ সংখ্যা মনকৰিবলগীয়া। সেইবোৰ, উত্তৰটোক অযথা দীঘল কৰিবৰ বাবে দিয়া নহয়। তাৰ বিপৰীতে, উত্তৰটোৱে যাতে এটা নিৰ্দিষ্ট জকাঁ লাভ কৰে, এই ব্যৱস্থা লোৱা হয়। প্ৰতিটো অনুচ্ছেদত একোটা নিদ্দিষ্ট বিষয়বস্তু সোমাই থাকে। আমি চেষ্টা কৰিব লাগে, সেই মূল বিষয়বস্তুটো উলিয়াবৰ বাবে। কাৰণ, ই আমাক উত্তৰটো মুখস্থ কৰাত আৰু এখোজ আগবঢ়াই নিয়ে।

✏️ ৫। লিখি মূখস্থ কৰা।

     আখৰ ধুনীয়া কৰিবৰ‌ বাবে আমাক বাৰম্বাৰ লিখিবলৈ কোৱা হয়। কাৰণ বাৰম্বাৰ লিখিলেহে, আখৰৰ স্বৰূপ লেতেৰাৰ পৰা ভাললৈ গতি কৰে। ঠিক তেনেদৰে বাৰম্বাৰ লিখিলে, দীঘলীয়া উত্তৰটোও মুখস্থ হয় সহজে। বানানবোৰ হৈ পৰে শুদ্ধ। কোনটো শাৰীৰ পিছত কি আছে, তাৰো এক ধাৰণা আমাৰ মগজুৱে লাভ কৰে। সেয়েহে,  আমি লিখি লিখি মুখস্থ কৰিব লাগে।

✏️ ৬। অধ্যৱসায় কৰা।

     যত্ন কৰিলে ৰত্ন পায় - এই সোণসেৰীয়া কথাষাৰি সদায়ে প্ৰভাৱশালী। সফলতা আহে কঠিন পৰিশ্ৰমৰ ফলত। এবাৰ নোৱাৰিলে এশবাৰে কৰা। কিন্তু পৰাজয় স্বীকাৰ নকৰিবা। প্ৰথম অৱস্থাত যাত্ৰা কষ্টকৰ হ'ব পাৰে। কোৱা হয় - যাত্ৰাৰ আৰম্ভণি সদায়ে এটা সৰু খোজেৰেই হয়। সাহসেৰে আৰম্ভ কৰা তোমাৰেই জয় হ'ব।

Post a Comment

2 Comments

  1. sir ai webside tor para bahut katha janiba pari.

    ReplyDelete
  2. ধন্যবাদ তোমাৰ সঁহাৰি মূলক মন্তব্যৰ বাবে। এনেধৰণৰ গঠনমূলক কথাবোৰে আমাক আৰু উদ্যমেৰে কাম কৰি যোৱাৰ প্ৰেৰণা যোগায়।

    ReplyDelete

Send Your Questions And Queries Here